• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাইবাৰ বিশ্বৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন ম্যানমাৰৰ : ছাত্ৰৰ প্ৰতিবাদত উত্তাল য়াংগুন চহৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2021 2:25 pm

2 min read

a cyber
183
VIEWS
Share on FacebookShare on Twitter

গণতান্ত্ৰিক ভাবে নিৰ্বাচিত চৰকাৰ এখনক বলপূৰ্বক অপসাৰিত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়া ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে সোমবাৰে য়াংগুন চহৰৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী।

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে স্বাধীনতাকামী নেত্ৰী আং চান ছ্যুকীৰ মুক্তি দাবী কৰাৰ লগতে ম্যানমাৰৰ পৰা সেনাৰ শাসন আতঁৰোৱাৰো দাবী উত্থাপন কৰে।

ইপিনে সেনা বিৰোধী প্ৰতিবাদে চূড়ান্ত ৰূপ ধাৰণ কৰাত যোৱা নিশাৰে পৰা সামৰিক জুণ্টা প্ৰশাসনে সমগ্ৰ দেশ খনতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে।

ফলত বহিঃ বিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।ইপিনে য়াংগুনৰ ৰাজপথত সেনাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱা শিক্ষাৰ্থীসকলৰ অপৰত আজিও সেনাই পানী হিলৈ নিক্ষেপ কৰাৰ বাতৰি আহিছে।

ম্যানমাৰৰ ছাত্ৰ সংগঠনসমূহে দেশ খনত গা কৰি উঠা নৈৰাজ্য দূৰ কৰাৰ বাবে চীনৰ হস্তক্ষেপ কামনা কৰি বেইজিঙলৈ চিঠি লিখিছে।ইপিনে সামৰিক শাসক জুণ্টাই ম্যনমাৰৰ শেহতীয়া ঘটনাৱলীক সেনা অভ্যুত্থান আখ্যা নিদিবলৈ দেশ খনৰ লগতে বিদেশৰ সংবাদ মাধ্যমক সকিয়াই দিছে।

ম্যানমাৰৰ প্ৰধান চহৰ য়াংগুনৰ ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীসকলে সেনাই আটক কৰি ৰখা গণতন্ত্ৰকামী নেত্ৰী আং চান ছ্যুকীৰ মুক্তি দাবী কৰাৰ লগতে দেশত খনত পুনৰ গণতন্ত্ৰৰ শাসন প্ৰতিষ্ঠাৰ দাবী জনায়।

উল্লেখ্য যোৱা ১ ফেব্ৰুৱাৰীত সামৰিক শাসকে  ম্যানমাৰত বলপূৰ্বক ক্ষমতা হস্তগত কৰি এবছৰৰ বাবে জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছিল।

সামৰিক শাসকে দেশ খনৰ পৰা সকলো বিমানৰ উৰণ তথা বাহিৰৰ পৰা অহা বিমানৰ অৱতৰণত নিষেধোজ্ঞা জাৰি কৰিছে।

উল্লেখ্য ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা ম্যানমাৰৰ প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী  মিং আন লাইয়িঙৰ নেতৃত্বত সেনাই দেশ খনৰ শাসন হস্তগত কৰিছে আৰু দেশখনৰ ৰাষ্ট্ৰপতি ইউ উইন মিন্ত তথা আং চান ছ্যুকীক আটক কৰি ৰাখিছে।

Recent News

bhaba

তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd