NORTHEAST NOW (Assamese)

কলিয়াবৰৰ আমবাগানত কাজিৰঙাৰ পৰা ওলাই অহা পহু উদ্ধাৰ; স্থানীয় ৰাইজে গতালে বনবিভাগক

July 28, 2019 8:41 am · ৰিদিপ শৰ্মা

কলিয়াবৰৰ আমবাগানৰ অমৰাতলিত স্থানীয় ৰাইজে শনিবাৰে বিয়লি এটা পহু উদ্ধাৰ কৰে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পহুটো আহি কলিয়াবৰত ওলোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা বানপানীত উটি আহি দিশহাৰা হৈ পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গতি কৰোতে পথভ্ৰষ্টহৈ জনাঞ্চলসমূহত প্ৰৱেশ কৰিছে।

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা বানপানীৰ পহুকে ধৰি বনৰীয়া গাহৰি উটি আহি জনাঞ্চলত প্ৰৱেশ কৰাত বিভিন্ন স্থানত বনৰীয়া গাহৰিয়ে স্থানীয় ৰাইজক আক্ৰমণ কৰাও পৰিলক্ষিত হৈছে।

ইফালে শনিবাৰে কলিয়াবৰৰ আমবাগানৰ অমৰাতলিত উদ্ধাৰ হোৱা পহুটোক স্থানীয় সচেতন ৰাইজে উদ্ধাৰ কৰি বনবিভাগক হস্তান্তৰ কৰে।

প্ৰকৃতিপ্ৰেমী ৰাইজে তথা সচেতন লোকে স্থানীয় ৰাইজৰ এই কামৰ শলাগ লয়।

Related News