• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভিন্ন সামাজিক সজাগতামূলক বিষয় লৈ ১০০০ কিঃ মিঃ চাইকেলৰ যাত্ৰাৰম্ভ বিশ্বনাথৰ যুৱক স্নেহাংকৰৰ

NE NOW NEWS কাজী জেইদুল ইছলাম
বিশ্বনাথ , November 17, 2020 7:02 pm

1 min read

index.jpgaa
135
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথৰ এজন যুৱক, নাম স্নেহাংকৰ চক্ৰৱৰ্তী। ঘৰ বিশ্বনাথ চাৰিআলিৰ নৱপুৰত।

সাংবাদিকৰ সামাজিক সুৰক্ষা তথা বিভিন্ন সজাগতামূলক বিষয়কলৈ সজাগতা সৃষ্টি কৰি অহাৰ বাবে ব্যাপক চৰ্চা লাভ কৰি আহিছে এই যুৱকজনে।

কিন্তু এইবাৰ ব্যতিক্ৰমী পদক্ষেপ লৈছে যুৱকজনে। বিশ্বনাথৰ পৰা ঢলা শদিয়া হৈ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট আৰু কলিয়াবৰ পৰা পুনৰ বিশ্বনাথলৈ প্ৰায় ১০০০ কিলোমিটাৰ চাইকেলেৰে যাত্ৰা সম্পন্ন কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে চাইকেল যাত্ৰা।

এই উদ্দেশ্য আজি পুৱা ভাগত বিশ্বনাথ চাৰিআলিৰ ট্ৰেফিক প‌ইন্টৰ পৰা আৰম্ভ কৰা চাইকেল যাত্ৰাৰ বাবে যুৱকজনক উৎসাহিত কৰিবলৈ উপস্থিত হয় অসংখ্য গুণমুগ্ধ তথা শুভাকাংশী।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতি, চেম্পিয়নচ মেকাৰ একাডেমীৰ লগতে বহুকেইজন গুণমুগ্ধ‌ই যুৱকজনৰ প্ৰচেষ্টাক সমৰ্থন কৰি সম্বৰ্ধনা জ্ঞাপন কৰে।

সাংবাদিকৰ সামাজিক সুৰক্ষাৰ লগতে বিভিন্ন সামাজিক সমস্যা সমাধানৰ দাবীত কিছুদিনৰ পৰা যুৱকজনে এইদৰে চাইকেলৰ ব্যতিক্ৰমী যাত্ৰাৰে চৰ্চা লাভ কৰি আহিছে।

উল্লেখ যে প্ৰিন্ট আৰু ইলেক্ট্ৰনিক মিডিয়াত দীৰ্ঘ সময় ধৰি উপ-সম্পাদক হিচাপে নিয়োজিত আছিল এই স্নেহাংকৰ চক্ৰৱৰ্তী।

চক্ৰৱৰ্তীৰ এই সজাগতামুলক দীঘলীয়া ব্যতিক্ৰমী যাত্ৰাক বিশ্বনাথবাসীয়ে শুভেচ্ছা জনোৱাৰ লগতে সুস্থ আৰু সফলতাৰে সম্পন্ন হোৱাৰ বাবে উৎসাহ প্ৰদান কৰে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd