• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংবিধান সংশোধনৰ বাবে প্ৰয়োজন দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা, তৃণমূল কংগ্ৰেছ ভাঙি লোকসভাত ‘মেজিক নম্বৰ’ লাভ কৰিবলৈ সক্ষম হ’বনে এনডিএ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 7:24 pm
116
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃণমূল কংগ্ৰেছ দলৰ ভিতৰচৰাত এতিয়া ডাঙৰ খহনীয়া দেখা গৈছে। মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰি বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চমুকৈ এনডিএত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ ২০ গৰাকী বিদ্ৰোহী সাংসদে। লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সাংসদ কাকলি ঘোষ দস্তিদৰে এখন পত্ৰও প্ৰেৰণ কৰিছে। এক সময়ত যিটো এনডিএ মিত্ৰজোঁট মমতা বেনাৰ্জীয়ে ত্যাগ কৰিছিল, সকলো ঠিক থাকিলে এতিয়া তেওঁৰ দলৰে বিক্ষুব্ধ সাংসদসকল সেই মিত্ৰজোঁটৰ কাষতে বহিবলৈ সাজু হৈছে। লোকসভাৰ অধ্যক্ষই যদি এই পত্ৰ গ্ৰহণ কৰে, তেন্তে লোকসভাৰ দলীয় সংখ্যাৰ অংক সলনি হোৱাটো এতিয়া কেৱল সময়ৰ কথা হৈ পৰিছে।

যোৱা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অকলেই তিনিশৰো অধিক আসন লাভ কৰিছিল যদিও ২০২৪ চনত সেই ছবিখন সম্পূৰ্ণ সলনি হৈ গ’ল। এইবাৰ মিত্ৰদলসমূহক লগত লৈও বিজেপিয়ে তিনিশৰ ঘৰ পাৰ কৰিব নোৱাৰিলে। বৰ্তমান সময়ত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিবলগীয়া হৈছে মোদী আৰু শ্বাহ বাহিনীয়ে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰখন টিকি থকাত কোনো সমস্যা হোৱা নাই যদিও বিভিন্ন বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত বিজেপিয়ে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছে। বিশেষকৈ সংবিধান সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰিবলৈ দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হয়, যিটো সংখ্যা বৰ্তমান বিজেপি বা এনডিএৰ হাতত নাই। অৱশ্যে তৃণমূল কংগ্ৰেছৰ ২০ গৰাকী বিদ্ৰোহী সাংসদৰ সমৰ্থন পালে এনডিএই সেই লক্ষ্যৰ দিশে কিছু আগবাঢ়িব পাৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে।

Apply Now

তেলেগু দেশম পাৰ্টী আৰু একনাথ সিন্দেৰ নেতৃত্বাধীন শিৱসেনাকে ধৰি এতিয়ালৈকে লোকসভাত এনডিএৰ হাতত আছিল ২৯২খন আসন। গতিকে ৰাজনৈতিক হিচাপ অনুসাৰে তৃণমূল কংগ্ৰেছৰ ২০ গৰাকী সাংসদ যোগ হ’লে এনডিএই তিনিশৰ ঘৰ পাৰ কৰিব পাৰিব আৰু তেওঁলোকৰ আসনৰ সংখ্যা হ’ব ৩১২খন। কিন্তু এই সংখ্যাৰ জৰিয়তেও এনডিএই সংবিধান সংশোধনৰ বাবে প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে। মহিলা সংৰক্ষণ বিধেয়ক বা এক দেশ এক নিৰ্বাচনৰ দৰে গুৰুত্বপূৰ্ণ সংবিধান সংশোধনী বিধেয়কসমূহ লোকসভাত গৃহীত কৰিবলৈ অতি কমেও ৩৬২ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হয়। সেই মেজিক নম্বৰটোৰ পৰা বিজেপি এতিয়াও বহু দূৰত অৱস্থান কৰিছে।

বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে এককভাৱে ২৪০খন আসন লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকৰ মিত্ৰজোঁটত আছে তেলেগু দেশম পাৰ্টীৰ ১৬ গৰাকী, জেডিইউৰ ১২ গৰাকী, শিৱসেনা সিন্দে গোটৰ ৭ গৰাকী, এলজেপি ৰামবিলাস গোটৰ ৫ গৰাকী, জেডিএছৰ ২ গৰাকী, জনসেনা পাৰ্টীৰ ২ গৰাকী, আৰএলডিৰ ২ গৰাকী, এনচিপি অজিত পাৱাৰ গোটৰ এগৰাকী,আপনা দলৰ এগৰাকী, অসম গণ পৰিষদৰ এগৰাকী, আজছুৰ এগৰাকী, হিন্দুস্তানী আৱাম মৰ্চাৰ এগৰাকী আৰু ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ এগৰাকী সাংসদ। এই আটাইবোৰ মিলাই এতিয়ালৈকে এনডিএৰ আসনৰ সংখ্যা আছিল ২৯২খন। ইয়াৰ লগতে এতিয়া তৃণমূল কংগ্ৰেছৰ ২০ গৰাকী সাংসদ যুক্ত হ’লে এই সংখ্যা বৃদ্ধি পাই ৩১২ হ’বগৈ। অনাগত দিনত নিজৰ অভিযান সম্পূৰ্ণ কৰিবলৈ বিজেপিয়ে আন দলৰো বহু কেইগৰাকী সাংসদক নিজৰ পক্ষলৈ আনিব পাৰে বুলি চৰ্চা চলিছে। এই ক্ষেত্ৰত কংগ্ৰেছ, উদ্ধৱ ঠাকৰে গোট আৰু শাৰদ পাৱাৰ গোটত থকা সাংসদসকলৰ ওপৰত শাসকীয় পক্ষৰ চকু থকা বুলি খবৰ ওলাইছে। আনকি তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদসকলৰ মাজতো এনেধৰণৰ ৰাজনৈতিক খেল হ’ব পাৰে বুলি তীব্ৰ জল্পনা-কল্পনা আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd