DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও জিলাৰ চামগুৰিত মহাৰাষ্ট্ৰৰ পৰা অহা যুৱকজন কোভিড- ১৯ আক্ৰান্ত

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
June 4, 2020 7:31 am
index
2.4k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিত বহিঃ ৰাজ্যৰ পৰা অহা আৰু এজন যুৱকৰ দেহত ক’ভিড ১৯ ধৰা পৰিছে।

চামগুৰিৰ কাছখাইটিৰ লাওখোৱা আদৰ্শ বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত থাকি অহা এই যুৱক জনকো কালি বিয়লি কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা হোম কোৱাৰেণ্টাইনৰ বাবে স্থানীয় প্ৰশাসনে প্ৰেৰণ কৰিছিল।

কাছখাইটিৰ কোৱাৰেণ্টাইন কেন্দ্ৰত বহিঃ ৰাজ্যৰ পৰা অহা লোকৰ কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰা এইটো চতুৰ্থটো ঘটনা।

আনহাতে, কাছখাইটি কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা নমুনা পৰীক্ষাৰ ফলাফল নহাকৈ হোম কোৱাৰেণ্টাইনলৈ পঠিওৱাৰ পাছত কোভিড১৯ পজিটিভ ওলোৱা এইটো দ্বিতীয়টো ঘটনা।

ইয়াকে কেন্দ্ৰ কৰি এতিয়া চামগুৰিত আতংকৰ সৃষ্টি হৈছে। মহাৰাষ্ট্ৰৰ পৰা অহা এই যুৱকজন হৈছে চামগুৰি সমষ্টিৰ গেৰুৱামুখ কোটাইনী গাঁৱৰ আব্দুল বাতেনৰ পুত্ৰ আব্দুল কৰিম(২৭)। ৰে’ল যোগে মহাৰাষ্ট্ৰৰ পৰা অহাৰ পাছত ২৬ মে’ৰ দিনা যুৱকজনক কাছখাইটিৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ভৰ্তি কৰা হৈছিল।

চৰকাৰী নিয়মানুসৰি সাত দিন হোৱাৰ বাবে মঙ্গলবাৰৰ দিনা যুৱকজনক মুকলি কৰি হোম কোৱাৰেণ্টাইন হ’বলৈ নিৰ্দেশ দিছিল। চামগুৰিত ঘৰ আহি সোমোৱাৰ পাছতেই দুজনকৈ যুৱকৰ শৰীৰত কোভিড১৯ ধৰা পৰাৰ ঘটনাই এতিয়া চামগুৰি বাসী ৰাইজক আতংকগ্ৰস্ত কৰি তুলিছে।

স্থানীয় সচেতন ৰাইজে স্বাৰ্ৱ পৰীক্ষাৰ ফলাফল ওলোৱাৰ পাছতহে কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকক মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে। পৰিতাপৰ বিষয় চামগুৰিতে দুজনকৈ কভিড ১৯ আক্ৰান্ত মুকলি হৈ মুক্ত বিচৰণ কৰি সামাজিক সংস্পৰ্শলৈ অহাৰ পাছত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰা পাছত অচিৰেই চামগুৰিত ক’ভিড ১৯ সংক্ৰমিত হ’ব বুলি ৰাইজৰ মাজত শংকা ঘনীভূত হৈছে।

ইপিনে, কালি কাছখাইটি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা মুকলি কৰি দিয়া আব্দুল কৰিম এখন টেম্প’ত ঘৰলৈ আহিছিল। টেম্প’খন চিনাক্ত কৰা হৈছে বুলি চামগুৰি ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যদিও তথ্য দিয়াৰ পৰা বিৰত থাকে। লগতে ১০ জনক হোম কোৱাৰেণ্টাইন কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইপিনে শেহতীয়া ভাবে জানিব পৰা মতে, কাছখাইটি কোৱাৰেণ্টাইন কেন্দ্ৰত বৰ্তমানলৈকে ১৬৬ জনৰ ৬৩ জন, লাইলুৰি ছাত্ৰী নিবাসৰ ১০৫ জনৰ ৫৭ জন, আমনি বহুমুখী কেন্দ্ৰৰ ৫৯ জনৰ ৩০ জন, আমনি এছ আই আৰ ডি কেন্দ্ৰৰ ৩৯ জনৰ ১৯ জনক হোম কোৱাৰেণ্টাইনৰ বাবে প্ৰশাসনে প্ৰেৰণ কৰাৰ বিপৰীতে আমলখি হাইস্কুলত ৩৯ জন আৰু চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ১০ জনকে ধৰি মুঠ ২৪৯ জন কোৱাৰেণ্টাইন হৈ আছে।

Tags: COVID-19

Recent News

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd