NORTHEAST NOW (Assamese)

পিএম কেয়াৰ্ছৰ ফাণ্ডেৰে ক্ৰয় কৰা ভেণ্টিলেটৰ মেচিন মাত্ৰ ২ ঘণ্টাতে বিকল! : ক্ষুব্ধ ৰাজ্য চৰকাৰ

May 13, 2021 9:27 am · এন ই নাও নিউজ
Updated: May 13, 2021 9:30 am

কোভিডকালীন পৰিস্থিতিৰ মাজতে পিএম কেয়াৰ্ছৰ ফাণ্ডেৰে ক্ৰয় কৰা ভেণ্টিলেটৰ মেচিনে জ্বলা কলা খোৱালে এখন ৰাজ্য চৰকাৰক। মাত্ৰ দুঘণ্টাতে অচল হৈ পৰিল আশীটাকৈ ভেণ্টিলেটৰ মেচিন।

উল্লেখ্য যে পিএম কেয়াৰ্ছ ফাণ্ডেৰে ক্ৰয় কৰি কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱৰ গুৰু গোবিন্দ সিং চিকিৎসা মহাবিদ্যালয়লৈ ৮০ টা ভেণ্টিলেটৰ মেচিন প্ৰেৰণ কৰিছিল।

পিছে চিকিৎসা মহাবিদ্যালয়খনে প্ৰকাশ কৰিছে যে উক্ত ৮০ টা মেচিনৰ সৰহসংখ্যক মেচিনেই ব্যৱহাৰৰ মাত্ৰ দুঘণ্টাৰ ভিতৰতে বিকল হৈ পৰিছে।

চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি উক্ত ৮০ টা মেচিনৰ ৭১ টা মেচিন চলি থকাৰ মাজতে হঠাতে বিকল হৈ পৰে।

ফৰিদকোৰ্টৰ বাবা ফৰিদ ইউনিভাৰ্ছিটি অৱ হেল্থ চায়েন্সৰ উপাচাৰ্য ডাঃ ৰাজ বাহাদুৰে কয় যে কেন্দ্ৰই যোগান ধৰা ভেণ্টিলেটৰ মেচিনকেইটা অতি নিম্নমানৰ মেচিন।

ইফালে পঞ্জাৱ চৰকাৰৰ মুখ্য সচিব বিনি মহাজনে প্ৰকাশ কৰিছে যে বিকল হৈ পৰা মেচিনকেইটা মেৰামতি কৰাৰ বাবে দক্ষ ইঞ্জিনিয়াৰ ৰাজ্যখনলৈ অনা হৈছে।

এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰই ২৫ কোটি টকা ব্যয় কৰি ২৫০ টা ভেণ্টিলেটৰ মেচিন পঞ্জাৱলৈ প্ৰেৰণ কৰিছিল।

ইফালে কোভিড পৰিস্থিতিৰ মাজতে কেন্দ্ৰই প্ৰেৰণ কৰা ভেণ্টিলেটৰ মেটিনসমূহ বিকল হৈ পৰাত পঞ্জাৱ চৰকাৰ ক্ষুব্ধ হৈ উঠিছে।

Related News