বৰ্তমান সময়ৰ অত্যধিক বায়ু প্ৰদূষণৰ মাজত আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হাঁওফাওঁক সুস্থ কৰি ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। শৰীৰত অক্সিজেন যোগান ধৰা আৰু কাৰ্বন ডাই অক্সাইড আঁতৰোৱাত হাঁওফাওঁৰ ভূমিকা অতুলনীয়। আমি সাধাৰণতে ভাবো যে কেৱল পৰিষ্কাৰ বতাহ আৰু ব্যায়ামেই হাঁওফাওঁৰ বাবে যথেষ্ট, কিন্তু শেহতীয়া গৱেষণা আৰু আমেৰিকাৰ নেচনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰ্মেশ্যনৰ প্ৰতিবেদন অনুসৰি এটা নিৰ্দিষ্ট ভিটামিনৰ অভাৱত হাঁওফাওঁৰ গুৰুতৰ ক্ষতি হ’ব পাৰে। সেই বিশেষ ভিটামিনটো হৈছে ভিটামিন ডি।
বহুতেই হয়তো ভাবে যে ভিটামিন ডিয়ে কেৱল আমাৰ হাড়ৰ শক্তি বৃদ্ধি কৰে, কিন্তু ইয়াৰ বাহিৰেও হাঁওফাওঁৰ সুৰক্ষাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লে হাঁওফাওঁৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় আৰু ই ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে। ইয়াৰ ফলত হাপানী, ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ চমুকৈ চিঅ’পিডি আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে এই ভিটামিনে হাঁওফাওঁৰ প্ৰদাহ হ্ৰাস কৰাৰ লগতে নতুন কোষ গঠনত সহায় কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ভাইৰাছ তথা বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
অৱশ্যে কেৱল ভিটামিন ডিয়েই নহয়, হাঁওফাওঁৰ বাবে ভিটামিন চি আৰু ই সমানেই দৰকাৰী। ভিটামিন চি হৈছে এক শক্তিশালী এণ্টি-অক্সিডেণ্ট যিয়ে প্ৰদূষণ আৰু ধোঁৱাৰ ফলত হোৱা ক্ষতিৰ পৰা হাঁওফাওঁক ৰক্ষা কৰে। আনহাতে ভিটামিন ইয়ে কোষৰ আৱৰণ সুৰক্ষিত কৰাত আৰু দীৰ্ঘদিনীয়া প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। শৰীৰত এই ভিটামিনসমূহৰ সঠিক মাত্ৰা থাকিলে হাঁওফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু অক্সিজেন শোষণ প্ৰক্ৰিয়াও অধিক উন্নত হয়।
ভিটামিন ডিৰ অভাৱ দূৰ কৰাৰ আটাইতকৈ সহজ আৰু উত্তম উৎস হৈছে সূৰ্যৰ পোহৰ। প্ৰতিদিনে পুৱা কমেও ২০ৰ পৰা ৩০ মিনিট ৰ’দত সময় অতিবাহিত কৰিলে শৰীৰত স্বাভাৱিকভাৱে এই ভিটামিন উৎপন্ন হয়। খাদ্যৰ ভিতৰত কণী, ভেঁকুৰ অৰ্থাৎ কাঠফুলা, গাখীৰ, ছালমন বা তেনে জাতীয় তেলীয়া মাছ খালে এই অভাৱ পূৰণ কৰিব পৰা যায়। ইয়াক ছানশ্বাইন ভিটামিন বুলিও জনা যায়। বহু ক্ষেত্ৰত বিশেষজ্ঞসকলে ভিটামিন ডিৰ সৈতে ভিটামিন কে গ্ৰহণ কৰাৰো পৰামৰ্শ দিয়ে, কাৰণ ভিটামিন ডিয়ে তেজত কেলচিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে ভিটামিন কেয়ে সেই কেলচিয়াম সঠিকভাৱে হাড়ত জমা হোৱাত সহায় কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায়।





