মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে গঢ়ি তুলিব খোজা ক্ৰীড়াৰ ৰাজধানীৰ নমুনা দেখি সমগ্ৰ বিশ্ব আচৰিত হৈ পৰিছে। অসম ক্ৰিকেট সন্থাৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা তথা অকৰ্মণ্যতাৰ ৰ বাবে সমগ্ৰ বিশ্বৰ ওচৰত লজ্জানত হ’ল অসম।
দেওবাৰে অৰ্থাৎ ৫ জানুৱাৰিত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আছিল ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ প্ৰথমখন খেল। কিন্তু দেওবাৰে খেলখন আৰম্ভ হোৱাৰ পূৰ্বে কিছু সময় ধাৰাষাৰ বৰষুণ হয়। বৰষুণৰ ফলত খেলপথাৰখন পানীৰে ভৰি পৰাৰ লগতে বলিং আৰু বেটিঙৰ বাবে ফিল্ডখন সেমেকি গৈছিল।
ইফালে দুয়োটা দলে T-20 শৃংখলাৰ প্ৰথমখন খেল যিকোনো প্ৰকাৰে হোৱাটো বিচাৰিছিল। গতিকে প্ৰায় ৮ মান বজাত বৰষুণ এৰাৰ পিছতে বি চি আইৰ বিষয়াই ফিল্ডখন খেলাৰ বাবে উপোযগী হ’ব নে নহয় তাক পৰীক্ষা কৰিবলৈ লয়। আৰু সেই সময়তে অসমক ক্ৰিকেট সন্থাই খেলপথাৰ শুকুৱাবলৈ ব্যৱহাৰ কৰা সামগ্ৰীয়ে সমগ্ৰ বিশ্বক আচৰিত কৰি তোলে।
অসমক লজ্জানত কৰি অসম ক্ৰিকেট সন্থাই ফিল্ড শুকুৱাবলৈ আনিলে হেয়াৰ ড্ৰায়াৰ, ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি। আনকি এই দৃশ্য দেখি বাকৰুদ্ধ হৈ পৰিল টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু শিখৰ ধাৱন।
এই দৃশ্য বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰছে। বিভিন্নজনে ছচিয়েল মিডিয়াৰ জৰিয়তে ইয়াৰ ক্ষোভ উজাৰিছে। ছচিয়েল মিডিয়াত এজন ক্ৰিকেট অনুৰাগীয়ে কয়, “পাকিস্তানত PSLৰ এখন খেলত হেলিকপ্টাৰে ফিল্ড শুকুৱাইছিল, আমাৰ অসমত আকৌ ক’লা পতাকাৰ পৰা বাছিবলেহে হেলিকপ্টাৰ ব্যৱহাৰ কৰে।”
অসম ক্ৰিকেট সন্থাৰ কাণ্ড দেখি আম্পায়াৰ, মেচ ৰেফাৰীও আচৰিত হৈ ৰ’ল। অৱশেষত ফিল্ডখন খেল খেলাৰ বাবে উপযোগী হৈ নুঠাত তথা অসম ক্ৰিকেট সন্থাৰ নিৰ্লজ্জ কাণ্ডৰ বাবে ভাৰত-শ্ৰীলংকাৰ T-20 শৃংখলাৰ প্ৰথমখন খেল বাতিল কৰিব লগীয়া হয়।
সোণোৱাল চৰকাৰে গঢ়ি তুলিব খোজা ক্ৰীড়াৰ ৰাজধানী গুৱাহাটীয়ে মাত্ৰ এজাক কিছু সময়ৰ বাবে অহা বৰষুণৰ পৰা বচাব নোৱাৰিলে খেলপথাৰখন। বহু ক্ৰিকেট অনুৰাগীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালক প্ৰশ্ন কৰিছে, “এয়াই নেকি ক্ৰীড়াৰ ৰাজধানী গুৱাহাটীৰ নমুনা, ESPN, CRICBUZZ এ আমাক হাঁহিছে।”