NORTHEAST NOW (Assamese)

ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী মহোদয়; আপুনি জনা বুজা মানুহ হৈ জনসাধাৰণক বিপদত কিয় পেলাইছে?

September 19, 2020 5:50 pm · কল্পজ্যোতি শইকীয়া
Updated: September 20, 2020 1:31 pm

কোভিডৰ সময়ত ‘আমাক বিহু নালাগে, পুজা নালাগে, বিদ্যালয়ো খুলিব নালাগে, ভ্ৰাম্যমাণ থিয়েটাৰ, নাটকো নালাগে, লাগে মাথো ৰাজনৈতিক সভা।‘ এই উদ্দেশ্যেই যেন এখনৰ পাছত আন এখন ৰাজনৈতিক সভাৰ আয়োজন কৰি গৈছে শাসক-বিৰোধী উভয় পক্ষই।

সমাগত বিটিছি নিৰ্বাচন। তামুলপুৰ গাইবাৰীৰ BJP ৰ নিৰ্বাচনী সভাৰ এক দৃশ্যই ভাবিবলৈ বাধ্য কৰাইছে য’ত উপস্থিত আছে স্বয়ং ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা।

স্বয়ং ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়েই মানি চলা নাই কোভিড প্ৰট’কল। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা। বহুসংখ্যক লোকৰ মুখতে নাই মাস্ক, নাই কোনো সামাজিক দূৰত্ব।

কিছুদিন পূৰ্বলৈ যদি চাওঁ, স্বয়ং সক্ৰিয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে সামাজিক দূৰত্ব মানি চলিবলৈ মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাইছিল।

কিন্তু সময় বাগৰি অহাৰ লগে লগে তেওঁ সকলো পাহৰি ‘তেওঁৰ নিজৰ পূৰ্বৰ কথাখিনিয়ে ‘নাজানো-নামানো-নুবুজো’ স্থিতিহে দেখিবলৈ পোৱা গ’ল।

যোৱা ১৮ মাৰ্চৰ দিনা অসম সচিবালয়ৰ সন্মুখত কুৰ্টা-পাইজামা লগাই মুখত এগালমান ধমক লৈ খঙত ৰুদ্ৰমুৰ্তি হৈছিল মন্ত্ৰী পিযুষ হাজৰিকা।

নিজৰ ফেচবুক লাইভ অন কৰি এফালৰ পৰা জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে গালিৰ বৰষুণৰ ঢল বোৱাই গৈছে। সেই সময়ত সচিবালয়ৰ সন্মুখত চৰকাৰী কাম কাজৰ বাবে ৰৈ আছিল প্ৰায় ১০০ গৰাকী লোক।

জনসাধাৰণক প্ৰশ্ন কৰি পিয়ুষে তেতিয়া কৈছিল ‘জনা বুজা মানুহ হৈ কিয় বিপদত পৰি আছে? ক’ৰ’নাৰ কথা গম পাই নে নাই? আপোনালোকে পঢ়া-শুনা কৰা মানুহ নহয় নেকি?’

মন্ত্ৰী মহোদয়, তামুলপুৰৰ এই বিশাল ৰাজনৈতিক সভা অনুষ্ঠিত কৰাৰ পাছত এতিয়া আমি আপোনাক সুধিছো ‘জনা বুজা মানুহ হৈ আপুনি কিয় জনসাধাৰণক বিপদত পেলাব বিচাৰিছে? আপুনি পঢ়া শুনা মানুহ নহয় নেকি? মন্ত্ৰী-বিধায়কৰ ক’ৰ’না নহয় নেকি?

তাৰ কিছুদিন পাছত ক’লা পোছাক পৰিধান কৰি হিৰ’ৰ ৰূপত ফাঁচিবজাৰত এন্ট্ৰি মন্ত্ৰী পিযুষৰ। মুখত এটাই ডাইলগ ‘ক’ত চ’ছিয়েল ডিচটেন্স? ফাঁচিবজাৰৰ সকলো ব্যৱসায়ীক এফালৰ পৰা দি গৈছিল ধমক। দুদিনৰ পাছত Sorry Fancy Bazar বুলি টুইটাৰযোগে আপলোড কৰিছিল মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, ১৮ মাৰ্চত এজনো ব্যক্তিয়ে কোভিডত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা নাছিল। লগতে ১০০ৰ ঘৰো অতিক্ৰম কৰা নাছিল কোভিদত আক্ৰান্ত লোকৰ সংখ্যা। এতিয়া ৰাজ্যত দৈনিক গড়ে ২০০০ ৰো অধিক লোক কোভিদত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক আকোৱালি লৈছে সৰ্বাধিক ২৩ গৰাকী লোকে।

মৃতকৰ সংখ্যাও এতিয়া ৬০০ৰ ঘৰত ভৰি দিওঁ দিওঁ অৱস্থা হৈছে।

কিন্তু তাৰ পাছতো ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ দৰে দায়িত্বত থাকিও পাহৰি কিয় ১০ সহস্ৰাধিক লোকৰ উপস্থিতিত তামুলপুৰৰ গাইবাৰী আৰু নাগ্ৰীজুলিত দুখনকৈ ৰাজনৈতিক সভা অনুষ্ঠিত কৰিলে?

কোভিডৰ ভয়াৱহ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনসমাগম ৰোধৰ বাবে ইতিমধ্যে বন্ধ ৰখা হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ, নাটক মঞ্চস্থ কৰা প্ৰেক্ষাগৃহ অথবা চিনেমা হ’ল।

উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ মন্ত্ৰী মহোদয়। আপুনি যদি কোভিড প্ৰট’কল ভংগ কৰি এনেদৰে বিশাল সমাৱেশ অনুষ্ঠিত কৰি থাকে, তেন্তে আপোনাৰ পৰা কি শিকিব সাধাৰণ ভোটাৰ ৰাইজে? এয়া আমাৰ কথা নহয়, নিজৰ ফেচবুক লাইভত জনসাধাৰণৰ কমেন্টবোৰ চকু ফুৰাই চাব, তেতিয়া গম পাব আপোনাৰ ভুল কোনখিনিত? আমি দেখুওৱাৰ দায়িত্ব দেখুৱাই দিলো, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হিচাপে কোভিড প্ৰট’কল মানি চলাৰ দায়িত্ব আপোনাৰো আছে।

ইপিনে, মন্ত্ৰী পীযুষৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে তৰুণ দত্ত নামৰ এজন লোকে। কোভিড প্ৰটক’ল ভংগ কৰাৰ অভিযোগত দাখিল হৈছে এজাহাৰ।

Related News