• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চলমান খানৰ ঘোঁৰা কিনিবলৈ গৈ ১২ লাখ টকা পানীত পেলালে এইগৰাকী মহিলাই!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2021 2:36 pm

2 min read

salman Khan withhorse
306
VIEWS
Share on FacebookShare on Twitter

চলমান খানে উঠি ফুৰা ঘোঁৰা কিনিবলৈ হঠাতে ৰাজস্থানৰ এগৰাকী মহিলা সন্তোষ ৰাঠি কিয় আগ্ৰহী হৈ উঠিল?  তেওঁ কিনা ঘোঁৰাটোতেই যে বলীউদৰ চুলতান চলমান খান উঠি ফুৰিছিল সেইকথা কেনেকৈ বিশ্বাস কৰিলে?

হয়, এই মহিলাগৰাকীৰ অন্ধবিশ্বাসৰ বাবেই তেওঁ হেৰুৱাবলগীয়া হ’ল ১২ লাখ টকা।

ৰাজস্থানৰ সন্তোষ ৰাঠি নামৰ মহিলাগৰাকীয়ে এটা ঘোঁৰা কিনিবলৈ ঠিক কৰিছিল। সেই সূত্ৰেই তেওঁৰ নিৰ্ভয় সিং, ৰাজপ্ৰীত আৰু আন এজন লোকৰ সৈতে সাক্ষাৎ হৈছিল। তৃতীয়গৰাকী লোকৰ নাম নাজানে সন্তোষে।

লোক তিনিজনে তেওঁক এখন ছবি দেখুৱায়। ছবিত এটা ঘোঁৰাৰ ওপৰত উঠি আছে চলমান খান। প্ৰবঞ্চক তিনিজনে মহিলাগৰাকীক চলমানে তেওঁৰ প্ৰিয় ঘোঁৰাটো বিক্ৰী কৰিব বুলি জানিবলৈ দিয়ে।

তেওঁলোকে মহিলাগৰাকীক কয় যে তেওঁ এই ঘোঁৰাটো কিনিলে লাভৱান হ’ব। কিয়নো চলমানৰ ঘোঁৰা তেওঁ পুনৰ দুগুণ দামত বিক্ৰী কৰিব পাৰিব।

প্ৰৱঞ্চকৰ এনে প্ৰলোভনত ভোল গৈ সন্তোষ ৰাঠিয়ে লগে লগে তেওঁলোকক ১১লাখ টকা আদায় দিয়ে। পাছত আকৌ চেক যোগে ১লাখ টকা দিয়ে।

ইপিনে, ঘোঁৰাটো নিবলৈ অহাৰ সময়তে সন্তোষে প্ৰৱঞ্চিত হোৱাটো বুজিব পাৰে। তেওঁক এটুকুৰা নিৰ্দিষ্ট স্থানলৈ মতা হয়। তাত কেইবা ঘন্টাও অপেক্ষা কৰাৰ পাছতো কাৰো দেখাদেখি নাই। তেতিয়াই সন্তোষে নিজৰ ভুল বুজিব পাৰে।

সন্তোষ ৰাঠিয়ে প্রথমতে থানাত অভিযোগ দিয়ে যদিও কোনো ফল নধৰিল। পাছত তেওঁ তদন্ত বিচাৰি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

কিন্তু ন্যায়াধীশে তেওঁৰ আবেদন খাৰিজ কৰে আৰু নিজৰ অভিযোগ স্থানীয় থানাৰ ডিচিপিক জনাবলৈ কয়। আৰক্ষীয়ে প্ৰৱঞ্চকৰ সন্ধান উলিওৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd