• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ ‘আস্থা আৰু বিশ্বাস’ত ভৰসা কৰিব নোৱাৰা হৈছো : আক্ৰাছু

ৰাজ্যসভাত জনজাতিকৰণৰ বিলখন গৃহীত নকৰিলে ৬ জনগোষ্ঠীয়ে উচিত প্ৰত্যুত্তৰ দিব বিজেপিক : গোকুল বৰ্মন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 28, 2019 10:03 pm
Koch Rajbangshi delegation meet CM

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাতৰ সময়ত কোচ ৰাজবংশীসকলৰ ১৪টা সংগঠনৰ প্ৰতিনিধি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচ ৰাজবংশীসকলৰ ১৪টা সংগঠনৰ প্ৰতিনিধিৰ এটা গোটে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্বন্ধীয় তথা বিভিন্ন বিষয় সামৰি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

আলোচনাকালত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰতি ‘আস্থা আৰু বিশ্বাস’ ৰাখিবৰ বাবে অনুৰোধ জনাই যদিও মুখ্য মন্ত্ৰীৰ সেই পুৰণি মন্তব্যক কোচ ৰাজবংশীৰ প্ৰতিনিধিয়ে পোনচাতেই নাকচ কৰা বুলি জানিব পৰা যায়। নৰ্থ ইষ্ট নাওৰ আগত এই কথা জনায় কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে।

Apply Now

‘মুখ্য মন্ত্ৰীয়ে আমাক আস্থা আৰু বিশ্বাসত ল’বলৈ দিছে। তেওঁক স্পষ্ট কৰি দিয়া হৈছে যে আস্থা আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰা হৈছো’। আলোচনাকালত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইদৰে কোৱা বুলি জানিবলৈ দিয়ে আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

আনহাতে শাসনলৈ অহাৰ পাছৰে পৰা মুখ্য মন্ত্ৰী সোণোৱালে কৈ অহা ‘আস্থা আৰু বিশ্বাস’ এতিয়া বাস্তৱক্ষেত্ৰত কাৰ্যকৰী কৰিব লাগে বুলিও ছাত্ৰ নেতাজনে মুখ্য মন্ত্ৰীক দাবী জনায়।

ইপিনে, শাসনৰ গাদীলৈ অহাৰ পৰা কোচ ৰাজবংশীসকলক কেৱল প্ৰতিশ্ৰুতিৰেই আভুৱা ভাঁৰি অহা বুলি দাবী কৰি বৰ্মনে কয় ‘২০১৪ চনৰ পৰা ৫ বছৰ অপেক্ষা কৰিলো। বিজেপিৰ বাবে এয়াই শেষ সুযোগ।‘

‘যদি বিজেপিয়ে এই সুযোগ গ্ৰহণ কৰি ৰাজ্যসভাত জনজাতিকৰণৰ বিলখন পাছ নকৰে, তেন্তে ৬ জনগোষ্ঠীৰ ফালৰ পৰা বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব।‘ এই হুংকাৰ গোকুল বৰ্মণৰ।

আনহাতে, আগন্তুক ৰাজ্যসভাৰ বাজেট অধিবেশনত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিলখন গৃহীত কৰি পূৰ্ণ পৰ্য্যায়ৰ জনজাতিকৰণ প্ৰদান কৰিবৰ বাবেও আলোচনাকালত কোচ ৰাজবংশীসকলে দাবী জনায়।

‘ৰাজ্য সভাৰ সদন স্থায়ী যদিও লোকসভাৰ নিৰ্বাচনলৈ আৰু বেছি দিন নাই। এতিয়া বিলখন পাছ কৰি তাৰ পাছত ৰৈ যোৱা আঁসোৱাহসমূহ কেন্দ্ৰীয় চৰকাৰে শুধৰাব পাৰিব’। এইদৰে আমাৰ সাংবাদিকৰ আগত কয় বৰ্মনে।

অৱশ্যে, আক্ৰাছুৰ নেতৃত্বই উত্থাপন কৰা বিষয়ৰ ওপৰত মত ব্যক্ত কৰি মুখ্য মন্ত্ৰী সোণোৱালে চৰকাৰৰ সিদ্ধান্তক ইতিবাচক দৃষ্টিভংগীৰে চাবৰ বাবে আহ্বান জনায়।

আজিৰ এই আলোচনা চক্ৰত চৰকাৰৰ ফালৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শক্তি বিভাগৰ মন্ত্ৰী তপন গগৈ, বিধায়ক ৰঞ্জিত দাস, অশ্বিনী ৰায়, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ চৌধুৰীকে ধৰি অন্য বহুকেইজন বিষয়া উপস্থিত থাকে। লগতে কোচ ৰাজবংশী সন্মিলনৰ তৰফৰ পৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন, কোচ ৰাজবংশী সন্মিলনৰ কাৰ্য্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ দেৱ, বিশ্বজিৎ ৰায়কে ধৰি অন্য বহুকেইগৰাকী নেতৃত্ব উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd