নগাঁও আৰক্ষী নিৱেশৰ চৰকাৰী আবাসগৃহত ১৩ অক্টোবৰৰ নিশা আৰক্ষীৰ মাজত হোৱা এক মাৰপিটৰ ঘটনাই অসম আৰক্ষীক লজ্জানত কৰিছে।
১৩ অক্টোবৰৰ নিশা সংঘটিত এই মাৰপিটৰ ঘটনাত এগৰাকী আৰক্ষীৰ উপ-পৰিদৰ্শকসহ দুজন আৰক্ষীৰ লোক গুৰুতৰভাবে আহত হৈছে।
প্ৰাপ্ত তথ্য মতে নগাঁও আৰক্ষী নিৱেশৰ চৰকাৰী আবাসগৃহৰ আবাসী কনিষ্টবল বিশ্বজিৎ ডেকা আৰু তেওঁৰ পুত্ৰ প্ৰকাশ্য ডেকাই শনিবাৰে নিশা অত্যধিক মদ্যপান কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত অতিষ্ঠ হৈ পৰা স্থানীয় লোকে ঘটনা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকক অৱগত কৰে।
পিছত আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে নগাঁও নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰাজ মোহন ডেকা আৰু দীপনাৰায়ন গিৰিয়ে ঘটনাৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হোৱা মাত্ৰেই সুৰাৰ ৰাগিত মতাল আৰক্ষী কনিষ্টবল বিশ্বজিৎ ডেকাই আৰু তেওঁৰ পুত্ৰই তেওঁলোকক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।
ইমানতে ক্ষান্ত নাথাকি আৰক্ষী কনিষ্ঠ আৰু তেওঁৰ পুত্ৰই মিলি উপ-পৰিদৰ্শক বিৰাজ মোহন ডেকা আৰু দীপনাৰায়ণ গিৰিক বিছনাৰ খুটাত বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি দুয়োকে গুৰুতৰভাবে আহত কৰে।
পিছত স্থানীয় ৰাইজে আৰক্ষীৰ উপ পৰিদৰ্শক বিজয় মোহন আৰু কনিষ্টবল গিৰি দুয়োকে আন আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে নগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৩৪২, ৩৫৩, ৩৩২, ৩৩৩, ৩০৭, ৩৯৪আৰু ৩৪ ধাৰাৰ অধীনত ২৪৮২/১৮ নম্বৰত এক গোচৰ ৰুজু কৰি সুৰামত্ত আৰক্ষী কনিষ্টবল বিশ্বজিৎ আৰু পুত্ৰ প্ৰকাশ্য ডেকাক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।