আজিকালিৰ ব্যস্ত জীৱনত জিমলৈ যোৱাৰ সময় প্ৰায় বহুতৰে নাই। অথচ নিজকে সুস্থ ৰখাটো অতি প্ৰয়োজন। কেতিয়াবা চৰ্দি-কাহ আৰু কেতিয়াবা দুশ্চিন্তাই আমাক আমনি কৰে। শৰীৰ আৰু মন দুয়োটাই ভাল নাথাকে আৰু লাহে লাহে ভিতৰতে উদ্বেগ বাঢ়ি যায়। চিকিৎসকসকলে ইয়াক ক্ৰনিক ষ্ট্ৰেছ বা দীৰ্ঘম্যাদী মানসিক চাপ বুলি কয়। এই অস্থিৰ সময়ত নিজকে সুস্থ ৰাখিবলৈ আৰু মন শান্ত কৰিবলৈ প্ৰাণায়ামেই একমাত্ৰ উপায় হ’ব পাৰে। ই কোনো জটিল পদ্ধতি নহয়, মাত্ৰ পাঁচ মিনিটৰ নাড়ী শোধন প্ৰাণায়ামৰ জৰিয়তে শৰীৰ আৰু মনৰ সকলো সমস্যাৰ সমাধান কৰিব পৰা যায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নাড়ী শোধন প্ৰাণায়ামৰ উপকাৰিতাৰ কথা উল্লেখ কৰিছে আৰু নিজেই কৰি দেখুৱাইছে। নাড়ী শোধন হৈছে উশাহ-নিশাহৰ এক ব্যায়াম। ই শৰীৰৰ স্নায়ুবোৰ স্থিৰ আৰু সক্ৰিয় কৰি ৰাখে। এই প্ৰাণায়ামত দুয়োটা নাকৰ বিন্ধাৰে উশাহ-নিশাহ লোৱাৰ জৰিয়তে স্নায়ুৰ ভাৰসাম্য বজাই ৰখা হয়, যাৰ ফলত শৰীৰ আৰু মনৰ বিভিন্ন ৰোগ দূৰ হয়।
এই প্ৰাণায়াম কৰিবলৈ প্ৰথমে পিঠি পোন কৰি আৰামদায়ক অৱস্থাত বহিব লাগে। সুখাসনত বহিব পাৰিলে আটাইতকৈ ভাল। তাৰ পিছত বাওঁ হাতখন জ্ঞান মুদ্ৰাত আঁঠুৰ ওপৰত ৰাখিব লাগে। সোঁ হাতৰ আঙুলিবোৰ মুখৰ ওচৰলৈ আনি তৰ্জনী আৰু মধ্যমা আঙুলি দুটা দুয়োটা চেলাউৰিৰ মাজত পাতলকৈ ৰাখিব লাগে। এতিয়া বুঢ়া আঙুলিটো সোঁ নাকৰ বিন্ধাত আৰু অনামিকা আঙুলিটো বাওঁ নাকৰ বিন্ধাত ৰাখিব লাগে। বুঢ়া আঙুলিৰে সোঁ নাকৰ বিন্ধাটো বন্ধ কৰি বাওঁ নাকৰ বিন্ধাৰে যিমান পাৰে সিমান উশাহ ল’ব লাগে। তাৰ পিছত অনামিকা আঙুলিৰে বাওঁ নাকৰ বিন্ধাটো বন্ধ কৰি সোঁ নাকৰ বিন্ধাৰে উশাহ এৰিব লাগে। এনেদৰে এটা ৰাউণ্ড সম্পূৰ্ণ হ’ব আৰু এইদৰে প্ৰতিটো নাকৰ বিন্ধাৰে দহৰ পৰা পোন্ধৰ বাৰকৈ এই প্ৰাণায়াম অভ্যাস কৰিব লাগে।
প্ৰতিদিনে ৰাতিপুৱা আৰু ৰাতি শুৱাৰ সময়ত এই অভ্যাস কৰিলে উশাহ-নিশাহৰ সমস্যা দূৰ হয়। হাঁপানী আৰু চি অ পি ডি ৰোগীৰ বাবেও এই উশাহৰ ব্যায়াম অতি উপকাৰী। নিয়মীয়াকৈ এই প্ৰাণায়াম কৰিলে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি পায়, স্মৃতিশক্তি উন্নত হয় আৰু মনঃসংযোগ বাঢ়ে। ইয়াৰ উপৰিও টোপনি নহা বা অনিদ্ৰাৰ সমস্যাও সহজেই নাইকিয়া হয়।





