কানাডাত হত্যাৰ বলি আৰু এজন ভাৰতীয় ছাত্ৰ। টৰন্টো বিশ্ববিদ্যালয়ৰ স্কাৰবাৰ’ কেম্পাছৰ ওচৰত দুষ্কৃতিকাৰীয়ে তেওঁক গুলীয়াই হত্যা কৰে। তেওঁৰ থিতাতে মৃত্যু হয়। টৰন্টো আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শিৱাংকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
টৰন্টো আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মৃত ভাৰতীয় ছাত্ৰজনৰ নাম শিৱাংক অৱস্থি (২০)। টৰন্টো বিশ্ববিদ্যালয়ত পি এইচ ডি কৰি আছিল। বৃহস্পতিবাৰে স্কাৰবাৰ’ কেম্পাছৰ সন্মুখত খোজ কাঢ়ি গৈ থাকোঁতে কেইজনমান দুষ্কৃতিকাৰীয়ে তেওঁক ঘেৰি ধৰে। তেওঁ কিবা বুজি পোৱাৰ আগতেই এজনে গুলীচালনা কৰে। শিৱাংক ৰক্তাক্ত অৱস্থাত ঢলি পৰে। থিতাতে তেওঁৰ মৃত্যু হয়।
শিৱাংকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। টৰন্টোৰ কনছুলেট জেনেৰেলে এক্স হেণ্ডেলত পোষ্ট কৰি মৃত ছাত্ৰজনৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ আশ্বাস দিছে।
তেওঁ লিখিছে, “টৰন্টো বিশ্ববিদ্যালয়ৰ স্কাৰবাৰ’ কেম্পাছৰ সমীপত গুলীবিদ্ধ হোৱা ভাৰতীয় ছাত্ৰ শিৱাংক অৱস্থিৰ মৃত্যুত আমি স্তম্ভিত হৈছো। এই কঠিন সময়ত কনছুলেট মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে। স্থানীয় প্ৰশাসনৰ সৈতে হাত মিলাই সকলো সম্ভাৱ্য সহায় আগবঢ়োৱা হৈছে।”
যোৱা সপ্তাহত টৰন্টোত হিমাংশী খুৰানা নামৰ এগৰাকী যুৱতীক হত্যা কৰা হৈছিল। তেওঁ কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ আছিল। অৱশেষত আৰক্ষীয়ে ৱেলিংটন ষ্ট্ৰীট ৱেষ্ট অঞ্চলৰ এটা ঘৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাত আব্দুল গাফুৰী নামৰ এজন যুৱকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। সেই ঘটনাৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পূৰ্বেই বিশ্ববিদ্যালয়ৰ সন্মুখত আন এজন ভাৰতীয় ছাত্ৰক হত্যাৰ ঘটনা ঘটিল।




