• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্ৰসংগঃ ৰাজ্যসভাৰ নিৰ্বাচন

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
March 12, 2020 2:32 pm
index.jpg1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাৰ সমাগত নিৰ্বাচনত তৃতীয় গৰাকী প্ৰাৰ্থী কোন হ’ব তাক লৈ শেহতীয়াভাৱে অলেখ জল্পনা-কল্পনা সৃষ্টি হৈছে বাবে আমাৰ মনৰ দুটামান দোমোজা এই ছেগতে প্ৰকাশ কৰিবলৈ বিচাৰিছো। শাসকীয় পক্ষৰ বাবে প্ৰথম দুখনৰ বিজয় নিশ্চিত বাবে বিজেপি দলে পাকে-প্ৰকাৰন্তৰে ৰাজ্যসভাৰ তৃতীয়খন আসনৰ ক্ষেত্ৰত এক নতুন কৌশল অৱলম্বন কৰা দেখা গৈছে। নিঃসন্দেহে এই সকলোবোৰ কৌশলৰ স্ৰষ্টা বা দ্ৰষ্টাজন হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা। বিজেপি দলটোৱে বিগত বিধানসভা নিৰ্বাচনত একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰণকৌশল আৰু কূট-কৌশলৰ বলতহে যে ৰাজ্যখনৰ শাসনত অধিষ্ঠিত হৈছিল সি সমগ্ৰ অসমবাসীৰে এক জ্ঞাত সত্য। সৰ্বানন্দ সোণোৱাল বা ৰঞ্জিৎ দাসৰ দৰে লোকৰ এই বিজয়ত অৱদান তেনেই সামান্য। গতিকে ৰাজনৈতিক যি কৌশলেই  বিজেপিৰ পৰা খেলিব লগা হয় তাক ৰাজনীতিৰ পথাৰখনত এৰি দিয়ে বিগত দুটা দশকত কংগ্ৰেছ-বিজেপি নিৰ্বিশেষে সকলো চৰকাৰতে সক্ৰিয়ভাৱে থকা ৰাজনীতিবিদ ড০ হিমন্ত বিশ্ব শৰ্মাই। সদৌ অসম, ছাত্ৰ সন্থাৰ মজিয়াত ফুলকুমলীয়া বয়সতে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা মন্ত্ৰী ড০ শৰ্মাই বিগত সময়ছোৱাত অসমৰ বাঁও শিবিৰৰ বাদে বাকী সকলো ৰাজনৈতিক মঞ্চতেই দীৰ্ঘম্যাদী সময়ৰপৰা আৰম্ভ কৰি ক্ষণিক সময়লৈ আশ্ৰয় লৈছে। সেই কাৰণেই অসমৰ জাতীয়তাবাদী-আঞ্চলিকতাবাদী শিবিৰৰপৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয়তাবাদী শিবিৰৰ আঞ্চলিক প্ৰমুখ পৰ্যন্ত সকলো লোকৰ আশা-আকাংক্ষা, অৰ্থ লিপ্সা, ক্ষমতা লিপ্সা, দুৰ্বলতা আদি ড০ শৰ্মাৰ নখ দৰ্পণত।

নিৰ্বাচনী ৰাজনীতিৰ ক্ষেত্ৰখনত অতিকৈ বিচক্ষণ বুলি পৰিচিত ড০ শৰ্মাই সেয়েহে আদৰ্শগত বা নীতিগত  প্ৰশ্নটোক সততে আওকাণ কৰি অতিকৈ স্পৰ্শকাতৰ সময়ত এনে কিছু প্ৰশ্নৰ উত্থাপন কৰি দিয়ে যিয়ে আদৰ্শগত বা নৈতিকভাৱে বিৰোধীক বিপদত পেলায়। শেহতীয়াভাৱে তেওঁ সেই কৌশলটোকে অৱলম্বন কৰি কৈ দিলে যে যদিহে ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল সমিলমিললৈ আহি এগৰাকী উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাই তেন্তে অসমৰ মানুহে কংগ্ৰেছৰ প্ৰকৃত স্বৰূপটো বুজি উঠিব। অসমৰ যিকোনো বিবেকবান লোকেই এ আই ইউ ডি এফৰ সমৰ্থনত ৰাজ্যসভাৰ সাংসদ হ’বলৈ গ’লে অসমৰ থলুৱা লোকে ভৱিষ্যতলৈ কেতিয়াও তেনে লোকক, তেনে লোকৰ পৰিয়ালক ক্ষমা কৰি নিদিব। ব্ৰিটিছ আমোলত যি সকল অসমীয়া আৰক্ষী বিষয়াই ব্ৰিটিছৰ হকে সেৱা আগবঢ়াছিল সেই পৰিয়ালৰ লোকসকলে আজিও কলংকৰ বোজা কঢ়িয়াই আছে বুলি উল্লেখ কৰি ড০ শৰ্মাই সংবাদ মাধ্যমৰ আগত অভিমত প্ৰকাশ কৰিছে যে আজি যদি কোনো থলুৱা লোকে এ আই ইউ ডি এফৰ সমৰ্থনত ৰাজ্যসভালৈ নিৰ্বাচিত হয় তেন্তে  তেনে লোকক অসমৰ থলুৱা লোকে কোনোকালে ক্ষমা নকৰিব। গতিকে কোনো বিবেকবান লোকেই আহুকালত পৰাৰ বাবে স্ব-ইচ্ছাই আগবাঢ়ি নাযাব।

Apply Now

প্ৰশ্ন হৈছে হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কৈছে কি স্বাৰ্থত? একেবাৰে সৰল উত্তৰটো আমাৰ বোধেৰে এনেধৰণৰ— কংগ্ৰেছ আৰু এ আই ইউ ডি এফ এই দুয়োটা দলে বিগত সময়ছোৱাৰ তিক্ত অভিজ্ঞতাৰ পৰা এটা কথা ভালদৰে শিকিছে বা শিকিবলৈ বাধ্য হৈছে (অসমৰ এক বৃহৎ সংখ্যক ভোটাৰ ৰাইজে এই দুয়োটা দলৰ বিধায়ক,কৰ্মী আদিক সৎ আৰু নিষ্ঠাবান বুলি বিবেচনা নকৰে। যিহেতু  হ্ৰৰ্ছ ট্ৰেডিঙৰ বহু ঘটনা ইয়াৰ আগৰ কেবাটাও ৰাজ্যসভাৰ নিৰ্বাচনত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে সেয়েহে  এনেধৰণৰ এক ধাৰণা অসমৰ মানুহৰ মননত শিপাইছে বুলি ভাবিব পাৰি) যে যদিহে কংগ্ৰেছ-এ আই ইউ ডি এফ ৰ মাজত এক স্পষ্ট মিত্ৰজোটৰ সৃষ্টি হয় তেন্তে অসমত ধৰ্মীয় মেৰুকৰণ আৰু বেছি সুতীব্ৰ হ’ব আৰু তাৰ সুফল লাভ কৰিব বিজেপি দলে। বিশেষকৈ উজনি অসমত কংগ্ৰেছ দলে ইয়াৰ ভেটি ক্ৰমাগতভাৱে শক্তিশালী কৰাৰ সময়তে যদি এই মিত্ৰতাৰ কথা প্ৰচাৰ কৰি দিব পৰা যায় তেন্তে উজনি অসমৰ থলুৱা লোকসকল পুনৰ কংগ্ৰেছৰ পৰা আঁতৰি যাব আৰু তাৰ সম্পূৰ্ণ লাভালাভ আদায় কৰি ল’ব বিজেপি দলে। ড০ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা এই ৰাজনৈতিক চালটোৰ কথা ভাবিয়েই অসম বিধান সভাৰ বিৰোধী পক্ষই এনে এক সিদ্ধান্তলৈ আহিছে যে এগৰাকী নিৰপেক্ষ তথা কা-বিৰোধী লোকক প্ৰক্ষেপ কৰি ধৰ্মীয় মেৰুকৰণ ত্বৰান্বিত কৰিবলৈ বিচৰা সমগ্ৰ কৌশল প্ৰতিহত কৰিব পৰা যাব আৰু একে সময়ত অসমত এক গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ সন্মিলিত শক্তি পৰবৰ্তী নিৰ্বাচনৰ আগত থিয় কৰাব পৰা যাব। এগৰাকী ‘কা’ বিৰোধী লোকক বিৰোধী পক্ষৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে থিয় কৰাৰ ইয়েই আছিল তাত্বিক আৰু কৌশলগত অৱস্থান। ইয়াৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে কূটনীতিবিদজনে অহৰহ প্ৰচেষ্টা কৰিছে যাতে কোনো কাৰণতে ‘কা’ বিৰোধী লোকসকলক লৈ অসম বিধান সভাৰ বিৰোধীশক্তি তথা অসমৰ বামশক্তি ঐক্যবদ্ধ নহয়। যদিহে এনে হয় তেন্তে হাজাৰ হিতাধিকাৰী সৃষ্টি কৰিলেও যে নিৰ্বাচনী ৰাজনীতিত কিছু ওলোটা অংক ওলাব সেই বিষয়ত ড০ শৰ্মা খাটাং।

এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোৱে হ’ল বিৰোধী পক্ষৰ সততা, নৈতিকতা আৰু সংঘবদ্ধতাক লৈ। এই শংকা আহিছে কেবাটাও কাৰণত। প্ৰথমত, অসমৰ হিন্দু-মুছলমান উভয় মৌলবাদীয়ে ৰাজনৈতিক ক্ষেত্ৰখনত এক সংঘবদ্ধ, গণতান্ত্ৰিক মৰ্চা সৃষ্টি হোৱাতো কামনা নকৰে। সকলোৱে জানে যে যেনেদৰে হিন্দুত্ববাদৰ আধাৰতে অসমত আৰ এছ এছ -বিজেপিৰ উত্থান ঘটিছে একেদৰে এ আই ইউ ডি এফৰ উত্থান ঘটিছে মূলত ইছলাম মৌলবাদৰ আধাৰত। আজি অসমত এক সন্মিলিত তৃতীয় মৰ্চাৰ জন্ম হ’লে বিজেপিৰ দৰে এ আই ইউ ডি এফৰো সমানেই ক্ষতি হ’ব। সেয়েহে এনে এক মৰ্চাৰ প্ৰতি এ আই ইউ ডি এফৰ কিমান আন্তৰিকতা আছে সি সন্দেহজনক। দ্বিতীয়তে, ঝাৰখণ্ডৰ দৰে ৰাজ্যত কংগ্ৰেছ দলে ঝাৰখণ্ড মুক্তি মৰ্চাক চৰকাৰ গঠন কৰাত যেনেদৰে মূল দলৰ ৰূপত আগবঢ়াই দিলে  সেই পৰিবেশ অসমত কংগ্ৰেছ দলে এতিয়াও সূচনা কৰিব পৰা নাই। একেদৰে ৰাজনৈতিকভাৱে বহুধা বিভক্ত অসমত এক সন্মিলিত আঞ্চলিক শক্তিৰ উত্থানৰ কথাও আজি ভাবিব নোৱাৰি। এক সংঘবদ্ধ প্ৰয়াসৰ ইয়েই হৈ পৰিব প্ৰধান বাধা। তৃতীয়তে ইতিমধ্যে উনুকিওৱা সততা আৰু নিষ্ঠাৰ বিষয়ত কংগ্ৰেছ বা এ আই ইউ ডি এফ দল অতিকৈ দুৰ্বল বুলি অসমৰ ৰাইজে বিশ্বাস কৰে। যদিহে পইচা-পাতিৰ জোৰত কোনো লোক ৰাজ্যসভাৰ প্ৰাৰ্থী হৈ যায় তেন্তে সেই সমগ্ৰ প্ৰক্ৰিয়াই বিজেপিক লাভান্বিত কৰিব সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচনত।

তেন্তে ৰাজ্যসভাৰ তৃতীয়জন প্ৰাৰ্থী আমি কেনেধৰণৰ লোক হোৱাতো বিচাৰো। সমাগত ২০২১ চনৰ বিধান সভা নিৰ্বাচনত বিজেপি তথা সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবলৈ আমাক প্ৰয়োজন এক সন্মিলিত ৰাজনৈতিক মৰ্চাৰ। গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ প্ৰতি অংগীকাৰবদ্ধ এক সন্মিলিত শক্তিয়েহে সৰ্বশক্তিমান বুলি নিজকে প্ৰতিষ্ঠা কৰা বিজেপিক প্ৰতিহত কৰিব পাৰিব বুলি আমি বিশ্বাস কৰো। সেয়েহে এই মৰ্চা গঠনৰ স্বাৰ্থতে কংগ্ৰেছ দলে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি এনে এগৰাকী লোকক ৰাজ্যসভাৰ বাবে প্ৰক্ষেপ কৰিব লাগে যিজনক বামপন্থী আৰু অন্যান্য গণতান্ত্ৰিক শক্তিসমূহে আকোঁৱালি লয়।  নিসন্দেহে এনে এজন ব্যক্তি বাঁওপন্থী ভাবধাৰাৰ হোৱাৰ লগতে ব্যক্তিগত জীৱনত সৎ আৰু নিষ্ঠাবান বুলি পৰিচিত হোৱাতো অতিকৈ প্ৰয়োজনীয়। এনে এজন ব্যক্তিয়ে প্ৰস্তাৱিত সন্মিলিত ৰাজনৈতিক মৰ্চাৰ জন্ম দিয়াতো অনন্য ভূমিকা ল’ব পাৰিব বুলি বিশ্বাস কৰিব পাৰি। তদুপৰি ৰাজ্যসভাত এক বলিষ্ঠ ভূমিকা ল’বৰ বাবে গ্লেমাৰ সৰ্বস্বতাক প্ৰশ্ৰয় নিদি এনে এগৰাকী প্ৰাৰ্থীক উলিয়াই আনিব লাগে যিজনাৰ এক অকলুষিত ব্যক্তিত্ব থকাৰ লগতে নিশ্চিতভাবে থাকিব লাগিব নিপুন বাকপটুতা আৰু আইনৰ বিশেষ জ্ঞান। এ আই ইউ ডি এফৰ দৰে দলৰ বিৰুদ্ধে বিজেপি দলে সততে যি সাম্প্ৰদায়িকতাৰ লেবেল লগাই আহিছে তাৰ বিৰুদ্ধে এক উচিত প্ৰত্যুত্তৰ দিবলৈ দলটোৱে এনে এগৰাকী ব্যক্তিৰ সপক্ষত থিয় দিয়াতো অতিকৈ জৰুৰী। অন্যথা গণতন্ত্ৰ ৰক্ষাৰ যুঁজখনত তেওঁলোকক অতি সহজে এলাগী কৰিবলৈ কৌশল অব্যাহত থাকিব।

(লেখকৰe-mail : [email protected])

কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd