• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাটিয়াত দুই বনৰীয়া হাতীৰ যুঁজ; ৰুদ্ৰমূৰ্তি ধৰি খেদিবলৈ চেষ্টা কৰা বনকৰ্মী, আৰক্ষী আৰু ৰাইজলৈ চোঁচা

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
November 19, 2022 11:46 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰাৰা জিলাৰ মাটিয়াত হাতী-মানুহৰ সংঘাতৰ মাজতে দেখা গ’ল এক  শিহৰণকাৰী দৃশ্য ৷ মাটিয়াৰ গোপালপুৰ গাঁৱত দিনৰ ভাগতে দুটাকৈ হাতীয়ে প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে৷ গাঁৱৰ মাজৰ পথৰ ওপৰত যুঁজ কৰি থকা হাতী দুটাক বনাঞ্চললৈ খেদিবলৈ চেষ্টা কৰোঁতে হাতী দুটাই বনকৰ্মী, আৰক্ষী আৰু ৰাইজলৈ চোঁচা লয় ৷ সেই সময়ত ঘটনাস্থলীত সাংবাদিকো উপস্থিত আছিল ৷

আৰক্ষীৰ সহযোগত বনকৰ্মীয়ে শূন্যলৈ গুলী কৰি গাঁৱৰ মাজৰ পৰা আঁতৰাবলৈ চেষ্টা কৰোতেই চোঁচা লয় হাতী দুটাই ৷ প্ৰায় তিনিশ মিটাৰ দুৰত্বলৈ খেদি যায় হাতী দুটাই। কথমপি দৌৰি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ ৷ হাতীয়ে খেদি যোৱাত খাৱৈত পৰি আহত হয় এগৰাকী বনকৰ্মী ৷ আহত বনকৰ্মী গৰাকীৰ নাম ৰহিণী নাথ৷

অতি ৰুদ্ৰমূৰ্তি ধাৰণ কৰা হাতী দুটাই বনকৰ্মীৰ গুলীলৈও কেৰেপ নকৰি খেদি আহে ৷ কেবাজাঁই শূন্যলৈ গুলী কৰাৰ পাছতো উন্মাদ হাতী দুটাই খেদি আহে৷

Apply Now
ফটো: নৰ্থইষ্ট নাও।

উল্লেখ্য যে, গোৱালপাৰা জিলাত ভয়ংকৰ ৰূপত বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত ৷ জিলাখনৰ মাটিয়াত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ প্ৰায় এসপ্তাহ ধৰি মাটিয়াৰ বিভিন্ন গাঁৱত বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে সৰ্ব সাধাৰণ ৰাইজৰ ৷ কেৱল নিশাই নহয়, দিনৰ ভাগতো মাটিয়াৰ কেইবাখনো গাঁৱত মুক্তভাৱে বিচৰণ কৰি তাণ্ডৱ চলাই গৈছে বনৰীয়া হাতীয়ে ৷ আনকি হাতীৰ আক্ৰমণত মৃত্যুও হ’বলগীয়া হৈছে মানুহৰ ৷ আনহাতে ঘৰ-বাৰী, খেতিপথাৰ বিনষ্ট কৰি গৈছে বনৰীয়া হাতীয়ে ৷

যোৱা নিশা খাদ্যৰ সন্ধানত গোপালপুৰ গাঁৱত প্ৰৱেশ কৰে দুটা প্ৰকাণ্ড হাতীয়ে ৷ নিশাৰ ভাগত প্ৰৱেশ কৰা হাতী দুটাই বনাঞ্চললৈ নগৈ গাঁওখনৰ এখন বাঁহনিত বিচৰণ কৰে ৷ পৰৱৰ্তী পৰ্যায়ত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ হাতী দুটাক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰে যদিও বিফল হয় ৷ কাৰণ দিনৰ ভাগত চৌদিশে মানুহ থকাৰ বাবে হাতী দুটা খেদি পঠিয়াব নোৱাৰিলে বন বিভাগে ৷

অৱশ্যে বন বিভাগ আৰু আৰক্ষীয়ে কেইবাঘণ্টা ধৰি নজৰত ৰাখে হাতী দুটাক ৷ তাৰ মাজতে তৎমুহূৰ্ততে গাঁৱৰ মাজ ভাগলৈ সোমাই গৈ যুঁজ কৰাত খেদিবলৈ চেষ্টা কৰোতে মানুহলৈ খেদি আহে হাতী দুটাই ৷ অৱশ্যে কথমপি ভয়ংকৰ বিপদৰ পৰা সকলো ৰক্ষা পৰে ৷

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd