হাজোৰ দক্ষিণ বৰ্ণিত এটা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ঘটিছে। এই অগ্নিকাণ্ডৰ পিছতে বৰ্ণি অঞ্চলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।
জুইৰ লেলিহান শিখাই নিমিষতে এটা বাসগৃহ ছাৰখাৰ কৰে।
দক্ষিণ বৰ্ণিৰ খাইৰুল ইছলাম নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত আজি হঠাতে এই অগ্নিকাণ্ডৰ ঘটনা ঘটে।
নিমিষতে দপদপকৈ জ্বলি উঠা জুইত দুটি টিনপাতৰ ঘৰৰ লগতে নগদ ৮০ হেজাৰ টকা, আ-অলংকাৰ, ধান, সৰিয়হ,মটৰ চাইকেলসহ প্ৰায় দহ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।
লগতে পঢ়ক: ইউক্ৰেইন আক্ৰমণৰ দ্বাৰা উৎসাহিত হৈ টাইৱানত আক্ৰমণ চলাব চীনে: ডোনাল্ড ট্ৰাম্প
স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও অগ্নিনিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয়।
কিন্তু দুৰ্ভাগ্যজনকভাৱে ইতিমধ্যে বাসগৃহটোৰ সকলো সামগ্ৰী জুইত জাহ যায়।