• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়াৰ বাৰেকুড়িত নাৰী আৰু যুৱপ্ৰজন্মৰ আত্মনিৰ্ভৰশীলতাৰ বৃহৎ সভা

ড্ৰাগছৰ বিৰুদ্ধে আৰু যুৱ প্ৰজন্মৰ উজ্জীৱিতকৰণ কাৰ্যসূচী অব্যাহত

এন ই নাও নিউজ, তিনিচুকীয়া by এন ই নাও নিউজ, তিনিচুকীয়া
February 19, 2024 10:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি তিনিচুকীয়াৰ একৈশখন গাঁও সামৰি বাৰেকুড়িত “দীঘল সাঁকো নৱজ্যোতি যুৱক সংঘ”ৰ উদ্যোগত মহিলা আৰু যুৱপ্ৰজন্মৰ উজ্জীৱিতকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ সন্দৰ্ভত অনুষ্ঠিত হ’ব এক বৃহৎ কাৰ্য্যসূচীৰ প্ৰেৰণাত্মক অনুষ্ঠান।

উল্লেখ্য যে ১৭ ফেব্ৰুৱাৰীৰ পৰা পষেকজোৰা কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে তথা নৱ- প্ৰজন্মক ধনাত্মক দিশত কৰ্ম সাংস্কৃতিৰে আগবঢ়াই নিবৰ বাবে সজাগতামূলক সভা তথা কৰ্মশালা অব্যাহত আছে।

যুৱপ্ৰজন্মৰ জীৱন উজ্জীৱিতকৰণৰ বাবে আয়োজন কৰা বিভিন্ন সামাজিক  সংগঠনৰ  কাৰ্যসূচী সমূহত  সমল ব্যক্তি তথা মুখ্য বক্তা হিচাপে উপস্থিত আছে প্ৰেৰণাত্মক বক্তা, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। ডঃ শইকীয়াৰ লগতে আছে বিভিন্ন দিশত সফলতা লাভ কৰা ব্যক্তি। তদুপৰি বিশেষভাবে সফলতা লাভ কৰা কৃষকেও বক্তব্য ৰাখিছে।

Apply Now

লগতে পঢ়কঃ প্ৰেমিকৰ সৈতে কন্যাৰ পলায়নৰ খবৰ পোৱাৰ পিছত নিজৰেই প্ৰাণ ল’লে দম্পতীয়ে

১৭ ফেব্ৰুৱাৰীত প্ৰথম দিনাৰ কাৰ্যসূচী শুভাৰম্ভ হয় তিনিচুকীয়া জিলাৰ টেকেৰী ৱাথৈ ইন্দ্ৰপুৰ যুৱক সংঘৰ উদ্যোগত। ইন্দ্ৰপুৰ যুৱক সংঘই  লাতেশ্বৰ চেতিয়াৰ সঞ্চালনাত  ড্ৰাগছ আদি নিচাৰ বিৰুদ্ধে যুৱ প্ৰজন্মৰ কৰ্মমুখিতা সন্দৰ্ভত এক কৰ্মশালাৰে উক্ত পষেকজোৰা কাৰ্যসূচী লানি  আৰম্ভ কৰে।

সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে প্ৰেৰণাত্মক বক্তা দেশৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। লগতে উপস্থিত থাকে শিক্ষক টেৱন চন্দ্ৰ মৰাণ, স্থানীয় সমাজ কৰ্মী হেমেন বৰুৱা, মাৰ্ঘেৰিটা পঞ্চায়তৰ উপ সভানেত্ৰী অৰুনা চেতিয়া স্থানীয় সামাজিক নেত্ৰী মায়া চেতিয়া, মৰাণ শ্বায়ত শাসিত পৰিষদৰ সদস্য উজ্জলতা দুৱৰাকে আদি কৰি দুই সহস্ৰাধিক লোক। 

১৮ ফেব্ৰুৱাৰীত দ্বিতীয় দিনৰ কাৰ্যসূচী  অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলাৰ উদ্যোগত কাকপথাৰৰ শ্ৰী শ্ৰী ভাগৱত অধ্যয়ন চক্ৰ প্ৰাংগণত বীৰেন মহন্তৰ সঞ্চালনাত  অনুষ্ঠিত হয় নাৰী আৰু যুৱপ্ৰজন্মৰ সংস্কাৰমূলক তথা উজ্জীৱিতকৰণ সভা। উক্ত অনুষ্ঠানত ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে কৃষি বিষয়া ডঃ ৰুবুল গোহাঁই উপস্থিত থাকি সত্ৰাধিকাৰ, মহিলা নেত্ৰী, যুৱ প্ৰতিনিধিক সম্বোধন কৰে।

লগতে পঢ়কঃ কেন্দ্ৰৰ সৈতে আলোচনাত বৰফ গলিল! সদ্যহতে স্থগিত কৃষকৰ দিল্লী চলো অভিযান

ভাষণ প্ৰসংগত কৃষি বিষয়া ডঃ ৰুবুল গোহাঁইয়ে কয় যে বৰ্তমান সময়ত জিলাখনৰ যুৱসমাজ কৃষিৰ প্ৰতি আকৃষ্ট হোৱা দেখা পোৱা নাযায়। তিনিচুকীয়াত ধান খেতিৰ লগতে বিভিন্ন ফল আৰু নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বনৰ সন্দৰ্ভত তেওঁ বক্তব্য ৰাখে। সভাত মুখ্য বক্তা তথা প্ৰেৰণাত্মক বক্তা হিচাপে ৰসাল আৰু সাৱলীল বক্তব্য আগবঢ়াই আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

ভাষণ প্ৰসংগত ডঃ  শইকীয়াই কয় যে ড্ৰাগছ আসক্ত যুৱক সকলক মৰম আৰু আদৰেৰে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কামত জড়িত কৰাই ড্ৰাগছ আদি নিচাৰ পৰা মুক্ত কৰিব লাগিব। তেওঁ লগতে কয় যে আজিৰ যুৱতী ভৱিষ্যতৰ মাতৃ  সেয়েহে যুৱতী আৰু মাতৃ সমাজে আগভাগলৈ নিজ নিজ সন্তানৰ মানসিকতা উৎকৰ্ষ সাধনৰ যোগেৰে  সমাজ পৰিৱৰ্তন কৰি মানৱ জাতিৰ লগতে দেশৰ হকে কেনেধৰণে  আত্মনিয়োগ কৰিব পাৰি তাৰ উদাহৰণমূলক বিস্তৃত বাখ্যা দাঙি ধৰে। 

উক্ত সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে উৱন সত্ৰৰ সত্ৰধিকাৰ বিষ্ণুৰাম গোস্বামী, লাজুম সত্ৰৰ সত্ৰাধিকাৰ উমেন মহন্ত, চেঙেলী সত্ৰৰ ডেকা অধিকাৰ নবীন মহন্ত, তিপুক আমগুৰি সত্ৰৰ সত্ৰাধিকাৰ, চুপঢ়া সত্ৰৰ সত্ৰাধিকাৰ, কাকপথাৰৰ স্থানীয় সমাজকৰ্মী নিত্যানন্দ গগৈ, অসম সত্ৰমহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰধান সম্পাদক দীপক পাটগিৰি, অৱসৰ প্ৰাপ্ত শিক্ষত্ৰী তথা শিশুকৰ্মী কুসুম প্ৰভা বুঢ়া গোহাঁই,সতী ৰাধিকা মহিলা তীৰ্থৰ সভানেত্ৰী জোনালী চেতিয়া, সম্পাদিকা সুবৰ্ন গোঁহাইকে আদি কৰি প্ৰায় শতাধিক লোক।

লগতে পঢ়কঃ বিশ্বৰ ৰহস্যময় হ্ৰদ! এই হ্ৰদৰ পানী চুলেই হেনো শিল হৈ পৰে কোনো প্ৰাণী

আগন্তুক সমূহ অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে অসম সত্ৰ মহাসভাৰ  তিনিচুকীয়া জিলা সমিতি, তিনিচুকীয়া হিউমেনিটি ফাউণ্ডেশ্যন আৰু বাৰেকুৰীৰ দীঘলসাঁকো নৱজ্যোতি যুৱ সংঘই সমূহ  তিনিচুকীয়া বাসীৰ পৰা সকলো দিশতে সহযোগিতা কামনা কৰি  উপস্থিত থাকিবলৈ আহ্বান  জনাইছে। 

এন ই নাও নিউজ, তিনিচুকীয়া

এন ই নাও নিউজ, তিনিচুকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd