সময়টো চাগে শীতৰ দুপৰীয়া আছিল। আমাৰ হাইস্কুলৰ ঘৰটো ইংৰাজী ‘ইউ’ আখৰটোৰ আৰ্হিৰ আছিল। আমি ঘৰটোৰ উত্তৰ ফালে আছিলোঁ। বোধহয় আমাৰ বছৰেকীয়া পৰীক্ষা হৈ আছিল। মহেশ চাৰ আমাৰ পৰীক্ষা নিৰীক্ষক আছিল আৰু ওচৰৰ ক্লাছটোৰ পৰীক্ষা নিৰীক্ষক আছিল বোধহয় মহেন্দ্ৰ চাৰ। মহেন্দ্ৰ চাৰ মহেশ চাৰৰ ছাত্ৰ আছিল। মহেশ চাৰে পদ্ম চকীদাৰক কৈছিল— ‘যোৱা অফিচৰ পৰা ইংৰাজী আৰু অসমীয়া নিউজপেপাৰ দুখনলৈ আহা।’ পদ্মই কাকত দুখন আনিলত তেখেতে কৈছিল— ‘অসমীয়াখন মোক দিয়া আৰু ইংৰাজীখন তেওঁক দিয়া।’ মানে মহেন্দ্ৰ চাৰক। অসমীয়াখন আছিল ‘দৈনিক অসম’ আৰু ইংৰাজীখন আছিল ‘The Assam Tribune’। মই পৰীক্ষা দি থাকোঁতে কথাটো লক্ষ্য কৰিছিলোঁ। শীতৰ দুপৰীয়া বাৰান্দাত ৰ’দৰ মৌজ লৈ চাৰহঁতে ডিউটি কৰিছিল আৰু বাতৰিকাকত পঢ়িছিল।সেই দিনটোৰ কথা আজিও মোৰ মনত আছে। তেতিয়াই মই জীৱনত প্ৰথমবাৰৰ বাবে বাতৰিকাকত দেখিছিলোঁ, বাতৰিকাকতৰ নাম শুনিছিলোঁ। সেইটো আছিল আজিৰ পৰা প্ৰায় ৫৫ বছৰৰ আগৰ কথা। তেতিয়া মই ইংৰাজী পঢ়াৰ প্ৰশ্নই নুঠে। কিন্তু অসমীয়াত পাঠ্যপুথিৰ বাহিৰে যদি তেতিয়া কিবা পঢ়িছিলোঁ, সেয়া আছিল ‘দৈনিক অসম’। মনত ৰাখিব, জীৱনত পাঠ্যপুথিৰ বাহিৰে প্ৰথম পঢ়া বস্তু আছিল ‘দৈনিক অসম’।
অসমীয়া ভাষাৰ কি সোৱাদ, কি ৰূপ তাক ‘দৈনিক অসম’তে প্ৰথম আৱিষ্কাৰ কৰিছিলোঁ। মনত আছে গৌৰীশংকৰ ভট্টাচাৰ্যই বিধানসভাত দিয়া বক্তৃতাৰ বাতৰি পঢ়াৰ কথা। তেনেকৈ আহি আহি কটন কলেজ পালোহি ১৯৭৭ চনত। তাৰ আগতে ১৯৭৫ চনত ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক ৰাধাগোবিন্দ বৰুৱা গুৱাহাটীৰ প্ৰথম মেয়ৰ হৈছিল। মেয়ৰ হোৱাৰ পিছত গামোচা আৰু ফুলৰ মালেৰে ওপচাই দিয়া তেওঁৰ ছবিখন ‘দৈনিক অসম’তে দেখা পাইছিলোঁ। এতিয়াও সেইখন ছবি মোৰ চকুৰ পতাত ভাহি আছে।
তেতিয়া ১৯৭৭ চন। মই আমাৰ শান্তিপুৰৰ ঘৰত থাকি কটনত পঢ়িছিলোঁ। সৰুমামাই আমাক ট্ৰিবিউনৰ স্বত্বাধিকাৰী কিংবদন্তী পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কথা কৈছিল। জীৱনৰ শেষৰ ফালে প্ৰায়ে আবেলি ৰাধাগোবিন্দ বৰুৱাই নিজৰ আহল-বহল বিদেশী গাড়ীখনত উঠি চানমাৰীৰ পৰা ব্ৰহ্মপুত্ৰ দলঙৰ সিটো মূৰলৈ গৈ আকৌ ঘৰলৈ ঘূৰি আহি চহৰখনত পাক এটা মাৰিছিল। সেই দৃশ্য মই নিজেও কেইবাবাৰো দেখিছোঁ।
আমি কটন কলেজত পঢ়ি থাকোঁতেই অসম আন্দোলনৰ উকমুকনি আৰম্ভ হৈছিল ১৯৭৮ চনত। ক’ৰ পৰা হৈছিল সেইটোও মই দেখিছিলোঁ— ৰিজাৰ্ভ বেংকৰ সন্মুখৰ পাঁচ আলিটোৰ ৰেলৱে কলনীৰ ফালৰ চুকটোৰ পৰা। ইতিমধ্যে ৰাধাগোবিন্দ বৰুৱা ঢুকাল ১৯৭৭ চনৰ ১৫ জুলাইত। অসম আন্দোলনে ১৯৭৯-৮২ ত তীব্ৰ ৰূপ ধাৰণ কৰিলে। ‘দৈনিক অসম’ৰ সম্পাদক কীৰ্তিনাথ হাজৰিকাই কাকতখনক অসম আন্দোলনৰ মুখপত্ৰত পৰিণত কৰিলে। মাজতে আন্দোলনৰ কাৰণে অসমৰ স্কুল-কলেজ বন্ধ হৈ গ’ল। তেতিয়া মই কেতিয়াবা ঘৰত, কেতিয়াবা গুৱাহাটীত। ‘দৈনিক অসম’ৰ পাততে অসম আন্দোলনৰ উঠা-নমাৰ উমান পাওঁ। ‘দৈনিক অসম’ত ছাত্ৰ সন্থাৰ বিবৃতি পঢ়িয়ে আমি ধৰিব পাৰিছিলোঁ কেতিয়া অসমৰ পৰিস্থিতি উত্তপ্ত হ’ব আৰু কেতিয়া পৰিস্থিতি তুলনামূলকভাৱে স্বাভাৱিক হৈ থাকিব। সেইবোৰ পঢ়ি কেতিয়াবা ভয় খাইছিলোঁ, কেতিয়াবা পৰিস্থিতি স্বাভাৱিক হ’লে অলপ শান্তিত আছিলোঁ। পিছলৈ ছাত্ৰ ৰাজনীতিত যুক্ত হৈ পৰিছিলোঁ বাবে বিবৃতি দিবলৈ প্ৰায়ে ‘দৈনিক অসম’ৰ অফিচলৈ গৈছিলোঁ। শুধ বগা ধুতি-পাঞ্জাবী পিন্ধি থকা ‘দৈনিক অসম’ৰ সম্পাদক কীৰ্তিনাথ হাজৰিকাৰ হাততে বিবৃতিবোৰ দি আহিছিলোঁ। তাৰ কিছু বছৰ পিছত ‘দৈনিক অসম’ৰ পৰা কীৰ্তিনাথ হাজৰিকাই অৱসৰ লৈছিল। অসম গণ পৰিষদৰ চৰকাৰে আমাৰ দৰে তেওঁকো আমুৱাইছিল। তাৰ পিছত প্ৰফুল্ল বৰুৱা ‘দৈনিক অসম’ৰ সম্পাদক হৈছিল। ইতিমধ্যে মই এন বি টি-ত (NBT) যোগ দি দিল্লী পাইছিলোঁগৈ। সেই সময়ত মোৰ কীৰ্তিনাথ হাজৰিকাৰ সৈতে এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল। তেওঁ এন বি টি-ৰ কাৰণে কৃষ্ণ কৃপালিনীয়ে ইংৰাজীত লিখা ‘Gandhi: A Life’ নামৰ কিতাপখন অসমীয়ালৈ ‘গান্ধী: জীৱন কথা’ হিচাপে অনুবাদ কৰিছিল।
তাৰ আগতে আমি ‘অন্বেষা’ৰ পৰা ‘ডেউকা’ উলিওৱা সময়ত এবাৰ ‘ডেউকা’ৰ কপি এটা দিবলৈ মই প্ৰফুল্ল গোবিন্দ বৰুৱাৰ চানমাৰীৰ ঘৰলৈ গৈছিলোঁ। আলোচনীখনৰ এটা কপি দি তেওঁৰ লগত ‘দৈনিক অসম’ আৰু ‘আছাম ট্ৰিবিউন’ৰ কথা উলিয়াইছিলোঁ। ইতিমধ্যে মুদ্ৰণ প্ৰযুক্তিলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিছিল। মই তেওঁক কৈছিলোঁ— ‘আপোনালোকে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা নাই যে।’ তেওঁ কৈছিল— ‘এহ, আমাৰ তাত সদায় বস্তুবোৰ অলপ পলমকৈহে আৰম্ভ হয়।’ পিছলৈ তেওঁৰ লগত মোৰ সম্পৰ্ক বেচ আন্তৰিক হৈ পৰিছিল। তেওঁ সদায় ‘অন্বেষা’ৰ কাম-কাজ ভূয়সী প্ৰশংসা কৰিছিল। সময় বাগৰি গৈছিল। ‘দৈনিক অসম’লৈ কিমান সম্পাদক আহিছিল, কিমান সম্পাদক গৈছিল মই তাৰ হিচাপ ৰখা নাছিলোঁ। মুনীন বায়ন ‘দৈনিক অসম’ৰ কাৰ্যবাহী সম্পাদক হৈ থকা সময়ত মই অৱেশ্যে তাত প্ৰায়ে লিখিছিলোঁ। তাৰ পিছত মোৰ কাকতখনৰ লগত সম্পৰ্ক নোহোৱা হৈছিল। মোৰ লগত কাকত এখনৰ সম্পৰ্ক থকা-নথকাটো কোনো ধৰ্তব্য কথা নহয়। মই ভাবিছিলোঁ ৰাধা গোবিন্দ বৰুৱাই আৰম্ভ কৰা ঐতিহাসিক ‘দৈনিক অসম’ আছিল আৰু সদায় থাকিব। কিন্তু কালি হঠাৎ খবৰ পালোঁ ‘দৈনিক অসম’ৰ ট্ৰিবিউন চৌহদৰ বাহিৰত নতুন অফিচ খুলিছে। ‘দৈনিক অসম’ মোৰ কি হয়, একো নহয়, কিন্তু ‘দৈনিক অসম’ ট্ৰিবিউন চৌহদৰ বাহিৰত— এই কথাটো মই মানি ল’ব পৰা নাই। বাৰে বাৰে ৰাধাগোবিন্দ বৰুৱালৈ মনত পৰিছে। মনত পৰিছে তুলসী গোবিন্দ বৰুৱা আৰু প্ৰফুল্ল গোবিন্দ বৰুৱালৈও। ৰাধাগোবিন্দ বৰুৱাৰ বাবে ইয়াতকৈ কি আৰু ডাঙৰ অপমান হ’ব পাৰে! কালি নিত্যাদাৰ মৎস্যস্পৰ্শলৈ যাওঁতে ট্ৰিবিউন বিল্ডিংটোলৈ চাইছিলোঁ। এতিয়াও ‘দৈনিক অসম’ নামটো তাত লাগি আছে। বোধহয় অতি সোনকালে সেই নামটো তাৰপৰা মচা যাব। ট্ৰিবিউনৰ এই অৱস্থাই অসমীয়া জাতিৰেই অৱক্ষয়ৰো কিবা ইংগিত দিয়া নাইতো! ‘দৈনিক অসম’ৰ বৰ্তমানৰ স্বত্বাধিকাৰীৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা আছে। তেওঁলোকে ‘দৈনিক অসম’ৰ ভাল কৰক। কিন্তু মোৰ কাৰণে ট্ৰিবিউন চৌহদৰ বাহিৰত ‘দৈনিক অসম’ এটা বৰ দুখৰ কাহিনী। মই ভাবোঁ কথাটো সামাজিকভাৱেও তাৎপৰ্যপূৰ্ণ।





