• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও জিলাৰ চামগুৰিত মহাৰাষ্ট্ৰৰ পৰা অহা যুৱকজন কোভিড- ১৯ আক্ৰান্ত

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
June 4, 2020 7:31 am
index
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ চামগুৰিত বহিঃ ৰাজ্যৰ পৰা অহা আৰু এজন যুৱকৰ দেহত ক’ভিড ১৯ ধৰা পৰিছে।

চামগুৰিৰ কাছখাইটিৰ লাওখোৱা আদৰ্শ বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত থাকি অহা এই যুৱক জনকো কালি বিয়লি কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা হোম কোৱাৰেণ্টাইনৰ বাবে স্থানীয় প্ৰশাসনে প্ৰেৰণ কৰিছিল।

Apply Now

কাছখাইটিৰ কোৱাৰেণ্টাইন কেন্দ্ৰত বহিঃ ৰাজ্যৰ পৰা অহা লোকৰ কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰা এইটো চতুৰ্থটো ঘটনা।

আনহাতে, কাছখাইটি কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা নমুনা পৰীক্ষাৰ ফলাফল নহাকৈ হোম কোৱাৰেণ্টাইনলৈ পঠিওৱাৰ পাছত কোভিড১৯ পজিটিভ ওলোৱা এইটো দ্বিতীয়টো ঘটনা।

ইয়াকে কেন্দ্ৰ কৰি এতিয়া চামগুৰিত আতংকৰ সৃষ্টি হৈছে। মহাৰাষ্ট্ৰৰ পৰা অহা এই যুৱকজন হৈছে চামগুৰি সমষ্টিৰ গেৰুৱামুখ কোটাইনী গাঁৱৰ আব্দুল বাতেনৰ পুত্ৰ আব্দুল কৰিম(২৭)। ৰে’ল যোগে মহাৰাষ্ট্ৰৰ পৰা অহাৰ পাছত ২৬ মে’ৰ দিনা যুৱকজনক কাছখাইটিৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ভৰ্তি কৰা হৈছিল।

চৰকাৰী নিয়মানুসৰি সাত দিন হোৱাৰ বাবে মঙ্গলবাৰৰ দিনা যুৱকজনক মুকলি কৰি হোম কোৱাৰেণ্টাইন হ’বলৈ নিৰ্দেশ দিছিল। চামগুৰিত ঘৰ আহি সোমোৱাৰ পাছতেই দুজনকৈ যুৱকৰ শৰীৰত কোভিড১৯ ধৰা পৰাৰ ঘটনাই এতিয়া চামগুৰি বাসী ৰাইজক আতংকগ্ৰস্ত কৰি তুলিছে।

স্থানীয় সচেতন ৰাইজে স্বাৰ্ৱ পৰীক্ষাৰ ফলাফল ওলোৱাৰ পাছতহে কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকক মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে। পৰিতাপৰ বিষয় চামগুৰিতে দুজনকৈ কভিড ১৯ আক্ৰান্ত মুকলি হৈ মুক্ত বিচৰণ কৰি সামাজিক সংস্পৰ্শলৈ অহাৰ পাছত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰা পাছত অচিৰেই চামগুৰিত ক’ভিড ১৯ সংক্ৰমিত হ’ব বুলি ৰাইজৰ মাজত শংকা ঘনীভূত হৈছে।

ইপিনে, কালি কাছখাইটি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা মুকলি কৰি দিয়া আব্দুল কৰিম এখন টেম্প’ত ঘৰলৈ আহিছিল। টেম্প’খন চিনাক্ত কৰা হৈছে বুলি চামগুৰি ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যদিও তথ্য দিয়াৰ পৰা বিৰত থাকে। লগতে ১০ জনক হোম কোৱাৰেণ্টাইন কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইপিনে শেহতীয়া ভাবে জানিব পৰা মতে, কাছখাইটি কোৱাৰেণ্টাইন কেন্দ্ৰত বৰ্তমানলৈকে ১৬৬ জনৰ ৬৩ জন, লাইলুৰি ছাত্ৰী নিবাসৰ ১০৫ জনৰ ৫৭ জন, আমনি বহুমুখী কেন্দ্ৰৰ ৫৯ জনৰ ৩০ জন, আমনি এছ আই আৰ ডি কেন্দ্ৰৰ ৩৯ জনৰ ১৯ জনক হোম কোৱাৰেণ্টাইনৰ বাবে প্ৰশাসনে প্ৰেৰণ কৰাৰ বিপৰীতে আমলখি হাইস্কুলত ৩৯ জন আৰু চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ১০ জনকে ধৰি মুঠ ২৪৯ জন কোৱাৰেণ্টাইন হৈ আছে।

Tags: COVID-19
বিদ্যুৎ জ্যোতি বৰা

বিদ্যুৎ জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd