• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰ দক্ষতাৰে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা হিমা এতিয়া সকলোৰে আদৰ্শ : মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2018 11:00 am
sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল : ফাইল ফটো

269
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি উক্ত অঞ্চলত অতি শীঘ্ৰে এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে বুধবাৰে নসত্ৰৰ কৃষ্ণগুৰু স্প’ৰ্টছ ক্লাবৰ দ্বাৰা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় খেলপথাৰত আয়োজিত বিষ্ণুজ্যোতি ফুটবল ট্ৰফী-২০১৮ৰ চূড়ান্ত খেল শুভ উদ্বোধন কৰি এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে এই কথা কয়।

মুখ্য মন্ত্ৰীয়ে কয় যে গ্ৰাম্যাঞ্চলৰ এনেকুৱা ফুটবল প্ৰতিযোগিতাসমূহে স্থানীয় প্ৰতিভা বিকাশ, যোগ্যতা, শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ লগতে সমগ্ৰ ৰাজ্যতে এক প্ৰতিযোগিতামুখী মানসিকতাৰ সৃষ্টি কৰে।

ভাষণ প্ৰসংগত তেওঁ আৰু কয়- ‘খেলৰ জৰিয়তে বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে। আমিও আমাৰ গাঁও তথা চহৰৰ খেলৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন, নৱ প্ৰজন্মৰ প্ৰতিভা চিনাক্ত কৰি আৰু আধুনিক ধ্যান-ধাৰণাৰে প্ৰশিক্ষিত কৰি ভাল খেলুৱৈৰ সৃষ্টি কৰিব লাগিব’।

আনহাতে উক্ত অনুষ্ঠানতে মুখ্য মন্ত্ৰী সোণোৱালে সদ্য সমাপ্ত এছিয়ান গেইমছত ভাৰত তথা অসমৰ নাম বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ সক্ষম হোৱা হিমা দাসৰ কথাও উল্লেখ কৰা দেখা যায়। পিছ পৰা গাঁৱত জন্ম গ্ৰহণ কৰিও কঠোৰ সাধনা আৰু শৃংখলাবদ্ধতাৰে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হিমা এতিয়া নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা তথা আদৰ্শ।

মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে বুধবাৰৰ অনুষ্ঠানত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়কসকল ক্ৰমে অশোক শৰ্মা, গুণীন দাস, জাকিৰ হুছেইন চিকদাৰ, আব্দুল খালেক, অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্ত, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ তৰুণ চন্দ্ৰ বৰা, আধ্যাত্মিক গুৰু প্ৰেমানন্দ প্ৰভু, কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি মুকুল ডেকা, জিলা উপায়ুক্ত প্ৰমুখ্যে বহুতো গণ্য মান্য বক্তি উপস্থিত আছিল।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd