আপুনি বাৰু ভাবিছে নেকি বন্ধন বেংকৰ পৰা ঋণ লোৱাৰ কথা। লোৱাৰ আগতে ভাবি চাওক বহুবাৰ। কিয়নো ৰাজ্যত এতিয়া বন্ধন বেংকৰ সন্ত্ৰাস চলিছে।
উচ্চ হাৰৰ সুতত ঋণ লৈ সময়মতে ঘূৰাব নোৱাৰি ঘৰৰ সম্পদকে ধৰি ঘৰ, মাটি ভেটি হেৰুৱাইছে বহু পৰিয়ালে। বহু ব্যক্তিয়ে আত্মহত্যা কৰাৰ ঘটনাও সংঘটিত হৈছে ৰাজ্যত।
বন্ধন বেংকৰ ঋণ লৈ নাজিৰাৰ এটা পৰিয়াল সাৰ্বস্বান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ নাজিৰাৰ মাদুৰি মলা গাঁৱৰ নিবাসী দীপামনি গগৈ আৰু স্বামী জয়ন্ত গগৈয়ে বন্ধন বেঙ্কৰ পৰা ঋণ গ্ৰহণ কৰিছিল ৷
কিছু দিন ঋণৰ কিস্তি দিয়াৰ পাছত আর্থিক অনাটনৰ বাবে তেওঁলোকে ঋণৰ কিস্তি সময়ত ঘূৰাই দিব পৰা নাছিল। যাৰ বাবে ঘৰৰ পৰা ওলাই গৈ অন্য ঠাইত দিন হাজিৰা কৰিবলগীয়া হয় স্বামী-স্ত্ৰী দুয়োগৰাকীয়ে৷
ৰজনীগন্ধা নামৰ সপ্তাহিক বন্ধন গোটৰ সদস্যা সকলে মহিলাগৰাকীলৈ কেইটামান সপ্তাহৰ পইছা যোগাৰ কৰি দিছিল যদিও পৰবৰ্তী সময়ত গোটৰ সদস্যাসকলে মহিলা গৰাকীৰ ঋণৰ কিস্তি প্ৰদান কৰাত অপৰাগ হয়।
অৱশেষত বন্ধন বেংকৰ মেনেজাৰৰ নিৰ্দেশত গোটৰ মহিলা সকলে জয়ন্ত গগৈৰ ঘৰৰ পৰা সকলো আচবাব, ঘৰৰ টিনপাট খুলি লৈ যায়।
অতি পৰিতাপৰ কথা যে দীপামনিৰ এজনী ছোৱালী আজি কেইদিনমানৰ আগতে পুস্পিতা হৈছিল আৰু এজন পুত্ৰ এইবাৰ মেট্ৰিক পৰীক্ষাত অৱৰ্তীণ হ’ব।
উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে শিৱসাগৰত এটা জাতীয় সংগঠনৰ নেতৃত্বত ক্ষুদ্ৰ বিত্তীয় কোম্পানী আৰু ৰাইজৰ মাজত ঋণ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হৈছিল।
ইয়াতে ৰিজাৰ্ভ বেংকে কোনো বিত্তীয় প্ৰতিষ্ঠানক গ্ৰাহকৰ ঘৰৰ সমাগ্ৰী, মাটি-ভেটি বিক্ৰী কৰি ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ বাধ্য কৰোৱাৰ কোনো নিয়ম নাই বুলি জানিবলৈ দিয়ে যদিও বন্ধনৰ দৰে আন বহু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে ভয় ভাবুকি প্ৰদান কৰি ঘৰৰ বাচন-বৰ্তন, আচবাব, আ-অলংকাৰ, টিন পাত আদি বিক্ৰী কৰি ঋণৰ কিস্তি আদায় লোৱা ঘটনা সংঘটিত হৈ আছে।
ইয়াৰ ফলত এতিয়ালৈকে বহু লোক গৃহহীন হোৱাৰ লগতে বহুতে আত্মহত্যাও কৰাৰ বাতৰিও ওলাইছে।