বানাক্ৰান্তৰ কাষত ক্ৰিয়েশ্ব্যন মোছন পিকচাৰ : মালৈবাৰী আৰু ক্ষেত্ৰীৰ বন্যাৰ্তক সাহায্য
‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে’ এই মহান উক্তি আগত ৰাখি মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ কাষত মঙলবাৰে অৰ্থাৎ ২৩ জুলাইত থিয় দিলে ক্ৰিয়েশ্ব্যন মোছন পিকছাৰ নামৰ এক সামাজিক সাংস্কৃতি সংগঠনে। তেওঁলোকৰ লগত সহযোগিতা আগবঢ়ায় বৰঠাকুৰ আই এ এছ একাডেমী আৰু যুৱ বাহিনী অসমে।
বানত বিধ্বস্ত হোৱা লোকসকলে চৰকাৰীভাৱে কিছু পৰিমাণে সাহায্য লাভ কৰিছে যদিও সেয়া পৰ্য্যাপ্ত নহয়। সেয়েহে এনেদৰে বিভিন্ন দল-সংগঠনে নিজাববীয়াকৈ প্ৰচেষ্টা লৈ বানপীড়িত লোকৰ কাষত থিয় হোৱা পৰিলক্ষিত হৈছে।
তিনিওটা গ্ৰুপে মঙলবাৰৰ দিনটোত মালৈবাৰী ক্ষেত্ৰীৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানীকে ধৰি ম’ম বাতি, মেক্স’ আৰু চেনিটেৰী নেফকিন বিতৰণ কৰে।
বানপীড়িত অসহায় লোকক এষাৰি মাত দিয়াৰ উদ্দেশ্যে তেওঁলোকে এই পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিয়ে গ্ৰুপৰ এগৰাকী সদস্যই।
তিনিওটা গ্ৰুপৰে এই প্ৰচেষ্টাৰ শলাগ লৈছে ক্ষেত্ৰীৰ মালৈবাৰী অঞ্চলৰ বানপীড়িত লোকে।
উল্লেখযোগ্য যে বানপানীৰ কবলত পৰি নিজৰ ঘৰ-দুৱাৰ, পশুধন হেৰুওৱা লোকসকলৰ মাজত ৰাজ্যৰ বিভিন্ন দল-সংগঠন, এন জি অ’ আৰু ফেন ক্লাবসমূহে সাহায্য প্ৰদানেৰে বানপীড়িতৰ মুখত এমুকুৰা হাঁহি বিৰিঙাবলৈ প্ৰয়াস কৰিছে।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ইতিমধ্যে মহানগৰীৰ ভিন্ন প্ৰান্তত জুবিন ফেন ক্লাব, বেহাৰবাৰী আউটপ’ষ্টৰ অভিনেতা অভিনেত্ৰী আৰু শিল্পীসমাজ একত্ৰিত হৈ বান সাহায্য সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে।