• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী মহোদয়; আপুনি জনা বুজা মানুহ হৈ জনসাধাৰণক বিপদত কিয় পেলাইছে?

কোভিড শেষ নেকি? থিয়েটাৰ, নাটক চিনেমাহল বন্ধ কৰি ৰাজনৈতিক সভা কিয়?, পাণবজাৰ থানাত মন্ত্ৰী পিযুষৰ বিৰুদ্ধে এজাহাৰ দাখিল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 20, 2020 1:31 pm
597
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ সময়ত ‘আমাক বিহু নালাগে, পুজা নালাগে, বিদ্যালয়ো খুলিব নালাগে, ভ্ৰাম্যমাণ থিয়েটাৰ, নাটকো নালাগে, লাগে মাথো ৰাজনৈতিক সভা।‘ এই উদ্দেশ্যেই যেন এখনৰ পাছত আন এখন ৰাজনৈতিক সভাৰ আয়োজন কৰি গৈছে শাসক-বিৰোধী উভয় পক্ষই।

সমাগত বিটিছি নিৰ্বাচন। তামুলপুৰ গাইবাৰীৰ BJP ৰ নিৰ্বাচনী সভাৰ এক দৃশ্যই ভাবিবলৈ বাধ্য কৰাইছে য’ত উপস্থিত আছে স্বয়ং ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা।

স্বয়ং ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়েই মানি চলা নাই কোভিড প্ৰট’কল। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা। বহুসংখ্যক লোকৰ মুখতে নাই মাস্ক, নাই কোনো সামাজিক দূৰত্ব।

কিছুদিন পূৰ্বলৈ যদি চাওঁ, স্বয়ং সক্ৰিয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে সামাজিক দূৰত্ব মানি চলিবলৈ মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাইছিল।

কিন্তু সময় বাগৰি অহাৰ লগে লগে তেওঁ সকলো পাহৰি ‘তেওঁৰ নিজৰ পূৰ্বৰ কথাখিনিয়ে ‘নাজানো-নামানো-নুবুজো’ স্থিতিহে দেখিবলৈ পোৱা গ’ল।

যোৱা ১৮ মাৰ্চৰ দিনা অসম সচিবালয়ৰ সন্মুখত কুৰ্টা-পাইজামা লগাই মুখত এগালমান ধমক লৈ খঙত ৰুদ্ৰমুৰ্তি হৈছিল মন্ত্ৰী পিযুষ হাজৰিকা।

নিজৰ ফেচবুক লাইভ অন কৰি এফালৰ পৰা জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে গালিৰ বৰষুণৰ ঢল বোৱাই গৈছে। সেই সময়ত সচিবালয়ৰ সন্মুখত চৰকাৰী কাম কাজৰ বাবে ৰৈ আছিল প্ৰায় ১০০ গৰাকী লোক।

জনসাধাৰণক প্ৰশ্ন কৰি পিয়ুষে তেতিয়া কৈছিল ‘জনা বুজা মানুহ হৈ কিয় বিপদত পৰি আছে? ক’ৰ’নাৰ কথা গম পাই নে নাই? আপোনালোকে পঢ়া-শুনা কৰা মানুহ নহয় নেকি?’

মন্ত্ৰী মহোদয়, তামুলপুৰৰ এই বিশাল ৰাজনৈতিক সভা অনুষ্ঠিত কৰাৰ পাছত এতিয়া আমি আপোনাক সুধিছো ‘জনা বুজা মানুহ হৈ আপুনি কিয় জনসাধাৰণক বিপদত পেলাব বিচাৰিছে? আপুনি পঢ়া শুনা মানুহ নহয় নেকি? মন্ত্ৰী-বিধায়কৰ ক’ৰ’না নহয় নেকি?

তাৰ কিছুদিন পাছত ক’লা পোছাক পৰিধান কৰি হিৰ’ৰ ৰূপত ফাঁচিবজাৰত এন্ট্ৰি মন্ত্ৰী পিযুষৰ। মুখত এটাই ডাইলগ ‘ক’ত চ’ছিয়েল ডিচটেন্স? ফাঁচিবজাৰৰ সকলো ব্যৱসায়ীক এফালৰ পৰা দি গৈছিল ধমক। দুদিনৰ পাছত Sorry Fancy Bazar বুলি টুইটাৰযোগে আপলোড কৰিছিল মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, ১৮ মাৰ্চত এজনো ব্যক্তিয়ে কোভিডত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা নাছিল। লগতে ১০০ৰ ঘৰো অতিক্ৰম কৰা নাছিল কোভিদত আক্ৰান্ত লোকৰ সংখ্যা। এতিয়া ৰাজ্যত দৈনিক গড়ে ২০০০ ৰো অধিক লোক কোভিদত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক আকোৱালি লৈছে সৰ্বাধিক ২৩ গৰাকী লোকে।

মৃতকৰ সংখ্যাও এতিয়া ৬০০ৰ ঘৰত ভৰি দিওঁ দিওঁ অৱস্থা হৈছে।

কিন্তু তাৰ পাছতো ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ দৰে দায়িত্বত থাকিও পাহৰি কিয় ১০ সহস্ৰাধিক লোকৰ উপস্থিতিত তামুলপুৰৰ গাইবাৰী আৰু নাগ্ৰীজুলিত দুখনকৈ ৰাজনৈতিক সভা অনুষ্ঠিত কৰিলে?

কোভিডৰ ভয়াৱহ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনসমাগম ৰোধৰ বাবে ইতিমধ্যে বন্ধ ৰখা হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ, নাটক মঞ্চস্থ কৰা প্ৰেক্ষাগৃহ অথবা চিনেমা হ’ল।

উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ মন্ত্ৰী মহোদয়। আপুনি যদি কোভিড প্ৰট’কল ভংগ কৰি এনেদৰে বিশাল সমাৱেশ অনুষ্ঠিত কৰি থাকে, তেন্তে আপোনাৰ পৰা কি শিকিব সাধাৰণ ভোটাৰ ৰাইজে? এয়া আমাৰ কথা নহয়, নিজৰ ফেচবুক লাইভত জনসাধাৰণৰ কমেন্টবোৰ চকু ফুৰাই চাব, তেতিয়া গম পাব আপোনাৰ ভুল কোনখিনিত? আমি দেখুওৱাৰ দায়িত্ব দেখুৱাই দিলো, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হিচাপে কোভিড প্ৰট’কল মানি চলাৰ দায়িত্ব আপোনাৰো আছে।

ইপিনে, মন্ত্ৰী পীযুষৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে তৰুণ দত্ত নামৰ এজন লোকে। কোভিড প্ৰটক’ল ভংগ কৰাৰ অভিযোগত দাখিল হৈছে এজাহাৰ।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd