তেজপুৰৰ ওঠৰ মাইলৰ পৰা ডিব্ৰুগড় অভিমূখে গৈ থকা অৱস্থাত বিশ্বনাথৰ সাধাৰুত নিশা পাঁচজনীয়া ডকাইতৰ দলে কেঁচা পাচলি কঢ়িওয়া ডি আই গাড়ীত পিষ্টল দেখুৱাই গাড়ীখনৰ চালকৰ পৰা ধন লুটি নিয়ে।
যোৱা নিশা ১১.৩০ মান বজাত ওঠৰ মাইলৰ পৰা কেঁচা শাক পাচলি লৈ শুকুৰ আলি নামৰ লোকজনে আন এজন সহযোগীৰ সৈতে বিশ্বনাথ হৈ ডিব্ৰুগড় অভিমূখে গৈ থকা অৱস্থাত হঠাৎগাড়ীখন বিশ্বনাথৰ সাধাৰুত যান্ত্ৰিক বিজুতী ঘটি ৰৈ যাবলগীয়া হয়।
সেই সময়তে তেজপুৰৰ পিনৰ পৰা বিশ্বনাথৰ দিশে আহি থকা বগা ৰঙৰ Swift Desire গাড়ীত পাঁচজন অস্ত্ৰধাৰী যুৱকে আহি আক্ৰমণ কৰে গাড়ী চালক শুকুৰ আলিক।
হাতত পিষ্টল লৈ দুৰ্বৃত্তৰ দলটোৱে গাড়ী চালক আৰু সহযোগীক চিঞৰ বাখৰ কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে আৰু গাড়ী চালক শুকুৰ আলিৰ পকেটত থকা ১৭৫০০ টকা ডকাইতি কৰি সেই স্থানৰ পৰা দলটোৱে পলায়ন কৰে।
আনহাতে, গাড়ীৰ চালক শুকুৰ আলিয়ে দাবী কৰা মতে দুৰ্বৃত্তৰ দলটোৱে লৈ অনা ছুইফ্ট ডিজায়েৰ গাড়ীখনৰ নম্বৰ হ’ল AS12-Y-8883 আৰু ভুক্তভোগীৰ ডি আই গাড়ীখনৰ নম্বৰ হ’ল AS12BC:5108।
ইতিমধ্যে ভুক্তভোগী শুকুৰ আলিয়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এই ডকাইতি ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে আৰু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাইও এই চাঞ্চল্যকৰ ডকাইতি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।