DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লেখাপানীৰ উদয়পুৰত লোমহৰ্ষক হত্যাকাণ্ড; ভিনিহিয়েকৰ দাৰ ঘাপত প্ৰাণ গ’ল খুলশালিয়েকৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 7, 2020 4:11 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

473
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত তিনি নং উদয়পুৰত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।

নিজ ভিনিহিয়েকে দাৰে ঘপিয়াই হত্যা কৰিলে খুলশালিয়েকক।

ঘটনাৰ বিৱৰণ অনুযায়ী দেওবাৰে নিশা বায়েক আৰু ভিনিহিয়েকে কিবা কাৰণত তৰ্কত লিপ্ত হয় আৰু শেষত সেই তৰ্কই দুয়োৰে মাজত তুমুল কাজিয়াৰ সৃষ্টি কৰে।

তেনে সময়তে কাষতে থকা খুলশালিয়েক দীপক থেৰুৱাই বায়েক-ভিনিহিয়েকৰ মাজৰ কাজিয়া এৰুৱাবলৈ বুলি উপস্থিত হয়।

বায়েক-ভিনিহিয়েকৰ কাজিয়া এৰুৱাবলৈ অহা খুলশালিয়েক দীপক থেৰুৱাৰ সৈতে ভিনিয়েকৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় আৰু শেষত খুলশালিয়েক আৰু ভিনিহিয়েকৰ মাজৰ সেই বাক-বিতণ্ডাই এক অন্য ৰূপ লয়।

পৰিণতিত ভিনিহিয়েক প্ৰকাশ কাচৰয়ে এখন চোকা দাৰে ঘৰৰ কাষতে থকা উপ-পথ এটাত দীপক থেৰুৱাক টানি আনি ঘপিয়াই প্ৰহাৰ কৰে।

ফলত দাৰ ঘাপত দীপক থেৰুৱাৰ শৰীৰ ক্ষত-বিক্ষত হৈ পৰাত ২৫ বছৰীয়া দীপক থেৰুৱাৰ থিতাতে মৃত্যু হয়।

ঘটনা সংঘটিত কৰিয়েই হত্যাকাৰী প্ৰকাশ কাচৰ পলাই যাবলৈ সক্ষম হয় যদিও আজি পুৱা লেখাপানী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত লেখাপানীৰ বাৰ্মা কেম্পৰ পৰা দুৰ্বৃত্ত প্ৰকাশ কাচৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে দীপক থেৰুৱাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd