• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰফুল্ল মহন্তক সোমাবলৈ দিয়া নহ’ল অগপৰ মুখ্য কাৰ্যালয়ত; অতুল বৰা হটাও দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 7, 2020 3:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধন) আইনকলৈ দুভাগত বিভক্ত হোৱা ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপত আজি স্পষ্ট বিভাজন দেখা গ’ল।

আজি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত একাংশ তৃণমূল কৰ্মীৰ সৈতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ‘কা’ সম্পৰ্কত এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল যদিও লক্ষণীয়ভাৱে তেওঁলোকে তাত বৈঠক অনুষ্ঠিত কৰিবলৈ নোৱাৰিলে।

মহন্তসহ দলীয় কৰ্মীসকল মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত কাৰ্যালয়টোৰ তিনিওখন গেটত ভিতৰফালৰ পৰা তলাই লগাই বন্ধ কৰি থোৱা আছিল। যাৰ ফলত অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা ভৱনত তেওঁলোকে উক্ত বৈঠক অনুষ্ঠিত কৰিবলগীয়া হয়।

নিজৰে কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰকে ধৰি তিনিখন গেটত তলা দেখি উভতি যাবলগীয়া হোৱা অগপৰ একাংশ ক্ষুব্ধ তৃণমুল কৰ্মীৰ মতে দলটোৰ সভাপতি অতুল বৰাই এই ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে।

উল্লেখযোগ্য যে মুখ্য কাৰ্যালয়ৰ বাহিৰত নিৰাপত্তাৰক্ষী মোটায়েন কৰা আছে, আনহাতে কাৰ্যালয়ত আজি অতুল বৰা শিবিৰৰো বৈঠক অনুষ্ঠিত হোৱাৰ কথা।

বৰ্তমান লক্ষ্মীৰাম বৰুৱা ভৱনত চলি থকা বৈঠকত প্ৰফুল্ল মহন্তৰ উপৰি উপস্থিত আছে অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন তথা তেজপুৰৰ বিধায়ক গোস্বামী, পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকা।

দলটোৰ মুঠ ৩০খন জিলা কমিটি আৰু ৪খন ভাতৃ পৰিষদৰ কাৰ্যকৰ্তা উপস্থিত থকা বৈঠকত ক্ষুব্ধ কৰ্মীসকলে অগপৰ বৰ্তমানৰ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰাৰ উপৰি সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু অন্য নেতৃত্বৰ বহিস্কাৰৰ দাবী তোলে।

উত্তেজনামূলক সভাৰ মাজতে এগৰাকী তৃণমূল কৰ্মীয়ে “অগপ অতুল বৰা, কেশৱ মহন্ত আৰু ফণী ভূষণৰ বাপেকৰ সম্পত্তি নহয়” বুলি কৈ ক্ষোভ উজাৰে। বাতৰি লিখা সময়ত বৈঠক চলি আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd