NORTHEAST NOW (Assamese)

চিনা পৰিচয় নাই! সঞ্জয় দত্তক ৭২ কোটি টকাৰ সম্পত্তি দান কৰিলে এগৰাকী মহিলাই

February 12, 2025 8:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 12, 2025 8:04 am

কোনো চিনাকি নথকাৰ পিছতো এগৰাকী মহিলাই সঞ্জয় দত্তৰ নামত ৭২ কোটি টকাৰ সম্পত্তি এৰি থৈ যায়। এই খবৰটোৱে বলীউডক আচৰিত কৰি তুলিছে।

মৃত্যুৰ পিছত মহিলাগৰাকীয়ে নিজৰ সকলো স্থাৱৰ আৰু স্থাৱৰ সম্পত্তি সঞ্জয় দত্তক দান কৰে। মৃত্যুৰ আগতে তেওঁ সঞ্জয়ৰ নামত নিজৰ সম্পত্তি লিখি থৈ গৈছিল।

সঞ্জয় দত্তৰ এই অনুৰাগীৰ নাম নিশা পাটিল। মৃত্যুৰ পূৰ্বে সঞ্জয়ক তেওঁৰ সকলো সম্পত্তি উইল কৰি দিছিল বুলি জানিব পৰা গৈছে। তেওঁৰ মুঠ সম্পত্তি ৭২ কোটি টকা। লগতে প্ৰতিটো বেংকলৈ পত্ৰ লিখি তেওঁলোকৰ সকলো সম্পত্তি সঞ্জয় দত্তক গতাই দিবলৈ অনুৰোধ জনায়।

ইপিনে এই খবৰ লাভ কৰি সম্পূৰ্ণ হতভম্ব হৈ পৰে অভিনেতাগৰাকী।

জানিব পৰা মতে, এক মাৰাত্মক ৰোগত নিশাৰ মৃত্যু হয় । এই খবৰটো শুনি সঞ্জয় আচৰিত হৈ পৰে।

উল্লেখ্য যে সঞ্জয়ে নিশাৰ সম্পত্তি গ্ৰহণ নকৰে বুলি জানিবলৈ দিছে। অনুৰাগীৰ এনে উন্মাদনাক তেওঁ সমৰ্থন নকৰে।

এই ঘটনা সংঘটিত হৈছিল ২০১৮ চনত। সঞ্জয় দত্তই এই সম্পত্তি গ্ৰহণ নকৰি আইনী প্ৰক্ৰিয়াৰ জৰিয়তে নিশাৰ পৰিয়ালক সম্পত্তি ঘূৰাই দিয়ে। উল্লেখ্য যে সঞ্জয় দত্ত নিজেই ২৯৫ কোটিৰ টকা সম্পত্তিৰ মালিক। তেওঁৰ মাতৃ আছিল বলীউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী নাৰ্গিছ আৰু পিতৃৰ নাম আছিল সুনীল দত্ত। অভিনয়ৰ দক্ষতাৰ বাবে সঞ্জয়ে নিজেই এই উদ্যোগটোত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অভিনয়ৰ উপৰিও তেওঁৰ বিভিন্ন ব্যৱসায় আছে।

Related News