NORTHEAST NOW (Assamese)

ৰজাদিনীয়া গম্বুজ উদ্ধাৰক লৈ টীয়কৰ জাঁজীমুখত কৌতুহল

November 20, 2020 12:20 pm · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত উদ্ধাৰ কৰা হৈছে ৰজাদিনীয়া গম্বুজ।

১৮ নৱেম্বৰৰ নিশা অহা প্ৰৱল ধুমুহাত জাঁজীমুখৰ এখন পথাৰৰ মাজত থকা বৃহৎ আকাৰৰ এজোপা জৰি গছ ভাগি পৰিছিল।

এই ভাগি পৰা গছজোপাৰ ভিতৰত এটি ৰজাদিনীয়া গম্বুজ উদ্ধাৰ হয়।

চেপেটা ইটাৰে নিৰ্মাণ কৰা গম্বুজটো আহোম ৰজাদিনীয়া বুলি ৰাইজে মতপোষণ কৰিছে।

স্বৰ্গদেউ চুচেংফাই হিন্দু নাম গ্ৰহণ কৰি প্ৰতাপ সিংহ নামেৰে জনাজাত হৈছিল। এই প্ৰতাপ সিংহই নেঘেৰিটিং মন্দিৰৰ পৰা নিৰ্মালি বৰআলিৰে গড়গাঁৱলৈ নিছিল। এই বৰ আলিতে আছিল কেইবাটাও গম্বুজ।

ইয়াৰে বামুণপুখুৰীৰ অঞ্চলৰ চিন্তামণি গড়ত থকা গম্বুজটো আজিও অক্ষত অৱস্থাত আছে।

জাঁজীমুখত উদ্ধাৰ হোৱা এই গম্বুজটো কালক্ৰমত জৰিগছ জোপাই মেৰিয়াই ধৰাত লোকচক্ষুৰ পৰা হেৰাই গৈছিল।

এতিয়া এই ঘটনাটোৱে কৌতুহলৰ সৃষ্টি কৰিছে জাঁজীমুখত l

Related News