NORTHEAST NOW (Assamese)

গুৱাহাটী মহানগৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; দ্ৰুতবেগী ট্ৰাকে মহতিয়াই বিধস্ত কৰিলে স্কুটি

August 22, 2019 10:34 pm · কল্পজ্যোতি শইকীয়া
দুৰ্ঘটনাত ট্ৰাকৰ তলত সোমাই যোৱা অৱস্থাত স্কুটিখন

গুৱাহাটী মহানগৰীৰ ছয়মাইল উৰণীয়া সেতুৰ তলত আজি নিশা ৯.২০ মিনিটত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী স্কুটি আৰোহীৰ।

জানিব পৰা মতে, দুৰ্ঘটনাটোত চলন্ত ট্ৰাকৰ তলত আৰোহীগৰাকী আহি থকা স্কুটিখন সোমাই গৈ সম্পুৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

স্কুটীখনৰ চালকগৰাকীৰ নাম ঋষি দাস বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাত আহত হৈছে দাস।

আমি লাভ কৰা তথ্য অনুসৰি, বেলতলাৰ পৰা ঋষি দাস নামৰ যুৱকজন স্কুটি(এ এছ ০১ ডি জি ১২৮০)ৰে পাঞ্জাবাৰীৰ বাসগৃহলৈ আহি থকা অৱস্থাতে এ এছ ০১ টি ৬৭৪২ নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰকে পিছফালৰ পৰা আহি খুন্দা মাৰে।

আনহাতে, খুন্দা মৰাৰ ঠিক আগমুহুৰ্তত দাসে স্কুটিখন এৰি জাপ দিয়াৰ ফলতহে জীৱন ৰক্ষা পৰে বুলি সংবাদ মাধ্যমৰ আগত তেওঁ জানিবলৈ দিয়ে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে সেই স্থানত মহানগৰ আৰক্ষীৰ দল উপস্থিত হৈ ট্ৰাকখন জব্দ কৰি দিছপুৰ থানালৈ লৈ যায়।

ঘটনাস্থলীত ৰাইজৰ অভিযোগ অনুসৰি ট্ৰাক চালকগৰাকীয়ে সুৰাপান কৰি গাড়ী চলাইছিল।

উপস্থিত ৰাইজে লগতে নিশা ১০ বজাৰ পূৰ্বে মহানগৰীত কিয় ট্ৰাক প্ৰৱেশ কৰিবলৈ দিয়া হয় বুলিও আৰক্ষীক জবাব দিহি কৰে।

Related News