• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নিত্যদা: প্ৰেৰণাৰ অমল উৎস

দুদুলমনি শৰ্মা by দুদুলমনি শৰ্মা
May 21, 2026 10:33 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯০ চনৰ কথা। সমগ্ৰ অসমতে তেতিয়া আলফাৰ দৌৰাত্ম্য। স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে বিধ্বস্ত। ৰাজ্যত আইন-শৃংখলা বুলিবলৈ একো নাই। সেই সময়ত ৰাজ্যত আছিল প্ৰফুল্ল মহন্তৰ চৰকাৰ। পৰিস্থিতি নিয়ন্ত্ৰণত তদানীন্তন ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ অজুহাতত ৰাজ্যত জাপি দিয়া হৈছিল ৰাষ্ট্ৰপতিৰ শাসন। আৰম্ভ হৈছিল চৰকাৰী সন্ত্ৰাস। কেউফালে উগ্ৰপন্থী ধৰাৰ নামত নিৰীহ লোকৰ ওপৰত চলিছিল বৰ্বৰ দমন-নিপীড়ণ। সেই সময়তে উজনি অসমৰ চৰাইপুং আৰু লক্ষীপথাৰত কেবাটাও গণকবৰ উদ্ধাৰ হয়। সেইবোৰ আলফাই সংঘটিত কৰা বুলি কাকতে-পত্ৰে বিস্তাৰিত আলোচনা হয়। একে সময়তে আলফা দমনৰ নামত চৰকাৰী সন্ত্ৰাসৰো তীব্ৰতা বৃদ্ধি পায়।

এই সমগ্ৰ পৰিস্থিতিৰ এক চৰজমিন তদন্ত কৰিবলৈ অসম গণতান্ত্ৰিক নাগৰিক সংস্থাৰ উদ্যোগত এটি সঁজাতী দলে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ভালেমান ঠাই পৰিভ্ৰমণ কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে ১৯৯০ চনৰ ১৬ ডিচেম্বৰত গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা এখন নাগৰিক অভিৱৰ্তনত অসম গণতান্ত্ৰিক নাগৰিক সংস্থাৰ জন্ম হৈছিল। ইয়াৰ সভাপতি আছিল প্ৰখ্যাত গান্ধীবাদী নেতা বিজয় চন্দ্ৰ ভাগৱতী, কাৰ্যকৰী সভানেত্ৰী আছিল প্ৰীতি বৰুৱা, উপসভাপতি আছিল ডঃ হীৰেন গোহাঁই, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, শৈলেন মেধি, আৰু সম্পাদক আছিল প্ৰদীপ আচাৰ্য। ১৬ ডিচেম্বৰত জিলা পুথিভঁৰালত দিনযোৰা সেই অভিৱৰ্তনখনৰ সভাপতি মণ্ডলী আছিল ক্ৰমে  বিজয় চন্দ্ৰ ভাগৱতী, ইন্দিৰা মিৰি, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, আৰু শৈলেন মেধি। আৰু পৰিচালক মণ্ডলীত আছিল হীৰেন গোহাঁই, অৰুণ শৰ্মা, উদয়াদিত্য ভৰালী,  প্ৰদীপ আচাৰ্য, গনেশ দাস আৰু সমিৰন বৰুৱা। সেইদিনাৰ সভাখনত কোন কোন উপস্থিত আছিল? দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ আৰু গোলাপ বৰবৰা, মুক্তিযোদ্ধা ৰবীন কাকতী, চন্দ্ৰপ্ৰসাদ শইকীয়া, কমলকুমাৰী বৰুৱা, বিনয় ভূষণ চৌধুৰী, মোহনলাল মুখাৰ্জী, কনকসেন ডেকা, নিৰুপমা বৰগোহাঞি, কমলা মজুমদাৰ, লক্ষ্মীনাথ পাংগিং, দেৱেন দত্ত, লোকনাথ গোস্বামী, ধৰমচান্দ জৈনকে আদি কৰি অসমৰ সাহিত্য- সংস্কৃতি- ৰাজনৈতিক জগতৰ ভালেমান মুধাফুটা দিগগজ ব্যক্তি। নিত্য বৰা আছিল অভিৱৰ্তনখনৰ প্ৰস্তুতি সমিতিৰ এগৰাকী অন্যতম সক্ৰিয় সদস্য।

Apply Now

সেই বছৰৰে ডিচেম্বৰ মাহৰ ২৮ তাৰিখে যাত্ৰা আৰম্ভ কৰা সঁজাতী দলটোৰ সদস্যসকল আছিল ক্ৰমে হীৰেন গোহাঁই, প্ৰীতি বৰুৱা,  প্ৰদীপ আচাৰ্য, মিনতি হাজৰিকা আৰু নিত্য বৰা। সঁজাতী দলটোৱে চৰাইপুং আৰু লক্ষীপথাৰকে ধৰি উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ভালেমান ঠাই পৰিভ্ৰমণ কৰি আলফাৰ লগতে চৰকাৰী সন্ত্ৰাসৰো বলি হোৱা ভালেমান লোকক ব্যক্তিগতভাৱে লগ ধৰি পৰিস্থিতিৰ বুজ লয় আৰু পিছত এটা সুদীৰ্ঘ প্ৰতিবেদন দাখিল কৰে। সেই সময়ত কেবাখনো কাকতত প্ৰকাশ পোৱা এই প্ৰতিবেদনটোৱে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰাৰ কথা মোৰ মনত পৰে।

এই কথাখিনি মনত পৰিল নিত্যদা ঢুকোৱাৰ খবৰটো পাই। নিত্যদাৰ বিষয়ে, অসমৰ সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশত তেখেতে আগ বঢ়োৱা বৰঙণিৰ বিষয়ে বিভিন্নজনে আন্তৰিকতাৰে আলোকপাত কৰিছে। এই চৰ্চা নিশ্চয় আগলৈও চলি থাকিব। কিন্তু তেখেতে যে অসমৰ সামাজিক-ৰাজনৈতিক উত্থান-পতনৰ এক অতি গুৰুত্বপূৰ্ণ সময়ত এক ক্ষেত্ৰভিত্তিক অনুসন্ধানকাৰী দল এটাৰ সদস্য হৈও গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়াইছিল সেইটোও কম যুগান্তকাৰী নাছিল।

নিত্যদাৰ দুটা অতি উল্লেখযোগ্য গুণ তেওঁৰ সমসাময়িকসকলৰ লগতে পৰৱৰ্তী প্ৰজন্মইও অতি কৃতজ্ঞতাৰে মনত ৰাখিব। সেই দুটা হ’ল তেওঁ আছিল এগৰাকী সফল সম্পাদক আৰু এগৰাকী দক্ষ সংগঠক। তেওঁৰ সম্পাদনাত প্ৰকাশ পাইছিল “সাম্প্ৰতিক সাময়িকী”ৰ দৰে এখন অতি উচ্চ মানৰ আলোচনী। আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল ১৯৭৬ চনত। সেই সময়ত জৰুৰীকালীন অৱস্থা চলি আছিল। স্থিতাৱস্থা বিৰোধী মতৰ পোষকতা কৰা আলোচনী এখন সেই সময়ত প্ৰকাশ কৰিবলৈ সাহস কৰাটো কম গুৰুত্বপূৰ্ণ কথা নাছিল। নিত্যদাই কৰিছিল। সাম্প্ৰতিক সাময়িকীৰ এই ধাৰা ১৯৮৬ চনলৈকে অটুট আছিল। অসম আন্দোলনৰ সময়ত আন্দোলনৰ ভুল-ত্ৰুটিবোৰ, বিভিন্ন নেতিবাচক দিশবোৰ  আঙুলিয়াই দিয়াৰ সাহস কৰিছিল আলোচনীখনে। কেৱল সেয়ে নহয়, অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাসৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সুস্থ আৰু বস্তুনিষ্ঠ বিতৰ্কৰ মঞ্চ হিচাপে কাম কৰিছিল সাম্প্ৰতিক সাময়িকীয়ে। এইবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল অসমীয়া জাতীয়তাবাদ, জাতি সমস্যা, মাৰ্ক্সবাদ,  আৰু অসম আন্দোলনৰ নিৰ্মোহ বিশ্লেষণ। সাম্প্ৰতিক সাময়িকীৰ পাততেই সাম্প্ৰতিক কালৰ কেবাগৰাকী প্ৰতিভাশালী লেখকৰ লেখাই প্ৰথম ভূমুকি মাৰিছিল। পৰৱৰ্তী পৰ্যায়ত “অসমীয়া প্ৰতিদিন” কাকতৰ সম্পাদক হৈ থাকোঁতেও তেওঁৰ স্বকীয়তা আৰু সম্পাদকীয় প্ৰতিভা কাকতখনত ভাস্বৰ হৈ উঠিছিল আৰু বহু নবীন-প্ৰবীণ লেখকৰ লেখাৰে কাকতখনে এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছিল।

ব্যক্তিগতভাৱে নিত্যদাৰ সৈতে মোৰ প্ৰথম চিনাকি হৈছিল ১৯৯০ চনৰ শেষৰফালে। সেই সময়ত অসম গণতান্ত্ৰিক নাগৰিক সংস্থাৰ কাম-কাজত আমি সক্ৰিয় হৈ লাগি আছিলোঁ। একে সময়তে আমি অন্বেষাৰ ফালৰ পৰাও “ডেউকা” নামৰ এখন আলোচনী প্ৰকাশ কৰিছিলোঁ। আলোচনীখনৰ বাবে লেখা বিচাৰি মাজে মাজে আমি গুৱাহাটীৰ ফাঁচীবজাৰত থকা ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়লৈ গৈছিলোঁ। নিত্যদাই তেতিয়া তাত কাম কৰিছিল। তেওঁৰ লগত আৰু কোনে কোনে তাত কাম কৰিছিল? কবি ৰবীন্দ্ৰ সৰকাৰ, কবি অৱনী চক্ৰৱৰ্তী, আৰু শিল্পী- গীতিকাৰ তৰুণ শৰ্মাই। গোটেই কেইজন আছিল একেটা মহলাতে। সাহিত্য-সংস্কৃতিৰ বিভিন্ন বিষয়ৰ আড্ডাৰে কোঠাটো কিমান সজীৱ হৈ পৰিছিল আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। মাজে মাজে তাত যোগ দিছিল একেটা কাৰ্যালয়তে কাম কৰা কবি অনুপমা বসুমতাৰী বাইদেৱে। হঠাতে এদিন তাৰপৰা নিৰুদ্দেশ হৈছিল কবি অৱনী চক্ৰৱৰ্তী। গ’ল যে গ’লেই, আজিও তাৰ শুংসূত্ৰ নোলাল। বৰ অভিমানী আছিল মানুহজন। অৱসৰৰ পাছত ৰবীনদা গ’লগৈ কলিকতালৈ, স্থায়ীভাৱে থাকিবলৈ। তাৰপৰাই তেওঁ লেখা-মেলা চলাই থাকিল। আমি অন্বেষাৰ পৰাই তেওঁৰ কেবাখনো  কিতাপ প্ৰকাশ কৰিছিলোঁ।

সেই তেতিয়াই নিত্যদাৰ সৈতে আৰম্ভ হোৱা আমাৰ সম্পৰ্ক সৌ সিদিনা তেখেত বিছনাত পৰালৈকে অটুট আছিল। মাজে মাজে প্ৰতিদিনৰ কাৰ্যালয়লৈকো আমি গৈছিলোঁ। ক’ত কিমান বিষয়ৰ আলোচনা! কথা পাতি থাকোঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গৈছিল ক’বই পৰা নাছিলোঁ।

অসম গণতান্ত্ৰিক নাগৰিক সংস্থা পাছলৈ সক্ৰিয় হৈ নাথাকিল। কিন্তু তাৰ কাম-কাজ অব্যাহত থাকিল অসম নাগৰিক সমাজৰ মাজেৰে। নিত্যদাৰ সৈতেও আমাৰ সম্পৰ্ক অটুট থাকিল অন্বেষা আৰু নাগৰিক সমাজৰ কাম-কাজৰ মাজেৰে। আমাৰ বিভিন্ন সভা-সমিতিত তেখেত প্ৰায়ে উপস্থিত আছিল। কেতিয়াবা কিবা কাৰণত উপস্থিত থাকিব নোৱাৰিলে তেখেতে ফোনযোগে আগতীয়াকৈ জনাই দিছিল। তেখেতে আগ-ভাগ লোৱা কেবাখনো সভাত একমাত্ৰ তেখেতৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰৰ বাবেই সেইবোৰত উপস্থিত নথকাকৈ থাকিব নোৱাৰিছিলোঁ। সেই সভাবোৰৰ সফলতাই প্ৰমাণ কৰে তেওঁৰ সা়ংগঠনিক দক্ষতাৰ কথা। যোগ্যজনক উপযুক্ত স্বীকৃতি দিবলৈ তেওঁ কেতিয়াও কুন্ঠাবোধ কৰা নাছিল।

নিত্যদাৰ এখন গুৰুত্বপূৰ্ণ কিতাপ – “আত্মঘাতী অসমীয়া”। এই নামটোতেই নিহিত হৈ আছে জাতিটোৰ প্ৰতি থকা তেওঁৰ টান, কিমান প্ৰাণ ভৰি ভাল পাইছিল তেওঁ জাতিটোক, জাতিটোৰ সমুখত দেখা দিয়া বিপদৰ প্ৰতি তেওঁৰ সকীয়নি!

আজি নিত্যদা আমাৰ মাজত নাই। কিন্তু তেওঁৰ আদৰ্শনিষ্ঠতা, অসম আৰু অসমীয়াৰ প্ৰতি তেওঁৰ গভীৰ ভালপোৱা আমাৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ ৰ’ব।

দুদুলমনি শৰ্মা

দুদুলমনি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd