• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাহৰি-ব্ৰইলাৰ ফাৰ্ম খোলাৰ অপৰাধত শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কৃত এটা পৰিয়াল!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2019 7:33 pm
Indrajeet Nath
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১২ মে’ৰ দিনা বিশ্বনাথ জিলা শংকৰদেৱ সংঘৰ অফৰাখাট প্ৰাথমিকৰ এজন সদস্যক ‘গাহৰি ফাৰ্ম’ খোলাৰ অপৰাধত ছয়দুৱাৰ আঞ্চলিক শাখাৰ প্ৰাথমিকৰ পৰাই বহিস্কাৰ কৰা হয়। প্ৰাথমিকৰ অন্তৰ্গত বলেন্দ্ৰ নাথ নামৰ লোকজনক এখন পত্ৰযোগে বহিস্কাৰ কৰে প্ৰাথমিকৰ সভাপতি অপূৰ্ব বাৰিক আৰু সম্পাদক খনিন্দ্ৰ কাকতিয়ে।

নাথলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ থকা অনুসৰি ‘মধ্য ছয়দুৱাৰ আঞ্চলিক শাখাই যোৱা ৩০/০৩/২০১৯ তাৰিখে কাৰ্য্য নিৰ্বাহকে লোৱা প্ৰস্তাৱ মৰ্মে যিসকল বাপ, আইয়ে মুৰ্গী আৰু ব্ৰইলাৰ ফাৰ্ম খুলিছে তেওঁলোকক প্ৰাথমিকৰ পৰা বিৰত ৰাখিব লাগে। সেয়েহে আমি আঞ্চলিকৰ নিৰ্দেশ মৰ্মে আপোনাসৱে গাহৰি আৰু ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবে আপোনাৰ পৰিয়ালটিক প্ৰাথমিকৰ পৰা বিৰত ৰাখিবলৈ যোৱা ১২ মে’ৰ দিনা প্ৰাথমিকৰ কাৰ্য্যনিৰ্বাহকত সিদ্ধান্ত লোৱা হৈছে।‘

Apply Now
60416000_1201928559980254_7759522409283059712_o
বিতৰ্কৰ সৃষ্টি কৰা পত্ৰখন

অফৰাখাট প্ৰাথমিকে লোৱা এই সিদ্ধান্তৰ পাছতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বলেন্দ্ৰ নাথৰ পৰিয়ালৰ সদস্য ইন্দ্ৰজিত নাথে আপল’ড কৰে বহিস্কাৰ কৰা পত্ৰখন। পত্ৰখনৰ সৈতে তেওঁ এইদৰে লিখে ‘’গাহৰি ফাৰ্মখন খুলিলো বাবে শংকৰদেৱে দায় ধৰিলে,,,,,আমাৰ পৰিয়াটোক ঘাটে পানীয়ে নিষেধ কৰিলে,,,,,বাহ কি নিয়ম সমাজৰ? গাহৰি পুহিছো চুৰ,ডকাইত কৰা নাই,,,শংকৰদেৱে ইমান নীচ, ঠেক মানসিকতা দিছিল নে অসমীয়াক নে সংঘক দিছিল? আজি শংকৰ সংঘৰ নিয়ম বনোৱা দালালি কেইটাক মই চালাম দিলো,,,,কি কম? শব্দ বিচাৰি পোৱা নাই,,,’’

ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত তোলপাৰ লাগে এই বিষয়টোক লৈ। কিছু সংখ্যক ফেইচবুক ব্যৱহাৰকাৰীয়ে প্ৰাথমিকৰ সভাপতি-সম্পাদকৰ সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰে।

লিপিকা দেৱী নামৰ এগৰাকী যুৱতীয়ে নিজৰ ৱালত লিখে ‘’আধুনিক যুগত মানুহৰ চিন্তাধাৰা সলনি হ’ল, কিন্তু এই বাপ কেইজনৰ হে নহ’ল। পাতত চৰিলে ভাল,বাৰিত চৰিলে কাল।‘

ইয়াৰোপৰি, বশিষ্ঠ দেৱ ফুকন নামৰ আন এগৰাকী ফেইচবুক ব্যৱহাৰকাৰীয়ে লিখে ‘’কি চলিছে এইবোৰ ??? এইবোৰেই নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি-নিয়ম ? গাহৰি ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম খুলি স্বাৱলম্বী হ’ব বিচাৰিলেই অপৰাধ হয় ?? ১২-‍১৩ বছৰ ধৰি পক্ষাঘাতত আক্ৰান্ত ৰোগীয়ে আত্মহত্যা (যদিওবা ‘আত্মহত্যা’ এক অপৰাধ) কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে ৰোগীগৰাকীক মানসিক শক্তি দিয়াৰ পৰিৱৰ্তে আপোনালোকে সমাজৰ পৰা এঘৰীয়া কৰে। এয়াই চলি আছে নহয় ?’’

ফেইচবুক ব্যৱহাৰকাৰী ধীৰাজ শইকীয়াই লিখে, ‘’শংকৰ সংঘয়ে মোৰ এজন বন্ধুক, গাহৰি পোহাৰ বাবে লিখিতভাৱে এঘৰীয়া কৰিলে সমাজৰ পৰা….এতিয়া প্ৰশ্নটো হ’ল শংকৰদেৱে ক’ত আৰু কেতিয়া কিমান তাৰিখত গাহৰি পোহা আৰু খোৱাৰ মানা কৰি গৈছে শংকৰ সংঘয়ে লিখিতভাৱে সেই বন্ধুজনক দিব লাগে। ধন্যবাদ।’’

আনহাতে, এই সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰি সংঘৰ এগৰাকী নিষ্ঠাৱান ভকতে নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’মই জীৱিকাৰ বাবে আনৰ ক্ষতি নোহোৱাকৈ কি কাম কৰো, সেয়া মোৰ ব্যক্তিগত কথা। তাত মোৰ স্বাধীনতা আছে। মই যদিও শংকৰদেৱ সংঘৰ সংগী গুৰুজনাৰ আদৰ্শ মানি চলো আৰু ভৱিষ্যতেও চলিম। মোক বা আন কোনো সংগীক জীৱিকাৰ ক্ষেত্ৰত সংঘই হেঁচা প্ৰয়োগ কৰা কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।‘’

ইপিনে, এই ঘটনাৰ বিষয়ে শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ ‘অৱগত নহয়’ বুলি আমাৰ সাংবাদিকক কয়। ইয়াৰোপৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো লোকে ‘গাহৰি পুহিব নোৱাৰে’ বুলিও তেওঁ মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd