• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উপযুক্ত চিকিৎসাসেৱা নাই মাজুলীত : যোৰহাটলৈ ৰেফাৰ কৰাত আদবাটতে মৃত্যু প্ৰৱক্তাৰ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , August 17, 2018 4:44 pm

2 min read

WhatsApp Image 2018-08-17 at 1.58.05 AM
104
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ অন্তৰ্গত পাথৰিচুক গাঁৱত পুনৰ ঘটিল অঘটন। লখিমপুৰ জিলাৰ লোহিত-খাবলু পঞ্চায়তৰ অন্তৰ্গত ৩০খন গাঁৱৰ লোকে ভুগি অহা যন্ত্ৰণাৰ যেন কোনোদিন উপশম নঘটিব।  জৰাজীৰ্ণ বাট-পথ, দুৰ্গম পৰিবহণ ব্যৱস্থাৰ বাবে আজিও এজন ৰোগীক মুমূৰ্ষু অৱস্থাত ঠেলাত আনিব লগা হ’ল মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়লৈ। ৰোগীজন হৈছে  হৃদৰোগত আক্ৰান্ত গড়মূৰ পীতাম্বৰ দেৱ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰৱক্তা সুশীল পায়েং।

হৃদৰোগত গুৰুতৰভাৱে আক্ৰান্ত হোৱা পায়েঙক তাৎক্ষণিকভাৱে উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছিল যদিও চিকিৎসাৰ অভাৱ আৰু  যাতায়াতৰ দুৰৱস্থাৰ বাবে গড়মূৰ চিকিৎসালয়লৈ ঠেলাতেই আনিব লগা হয় সুশীল পায়েঙক।  কিন্তু উন্নত চিকিৎসা তথা চিকিৎসকৰ অভাৱৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই গুৰুতৰভাৱে অসুস্থ প্ৰৱক্তা পায়েঙক যোৰহাটলৈ প্ৰেৰণ কৰে।

উল্লেখ্য, মাজুলী জিলাৰ দুই লাখ লোকৰ বিপৰীতে থকা গড়মূৰৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়খনত বৰ্তমান চিকিৎসকৰ অভাৱৰ লগতে ন্যূনতম চিকিৎসা সুবিধাও পাবলৈ নাই । ১০০খন বিছনাযুক্ত চিকিৎসালয়খনত চিকিৎসকৰ অভাৱৰ বাবে বছৰৰ পিছত বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে জিলাখনৰ লোকসকলে। আজিও অনুৰূপ ঘটনাই ঘটিল । পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত  পায়েঙক  চিকিৎসা সেৱা প্ৰদান কৰিবলৈ নাছিল এগৰাকীও বিশেষজ্ঞ চিকিৎসক। পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়খনৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা অৰ্থনীতি বিভাগৰ প্ৰৱক্তাগৰাকীক যোৰহাটলৈ আনি থাকোঁতেই বাটতেই তেওঁৰ  মৃত্যু ঘটে ।

মাজুলীত সংঘটিত এই হৃদয় বিদাৰক ঘটনাই প্ৰতিজন লোককে মৰ্মাহত কৰি তুলিছে।

উল্লেখযোগ্য যে যোৱা দুদিনমানৰ আগত এগৰাকী প্ৰসূতিক দাংকোলা কৰি আৰু ঠেলাত তুলি চিকিৎস্যালয়লৈ কঢ়িয়াই আনিব লগীয়া হৈছিল। সেই দৃশ্য এতিয়াও সকলোৰে মনত সজীৱ হৈ আছে।

একেদৰেই আজি সুশীল পায়েঙৰ মৃত্যুৰ পিছতো দুখন কৈ জৰাজীৰ্ণ দলং আৰু দুটাকৈ ঘাট পাৰ কৰি মৃতদেহ ঘৰলৈ নিয়াৰ সকৰুণ দৃশ্যই সকলোৰে হৃদয় কঁপাই তুলিছে।

Recent News

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

Organ-doner

মৃত্যুৰ পিছতো আন পাঁচজনৰ মুখত হাঁহি বিৰিঙাই গ’ল দেশৰ সৰ্বকনিষ্ঠ অংগদাতা ধনিষ্ঠাই

অগ্নিত ভস্ম হ’ল বাংলাদেশৰ ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰৰ ৫০০-ৰ অধিক বাসগৃহ

অগ্নিত ভস্ম হ’ল বাংলাদেশৰ ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰৰ ৫০০-ৰ অধিক বাসগৃহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd