• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিত ক’ৰ’নাৰ গণ সংক্ৰমণ মাতিব খোজা কোন এই যুৱ নেতা?

ৰাজনৈতিক দলৰ নেতাক আক্ৰমণ কৰিব নোৱাৰে নেকি ক’ৰ’নাই? প্ৰশ্ন সচেতন যুৱকৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 25, 2020 4:22 pm
667f0064-6cc3-4e4d-8a6b-300260b9f763
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিআৰত বিপিএফ ক্ষমতাচ্যুত হোৱাৰ পাছত বৰ্তমানো চলি আছে ৰাজ্যপালৰ শাসন।

তেনে সময়তে বিটিআৰত এজনৰ পাছত আন এজন যুৱনেতাই ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণৰ কথা নাভাবি ভাঙি গৈছে ল’কডাউনৰ নীতি নিয়ম।

Apply Now

সমগ্ৰ দেশজুৰি এতিয়া চলি আছে আনলক-১। যদিও কিছু কিছু ক্ষেত্ৰত শিথিলতা আনিছে তথাপি ৰাজহুৱা জনসমাবেশ অনুষ্ঠিত কৰা, চিনেমা হ’ল মুকলি কৰা, ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতি, ২০ জনতকৈ অধিক লোক একেলগে সমবেত হোৱা ইত্যাদি ক্ষেত্ৰত বৰ্তমানো আছে নিষেধাজ্ঞা।

এই কথা চিন্তা কৰিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জয় প্ৰকাশ নড্ডাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দিল্লীৰ পৰাই অসমৰ প্ৰায় ৩৩ লাখ বিজেপিৰ কাৰ্যকৰ্তাক সম্বোধন কৰিছিল। কাৰ্যকৰ্তাসকলেও সামাজিক ব্যৱধান মানি দলীয় কাৰ্যালয়ত জেপি নড্ডাৰ ভাষণ শুনিছিল, তাৰ বাবে নড্ডাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছিল।

তাৰ বিপৰীতে আনলক-১ আৰম্ভ হোৱাৰ ঠিক পাছৰে পৰা প্ৰায় এমাহ ধৰি বিটিআৰৰ বিভিন্ন অঞ্চল যেনে ওডালগুৰি, বাক্সা, নাগ্ৰীজুলি, তামুলপুৰ ইত্যাদি অঞ্চলত এখনৰ পাছত আন এখন জনসভা বা যোগদান অনুষ্ঠিত কৰি গৈছে এজন যুৱ নেতাই।

তেওঁৰ নাম হৈছে পৃথ্বীৰাজ নাৰায়ণ দেব মেছ। NDFB আৰু চৰকাৰৰ মাজত হোৱা বিটিআৰ শান্তি চুক্তিৰ মধ্যস্থতাকাৰী হিচাপে তেওঁৰ আছে অন্য এক পৰিচয়। তেওঁ য়ুপিপিএলৰ সাম্ভাৱ্য প্ৰাৰ্থী তথা প্ৰচাৰকৰ দায়িত্বতো আছে।

প্ৰচাৰক হিচাপে প্ৰত্যেকখন সভালৈ মানুহৰ সৰ্বাধিক উপস্থিতি কৰোৱাৰ ক্ষেত্ৰত তেওঁৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছে ঠিকেই, কিন্তু তেওঁ যেন প্ৰতি মুহূৰ্ততে পাহৰি পেলাইছে ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ আৰু সামাজিক দুৰত্বৰ কথা।

তাতকৈয়ো ডাঙৰ কথা এগৰাকী যুৱনেতা হৈয়ো তেওঁ সামাজিক ব্যৱধান নামানি প্ৰায় গাত গা লগাই বহি তেওঁৰ ভাষণ শুনি থকা সময়ৰ ফটো আপলোড কৰিছে ছ’চিয়েল মেডিয়াত। য’ত দেখিবলৈ পোৱা গৈছে প্ৰায় ৫০০ ৰ পৰা সাত শতাধিক লোকৰ একেলগে উপস্থিতি থকাৰ।

যুৱ প্ৰজন্মৰ এগৰাকী নেতা হিচাপে তেওঁৰ আছে বহু সমৰ্থক। যি সময়ত ক’ৰ’না ভাইৰাছৰ ভয়ংকৰ গণ সংক্ৰমণৰ বিৰুদ্ধে সকলোকে সজাগ কৰিব লাগিছিল তেনে সময়তে আপলোড কৰা ফ’টোসমূহৰ জৰিয়তে সমাজলৈ যেন তেওঁৰ অসচেতনতাৰ বাৰ্তাহে প্ৰেৰণ কৰিছিল।

এনে লাগিছে যেন তেওঁৱেই বিটিচিলৈ মাতি আনিব খুজিছে ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ!

ছ’চিয়েল মেডিয়াত সামাজিক দুৰত্ব মানি নচলা ফ’টো আপলোড কৰি দায়িত্ব-জ্ঞানহীনতাৰ পৰিচয় দিয়া বাদেই তেওঁৰ সভালৈ অহা বহু লোকৰে মুখত দেখিবলৈ পোৱা নগ’ল মাস্ক। তেওঁ নিজেও শতাধিক লোক উপস্থিত থকা বহুকেইখন সভাত পৰিধান কৰা নাই মাস্ক।

আনকি তেনে এক জনসভালৈ লৈ মহিলাসকলে তেওঁলোকৰ কোলাত লৈ আহিছে ৩-৪ বছৰীয়া সন্তান। কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ আশাত থকা ৰাজনৈতিক নেতাৰ সেই সমূহৰ প্ৰতিও দৃষ্টি নিক্ষেপ কৰাৰ সময় নাই।

যিসময়ত মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা বিহি অসম আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰি আহিছে তেনে সময়তে বিটিচিৰ আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভুমিকাই চিন্তিত কৰি তুলিছে একাংশ জনতাক।

ৰাজনৈতিক দলৰ নেতাক ক’ৰ’নাই আক্ৰমণ কৰিব নোৱাৰে নেকি? বিটিচিত আৰক্ষী প্ৰশাসন থকাৰ পাছতো কিদৰে এখনৰ পাছত আন এখন জনসভা অনুষ্ঠিত কৰি আহিব পাৰিছে যুৱ নেতাই?’ এইদৰে প্ৰশ্ন কৰে ওদালগুৰিৰ সমাজ সচেতন যুৱক শ্বাহ আলমে।

 

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলমে কয় ‘বিটিচি অঞ্চলৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহে ক’ৰ’নাৰ সংক্ৰমণৰ মাজতো ইমান ব্যাপক ৰূপত চলাই নিছে যে বৃহৎ জন সমাবেশ অনুষ্ঠিত কৰি পাহৰি পেলাইছে ক’ৰ’নাৰ ভয়াৱহতাৰ কথা।‘

তেওঁ ৰাজ্য চৰকাৰ তথা প্ৰশাসনে নিৰ্লিপ্ত ভূমিকা পালন কৰা বুলি গুৰুতৰ অভিযোগ তুলি লগতে কয়, ‘এয়া অতি দুৰ্ভাগ্যজনক। ৰাজ্যপাল বা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এইসমূহৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছো।‘

ইপিনে, বিজেপি চৰকাৰে নিজে জনসমাগম কৰাত বাধা প্ৰদান কৰে যদিও তেওঁলোকে জন-সম্পৰ্ক অভিযানৰ নামত ৫০-৬০ গৰাকী লোক বিটিচি অঞ্চলত মানুহৰ  ঘৰে ঘৰে গৈ আছে বুলি তেওঁ অভিযোগ কৰে।

‘এনেদৰে জনসভা অনুষ্ঠিত কৰি থাকিলে নিশ্চয়কৈ ভয়ংকৰ গণ সংক্ৰমণ হোৱা আশংকা আছে। গতিকে এনেধৰণৰ ৰেলী নাইবা জনসভা বন্ধ কৰিবলৈ মই বিটিচি অঞ্চলৰ বাসিন্দা হিচাপে আহ্বান জনাইছো।‘ শ্বাহ আলমে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd