NORTHEAST NOW (Assamese)

বিৰল ৰোগত আক্ৰান্ত এটি শিশু; ২ ইঞ্চি কাটি পেলোৱাৰ পাছতো বাঢ়ি আহিছে জিভা

February 15, 2021 2:24 pm · এন ই নাও নিউজ
মাতৃৰ সৈতে অ'ৱেন থমাছ।

বিৰল ৰোগত ভূগিছে এটি তিনিবছৰীয়া শিশু অ’ৱেন থমাছ। এই ৰোগৰ নাম বেকউইথ উইডিমান ছিন্ড্ৰ’ম। এইৰোগত আক্ৰান্ত হ’লে ব্যক্তিৰ শৰীৰৰ কোনো অংশ বাঢ়ি আহিবলৈ আৰম্ভ কৰে।

চিকিৎসকলৰ মতে ১৫হাজাৰৰ ভিতৰত এটি শিশুৰ এনে ৰোগ হয়।

অ’ৱেনৰ এই ৰোগ দেখা দিছে জিভাত। শিশুটিৰ জিভা স্বাভাৱিকৰ তুলনাত ডাঙৰ। ফলত পিতৃ-মাতৃ ভীষণ সমস্যাত পৰিছে।

জন্ম হোৱাৰ সময়ত চিকিৎসকসকলে অ’ৱেনৰ এই ঘটনাটো বুজিব পৰা নাছিল। তেওঁলোকে জিভাখন ফুলি যোৱাৰ বাবে এনে হোৱা বুলি ধৰি লৈছিল। কিন্তু কিছুদিন যোৱাৰ পাছত সেয়া যে সাধাৰণ কথা নহয় স্পষ্ট হৈ পৰে।

পৰীক্ষা কৰাৰ পাছত অ’ৱেন বেকউইথ উইডিমান ছিন্ড্ৰ’মত আক্ৰান্ত বুলি নিশ্চিত হয়।

২০১৮চনৰ ৭ ফেব্ৰুৱাৰিত জন্মগ্ৰহণ কৰা অ’ৱেনৰ জিভাখন আন দহটা শিশুৰ তুলনাত বহুত ডাঙৰ আছিল। অ’ৱেনৰ উশাহ লওঁতে প্ৰায়ে কষ্ট হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচেল ভেনিয়াত থকা অ’ৱেনৰ মাক থেৰেছা থমাছে অক্সিজেন চেক কৰাৰ বাবে অক্সিজেন মিটাৰ আনি ঘৰতে ৰাখিছিল। এইটোৱে কেইবাবাৰো অ’ৱেনৰ জীৱন বচোৱাত সহায় কৰিছে। প্ৰতি তিনি মাহৰ মূৰত অ’ৱেনৰ তেজত অক্সিজেনৰ পৰিমান পৰীক্ষা কৰি চোৱা হয়।

অ’ৱেনৰ মাতৃয়ে দাবী কৰা মতে তেওঁৰ পুত্ৰৰ শাৰীৰিক অৱস্থা এতিয়া এনেকুৱা যি কেন্সাৰৰ শংকা বৃদ্ধি কৰি তুলিছে।

চিকিৎসকসকলে অ’ৱেনৰ জিভাৰ আকাৰ হ্ৰাস কৰিবলৈ এটি অস্ত্ৰোপচাৰো কৰে। ইয়াত দুই ইঞ্চি জিভা কাটি পেলোৱা হয়।

অস্ত্ৰোপচাৰৰ পাছত অ’ৱেনৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা কমিছে যদিও চিকিৎসকসকলে জানিবলৈ দিয়া মতে অ’ৱেনৰ জিভা এতিয়াও বাঢ়ি আহি আছে।

চিকিৎসকলে অ’ৱেনৰ এনে সমস্যা নিৰ্মূলৰ কোনো কাৰ্যকৰী উপায়ৰ সন্ধান অব্যাহত ৰাখিছে।

Related News