• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰোনাতংকৰ মাজতে চিআৰপিএফ লৈ মিকিৰ বামুণীত ভূমি অধিগ্ৰহণৰ চেষ্টা : নিৰাপত্তাৰক্ষীক প্ৰত্যাহাৰ দাবী

মিকিৰ বামুণী গ্ৰাণ্টৰ বলপূৰ্বক ভূমি অধিগ্ৰহণ বন্ধ কৰাৰ দাবী আদিবাসী-কাৰ্বি কৃষকসহ দেশ বিদেশৰ ১৫০ ৰো অধিক বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 10:38 am
IMG20210112131342
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত এবছৰতকৈও অধিক সময়জুৰি নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰাণ্টৰ কাৰ্বি আৰু আদিবাসী কৃষকসকলে এঝিউৰ পাৱাৰ ফৰ্টী প্ৰাইভেট লিমিটেডে এক সৌৰশক্তি প্ৰকল্পৰ কাৰণে বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰা তেওঁলোকৰ ভূমি অধিকাৰ ৰক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিছে।

এই ভূমি কৃষকসকলৰ পূৰ্বপুৰুষসকলে কৃষিযোগ্য কৰি তুলি কেইবাপুৰুষ ধৰি কৃষিকাৰ্য কৰি আহিছে। তদুপৰি ১৯৮১ চনত তেওঁলোকক প্ৰদান কৰা নামজাৰী খতিয়ান অনুসৰি এই ভূমিৰ ওপৰত তেওঁলোকৰ উত্তৰাধিকাৰসূত্ৰে দখলীস্বত্ব আছে। তেওঁলোকৰ এই অধিকাৰ আওকাণ কৰি এই ভূমিৰ প্ৰথম স্বত্বাধিকাৰীৰ বংশধৰসকলে বিগত ২০২০ চনৰ আগষ্ট মাহত এঝিউৰ পাৱাৰক বেআইনীভাৱে এই ভূমি বিক্ৰী কৰে।

Apply Now

আনহাতে নগাঁও জিলা আদালতত ভূমিৰ ওপৰত এঝিউৰ পাৱাৰৰ অধিকাৰৰ দাবীক লৈ কেইবাটাও গোচৰ চলি থকা তথা বৰ্তমান ভূমিখিনি গোচৰাধীন বা বিতৰ্কিত ভূমি (disputed land) বুলি গণ্য হৈ থকাৰ সময়তে এঝিউৰ পাৱাৰে তেওঁলোকক এই ভূমি বেচাৰ লগত জড়িত সকলো অনিয়ম মানি নলৈ চৰকাৰী সংশ্লিষ্ট ভূমি সম্পৰ্কীয় আইনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে।

উল্লেখ্য যে মিকিৰ বামুণী গ্ৰাণ্টৰ প্ৰথমাৱস্থাৰ অধিকাৰীৰ বংশধৰৰ পৰিয়ালৰ ৮ জন সদস্যই এই ভূমিখিনি এঝিউৰ পাৱাৰক বিক্ৰী কৰিছিল, যি কাম ১৯৫৬ চনৰ Assam Fixation of Ceiling on Land Holdings Act-ৰ অধীনত বেআইনী। যিহেতু এই আইনখনৰ অধীনত এটা পৰিয়াললৈ ৫০ বিঘা ভূমিহে হস্তান্তৰ কৰিব পাৰি, সেয়ে মিকিৰ বামুণী গ্ৰাণ্টৰ ক্ষেত্ৰত ২৭৬ বিঘা ভূমি এটা পৰিয়াললৈ হস্তান্তৰ কৰাতো এই আইন অনুসৰি বেআইনী।

ইয়াৰ লগতে ১৯৭১ চনৰ Assam (Temporarily Settled Areas) Tenancy Act-ৰ অধীনত tenant খেতিয়কৰ ভূমি অধিকাৰৰ প্ৰশ্নটো সমাধান নকৰাকৈয়ে এই ভূমিখিনি বিক্ৰী কৰা হয়। এঝিউৰ পাৱাৰক এইদৰে মিকিৰ বামুণী গ্ৰাণ্টৰ ভূমি বিক্ৰী কৰা কাৰ্যই অসমত মাটিৰ মালিকীস্বত্ব গণতান্ত্ৰিক কৰিবলৈ আৰু খেতিয়কক ভূমি অধিকাৰ প্ৰদান কৰিবলৈ প্ৰণয়ন কৰা এই দুখন গুৰুত্বপূৰ্ণ আইন পোনছাটেই অমান্য কৰিছে। দৰাচলতে এই দুখন আইন অনুসৰি মিকিৰ বামুণী গ্ৰাণ্টৰ ভূমি এই কোম্পানীটোক বিক্ৰী কৰিবলৈ মাটিৰ মালিকৰ কোনো অধিকাৰ নাই।

মিকিৰ বামুণী গ্ৰাণ্টৰ এই বেআইনী ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলক অসম আৰক্ষীয়ে একাধিকবাৰ আটক কৰাৰ লগতে তেওঁলোকৰ এই শান্তিপূৰ্ণ প্ৰতিবাদ বলপূৰ্বকভাৱে দমন কৰিবলৈ প্ৰয়াস কৰি আহিছে।

বিগত ২০২০ চনৰ ৮ অক্টোবৰ তাৰিখে এঝিউৰ পাৱাৰে ভূমিখিনি দখল কৰি আৰক্ষীৰ ব্যাপক নিৰাপত্তাৰ মাজত ২০০ বিঘা মাটিৰ পকা ধানৰ ফচল জ্বলাই দিয়াৰ দিনাই আৰক্ষীয়ে ১৪ জন কৃষকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু ১২ দিনৰ পাছত তেওঁলোকক মুকলি কৰি দিয়ে। ২৯ ডিচেম্বৰ তাৰিখে গাঁওবাসীসকলে তেওঁলোকক মাটিত চলি থকা নিৰ্মাণকাৰ্যত বাধা দিয়াৰ কাৰণে সেইদিনা মাজৰাতিয়েই ৪ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু ৬৩ দিন পৰ্যন্ত কাৰাবন্দী কৰি ৰাখে।

আনহাতে এই মাটিখিনিত যোৱা ১০ বছৰে কোনো কৃষিকাৰ্য হৈ থকা নাই বুলি গোকাট মিছা ৰিপোৰ্ট দাখিল কৰা লাট মণ্ডলৰ বিৰুদ্ধে প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰী চেনছাছৰ তথ্য অনুসৰিয়েই এই ৰিপোৰ্ট মিছা বুলি প্ৰমাণিত হোৱাৰ লগতে এই কথাও প্ৰমাণিত হয় যে মিকিৰ বামুণী এখন কৃষিপ্ৰধান গাঁও।

Tenant খেতিয়কৰ অধিকাৰৰ প্ৰসংগটো সমাধান নকৰাকৈয়ে মাটিৰ মালিকৰ হাতত ভূমিখিনি গটাই দিয়া নগাঁও জিলাৰ উপায়ুক্ত আৰু চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধেও প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইফালে এঝিউৰ পাৱাৰলৈ ভূমি হস্তান্তৰ কৰাৰ এই বেআইনী কাৰ্য বলপূৰ্বকভাৱে সমাধা কৰিবলৈ কোম্পানীটোৱে নিৰাপত্তা বাহিনীৰ জৰিয়তে ভূমি অধিগ্ৰহণৰ কাম আগবঢ়োৱাৰ লগতে কোম্পানীটোৰ শক্তি প্ৰকল্পটোৰ কাম বিনা প্ৰশ্নেৰে মানি ল’বলৈ গাঁওবাসীসকলৰ ওপৰত বল প্ৰয়োগ কৰিছে।

চলিত বৰ্ষৰ ১০ মে’ তাৰিখে কোভিড মহামাৰীৰ আতংকৰ মাজতে বলপূৰ্বক ভূমি অধিগ্ৰহণৰ কাম আগবঢ়াবলৈ চিআৰপিএফৰ এক বৃহৎ বাহিনীৰ সৈতে এঝিউৰ পাৱাৰ পুনৰ মিকিৰ বামুণী গ্ৰাণ্টত প্ৰৱেশ কৰে।

কোভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে এক বৃহৎ সংখ্যক বহিৰাগতৰ সৈতে কোম্পানীটোৱে গাঁওখনত এনেদৰে প্ৰৱেশ কৰা কাৰ্যই গাঁওবাসীসকলৰ জীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে।

ইয়াৰ পিছতে মিকিৰ বামুণীৰ স্থানীয় ৰাইজৰ লগতে তেওঁলোকৰ অধিকাৰৰ সপক্ষে যুঁজ দি অহা দেশ বিদেশৰ লেখক-সাংবাদিক-গৱেষক-সমাজকৰ্মী-চলচ্চিত্ৰ নিৰ্মাতা আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ১৫০ৰো অধিক বিশিষ্ট লোকে মিকিৰ বামুণী গ্ৰাণ্ট গাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা তৎকালীনভাৱে নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

তেওঁলোকে ভূমি অধিকাৰৰ গোচৰাধীন বিষয়টো মীমাংসা নোহোৱা পৰ্যন্ত এঝিউৰ পাৱাৰৰ সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ লগতে কৃষিকাৰ্যত জড়িত কৃষকসকলক তেওঁলোকৰ কৃষিভূমি ওভতাই দিবলৈও দাবী উত্থাপন কৰিছে।

আনহাতে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষিকাৰ্য আৰু ভূমি অধিকাৰৰ প্ৰসংগত মিছা ৰিপোৰ্ট দাখিল কৰা সকলো চৰকাৰী বিষয়া আৰু কৰ্মচাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd