চিকিৎসকৰ নিৰন্তৰ প্ৰচেষ্টা, অজস্ৰ গুণমুগ্ধৰ প্ৰাৰ্থনা,মৰম আৰু আৰ্শীবাদক নিষ্ফল কৰি সকলোকে শোকস্তব্ধ কৰি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণমানি অংকিত বৰাই।
বৃক্কৰ এক জটিল ৰোগত আক্ৰান্ত হোৱা অংকিত যোৱা তিনিদিন ধৰি গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ৰ আই চি য়ুৰ কক্ষত মৃত্যুৰ সৈতে যুঁজি আছিল। কিন্তু যোৱা ৩০ ডিচেম্বৰৰ নিশা ডেৰমান বজাত চিকিৎসাধীন অৱস্থাত উক্ত চিকিৎসালয়খনতে মৃত্যুক সাৱটি লয় অংকিতে।
কণমানি অংকিতৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে জন্ম গাঁও ঢুলীয়াপাৰকে ধৰি সমগ্ৰ শিৱসাগৰ জিলা। শিৱসাগৰ চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠমান শ্ৰেণীত অধ্যয়নৰত মেধাৱী, অতি মৰমিয়াল, নম্ৰ, সদা হাস্যমুখী ছাত্ৰজনক সুস্থ কৰি তোলাৰ বাবে অজস্ৰজনে সহায়ৰ হাত আগবঢ়াইছিল।
ঢুলীয়াপাৰ গাওঁৰ নিবাসী নীলোৎপল (লাটু) বৰা আৰু অনুপমা (মুনু) বৰাৰ কনিষ্ঠ পুত্ৰ অংকিত বৰাই প্ৰায় ডেৰমাহৰ পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ লগতে উক্ত চিকিৎসালয়খনৰ চিকিৎসকে অংকিত বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে।
কিছুদিন চিকিৎসালয়খনত চিকিৎসা কৰোৱাৰ পাছত অলপ সুস্থ হোৱাত পৰিয়ালৰ লোকে ঘৰলৈ আনে যদিও পুনৰ অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰাইছিল। কিন্তু তিনিটাকৈ দিন চিকিৎসালয়খনৰ আই চি য়ুৰ কক্ষত মৃত্যুৰ সৈতে যুঁজি অৱশেষত কালি নিশা প্ৰায় ডেৰ বজাত সকলোকে কন্দুৱাই অজান দেশলৈ গুচি যায়।
অন্যহাতে আজি ছাত্ৰজনৰ মৃতদেহ গুৱাহাটীপৰা সন্ধ্যা ঘৰ আহি পোৱাৰ পাছতে অজস্ব গুনমুগ্ধই শেষ শ্ৰদ্ধাঞ্জঁলী জ্ঞাপন কৰে। নিচেই কম বয়সতে সুন্দৰ অভিনয়ৰে সকলোৰে মন আকৰ্ষণ কৰা কণমানী ছাত্ৰজনৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। কণমানি ছাত্ৰজনে মৃত্যুৰ সময়ত পিতৃমাতৃৰ লগতে এজন ককায়েকৰ উপৰি অজস্ব গুনমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।