• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

এটি দুখৰ মালিতা: Assam Tribuneৰ চৌহদৰ পৰা উলুবাৰীলৈ স্থানান্তৰ দৈনিক অসমৰ কাৰ্যালয়!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 21, 2026 10:28 am
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময়টো চাগে শীতৰ দুপৰীয়া আছিল। আমাৰ হাইস্কুলৰ ঘৰটো ইংৰাজী ‘ইউ’ আখৰটোৰ আৰ্হিৰ আছিল। আমি ঘৰটোৰ উত্তৰ ফালে আছিলোঁ। বোধহয় আমাৰ বছৰেকীয়া পৰীক্ষা হৈ আছিল। মহেশ চাৰ আমাৰ পৰীক্ষা নিৰীক্ষক আছিল আৰু ওচৰৰ ক্লাছটোৰ পৰীক্ষা নিৰীক্ষক আছিল বোধহয় মহেন্দ্ৰ চাৰ। মহেন্দ্ৰ চাৰ মহেশ চাৰৰ ছাত্ৰ আছিল। মহেশ চাৰে পদ্ম চকীদাৰক কৈছিল— ‘যোৱা অফিচৰ পৰা ইংৰাজী আৰু অসমীয়া নিউজপেপাৰ দুখনলৈ আহা।’ পদ্মই কাকত দুখন আনিলত তেখেতে কৈছিল— ‘অসমীয়াখন মোক দিয়া আৰু ইংৰাজীখন তেওঁক দিয়া।’ মানে মহেন্দ্ৰ চাৰক। অসমীয়াখন আছিল ‘দৈনিক অসম’ আৰু ইংৰাজীখন আছিল ‘The Assam Tribune’। মই পৰীক্ষা দি থাকোঁতে কথাটো লক্ষ্য কৰিছিলোঁ। শীতৰ দুপৰীয়া বাৰান্দাত ৰ’দৰ মৌজ লৈ চাৰহঁতে ডিউটি কৰিছিল আৰু বাতৰিকাকত পঢ়িছিল।সেই দিনটোৰ কথা আজিও মোৰ মনত আছে। তেতিয়াই মই জীৱনত প্ৰথমবাৰৰ বাবে বাতৰিকাকত দেখিছিলোঁ, বাতৰিকাকতৰ নাম শুনিছিলোঁ। সেইটো আছিল আজিৰ পৰা প্ৰায় ৫৫ বছৰৰ আগৰ কথা। তেতিয়া মই ইংৰাজী পঢ়াৰ প্ৰশ্নই নুঠে। কিন্তু অসমীয়াত পাঠ্যপুথিৰ বাহিৰে যদি তেতিয়া কিবা পঢ়িছিলোঁ, সেয়া আছিল ‘দৈনিক অসম’। মনত ৰাখিব, জীৱনত পাঠ্যপুথিৰ বাহিৰে প্ৰথম পঢ়া বস্তু আছিল ‘দৈনিক অসম’।

অসমীয়া ভাষাৰ কি সোৱাদ, কি ৰূপ তাক ‘দৈনিক অসম’তে প্ৰথম আৱিষ্কাৰ কৰিছিলোঁ। মনত আছে গৌৰীশংকৰ ভট্টাচাৰ্যই বিধানসভাত দিয়া বক্তৃতাৰ বাতৰি পঢ়াৰ কথা। তেনেকৈ আহি আহি কটন কলেজ পালোহি ১৯৭৭ চনত। তাৰ আগতে ১৯৭৫ চনত ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক ৰাধাগোবিন্দ বৰুৱা গুৱাহাটীৰ প্ৰথম মেয়ৰ হৈছিল। মেয়ৰ হোৱাৰ পিছত গামোচা আৰু ফুলৰ মালেৰে ওপচাই দিয়া তেওঁৰ ছবিখন ‘দৈনিক অসম’তে দেখা পাইছিলোঁ। এতিয়াও সেইখন ছবি মোৰ চকুৰ পতাত ভাহি আছে।

Apply Now

তেতিয়া ১৯৭৭ চন। মই আমাৰ শান্তিপুৰৰ ঘৰত থাকি কটনত পঢ়িছিলোঁ। সৰুমামাই আমাক ট্ৰিবিউনৰ স্বত্বাধিকাৰী কিংবদন্তী পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কথা কৈছিল। জীৱনৰ শেষৰ ফালে প্ৰায়ে আবেলি ৰাধাগোবিন্দ বৰুৱাই নিজৰ আহল-বহল বিদেশী গাড়ীখনত উঠি চানমাৰীৰ পৰা ব্ৰহ্মপুত্ৰ দলঙৰ সিটো মূৰলৈ গৈ আকৌ ঘৰলৈ ঘূৰি আহি চহৰখনত পাক এটা মাৰিছিল। সেই দৃশ্য মই নিজেও কেইবাবাৰো দেখিছোঁ।

আমি কটন কলেজত পঢ়ি থাকোঁতেই অসম আন্দোলনৰ উকমুকনি আৰম্ভ হৈছিল ১৯৭৮ চনত। ক’ৰ পৰা হৈছিল সেইটোও মই দেখিছিলোঁ— ৰিজাৰ্ভ বেংকৰ সন্মুখৰ পাঁচ আলিটোৰ ৰেলৱে কলনীৰ ফালৰ চুকটোৰ পৰা। ইতিমধ্যে ৰাধাগোবিন্দ বৰুৱা ঢুকাল ১৯৭৭ চনৰ ১৫ জুলাইত। অসম আন্দোলনে ১৯৭৯-৮২ ত তীব্ৰ ৰূপ ধাৰণ কৰিলে। ‘দৈনিক অসম’ৰ সম্পাদক কীৰ্তিনাথ হাজৰিকাই কাকতখনক অসম আন্দোলনৰ মুখপত্ৰত পৰিণত কৰিলে। মাজতে আন্দোলনৰ কাৰণে অসমৰ স্কুল-কলেজ বন্ধ হৈ গ’ল। তেতিয়া মই কেতিয়াবা ঘৰত, কেতিয়াবা গুৱাহাটীত। ‘দৈনিক অসম’ৰ পাততে অসম আন্দোলনৰ উঠা-নমাৰ উমান পাওঁ। ‘দৈনিক অসম’ত ছাত্ৰ সন্থাৰ বিবৃতি পঢ়িয়ে আমি ধৰিব পাৰিছিলোঁ কেতিয়া অসমৰ পৰিস্থিতি উত্তপ্ত হ’ব আৰু কেতিয়া পৰিস্থিতি তুলনামূলকভাৱে স্বাভাৱিক হৈ থাকিব। সেইবোৰ পঢ়ি কেতিয়াবা ভয় খাইছিলোঁ, কেতিয়াবা পৰিস্থিতি স্বাভাৱিক হ’লে অলপ শান্তিত আছিলোঁ। পিছলৈ ছাত্ৰ ৰাজনীতিত যুক্ত হৈ পৰিছিলোঁ বাবে বিবৃতি দিবলৈ প্ৰায়ে ‘দৈনিক অসম’ৰ অফিচলৈ গৈছিলোঁ। শুধ বগা ধুতি-পাঞ্জাবী পিন্ধি থকা ‘দৈনিক অসম’ৰ সম্পাদক কীৰ্তিনাথ হাজৰিকাৰ হাততে বিবৃতিবোৰ দি আহিছিলোঁ। তাৰ কিছু বছৰ পিছত  ‘দৈনিক অসম’ৰ পৰা  কীৰ্তিনাথ হাজৰিকাই অৱসৰ লৈছিল। অসম গণ পৰিষদৰ চৰকাৰে আমাৰ দৰে তেওঁকো আমুৱাইছিল। তাৰ পিছত প্ৰফুল্ল বৰুৱা ‘দৈনিক অসম’ৰ সম্পাদক হৈছিল। ইতিমধ্যে মই এন বি টি-ত (NBT) যোগ দি দিল্লী পাইছিলোঁগৈ। সেই সময়ত মোৰ কীৰ্তিনাথ হাজৰিকাৰ সৈতে এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল। তেওঁ এন বি টি-ৰ কাৰণে কৃষ্ণ কৃপালিনীয়ে ইংৰাজীত লিখা ‘Gandhi: A Life’ নামৰ কিতাপখন অসমীয়ালৈ ‘গান্ধী: জীৱন কথা’ হিচাপে অনুবাদ কৰিছিল।

তাৰ আগতে আমি ‘অন্বেষা’ৰ পৰা ‘ডেউকা’ উলিওৱা সময়ত এবাৰ ‘ডেউকা’ৰ কপি এটা দিবলৈ মই প্ৰফুল্ল গোবিন্দ বৰুৱাৰ চানমাৰীৰ ঘৰলৈ গৈছিলোঁ। আলোচনীখনৰ এটা কপি দি তেওঁৰ লগত ‘দৈনিক অসম’ আৰু ‘আছাম ট্ৰিবিউন’ৰ কথা উলিয়াইছিলোঁ। ইতিমধ্যে মুদ্ৰণ প্ৰযুক্তিলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিছিল। মই তেওঁক কৈছিলোঁ— ‘আপোনালোকে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা নাই যে।’ তেওঁ কৈছিল— ‘এহ, আমাৰ তাত সদায় বস্তুবোৰ অলপ পলমকৈহে আৰম্ভ হয়।’ পিছলৈ তেওঁৰ লগত মোৰ সম্পৰ্ক বেচ আন্তৰিক হৈ পৰিছিল। তেওঁ সদায় ‘অন্বেষা’ৰ কাম-কাজ ভূয়সী প্ৰশংসা কৰিছিল। সময় বাগৰি গৈছিল। ‘দৈনিক অসম’লৈ কিমান সম্পাদক আহিছিল, কিমান সম্পাদক গৈছিল মই তাৰ হিচাপ ৰখা নাছিলোঁ। মুনীন বায়ন ‘দৈনিক অসম’ৰ কাৰ্যবাহী সম্পাদক হৈ থকা সময়ত মই অৱেশ‍্যে তাত প্ৰায়ে লিখিছিলোঁ। তাৰ পিছত মোৰ কাকতখনৰ লগত সম্পৰ্ক নোহোৱা হৈছিল। মোৰ লগত কাকত এখনৰ সম্পৰ্ক থকা-নথকাটো কোনো ধৰ্তব্য কথা নহয়। মই ভাবিছিলোঁ ৰাধা গোবিন্দ বৰুৱাই আৰম্ভ কৰা ঐতিহাসিক ‘দৈনিক অসম’ আছিল আৰু  সদায় থাকিব। কিন্তু কালি হঠাৎ খবৰ পালোঁ ‘দৈনিক অসম’ৰ ট্ৰিবিউন চৌহদৰ বাহিৰত নতুন অফিচ খুলিছে। ‘দৈনিক অসম’ মোৰ কি হয়, একো নহয়, কিন্তু ‘দৈনিক অসম’ ট্ৰিবিউন চৌহদৰ বাহিৰত— এই কথাটো মই মানি ল’ব পৰা নাই। বাৰে বাৰে ৰাধাগোবিন্দ বৰুৱালৈ মনত পৰিছে। মনত পৰিছে তুলসী গোবিন্দ বৰুৱা আৰু প্ৰফুল্ল গোবিন্দ বৰুৱালৈও। ৰাধাগোবিন্দ বৰুৱাৰ বাবে ইয়াতকৈ কি আৰু ডাঙৰ অপমান হ’ব পাৰে! কালি নিত্যাদাৰ মৎস্যস্পৰ্শলৈ যাওঁতে ট্ৰিবিউন বিল্ডিংটোলৈ চাইছিলোঁ। এতিয়াও ‘দৈনিক অসম’ নামটো তাত লাগি আছে। বোধহয় অতি সোনকালে সেই নামটো তাৰপৰা মচা যাব। ট্ৰিবিউনৰ এই অৱস্থাই অসমীয়া জাতিৰেই অৱক্ষয়ৰো কিবা ইংগিত দিয়া নাইতো! ‘দৈনিক অসম’ৰ বৰ্তমানৰ স্বত্বাধিকাৰীৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা আছে। তেওঁলোকে ‘দৈনিক অসম’ৰ ভাল কৰক। কিন্তু মোৰ কাৰণে ট্ৰিবিউন চৌহদৰ বাহিৰত ‘দৈনিক অসম’ এটা বৰ দুখৰ কাহিনী। মই ভাবোঁ কথাটো সামাজিকভাৱেও তাৎপৰ্যপূৰ্ণ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

July 14, 2026 9:07 am
হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

July 14, 2026 8:57 am
ভিয়েটনামৰ সাগৰত প্ৰাণ হেৰুওৱা ১৫ ভাৰতীয়ৰ মৃতদেহ আহি পালেহি মুম্বাই! নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা চৰকাৰৰ

ভিয়েটনামৰ সাগৰত প্ৰাণ হেৰুওৱা ১৫ ভাৰতীয়ৰ মৃতদেহ আহি পালেহি মুম্বাই! নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা চৰকাৰৰ

July 14, 2026 8:36 am
ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ অসন্তুষ্ট ৫৩ শতাংশ এনডিএ ভোটাৰ! কোন পথে আগবঢ়িব মোডী চৰকাৰ?

ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ অসন্তুষ্ট ৫৩ শতাংশ এনডিএ ভোটাৰ! কোন পথে আগবঢ়িব মোডী চৰকাৰ?

July 14, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

July 14, 2026 9:07 am
হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

July 14, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd