• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে তেওঁৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2026 5:13 pm
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে তেওঁৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে। ৬১ বছৰ বয়সত অভিনেতাগৰাকীয়ে তেওঁৰ দীৰ্ঘদিনীয়া বান্ধৱী তথা সংগী গৌৰী স্প্ৰেটৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। মুম্বাইৰ বান্দ্ৰাত অৱস্থিত আমিৰ খানৰ বাসগৃহত অতি ব্যক্তিগতভাৱে এই বিবাহ পঞ্জীয়ন সম্পন্ন হয়। এই বিশেষ অনুষ্ঠানত কেৱল পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীসকলহে উপস্থিত আছিল। দীৰ্ঘদিন ধৰি তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চা চলি আছিল, কিন্তু এতিয়া এই সম্পৰ্কই আনুষ্ঠানিক ৰূপ পালে।

আমিৰ খান আৰু গৌৰী স্প্ৰেটে ইজনে সিজনক প্ৰায় ২৫ বছৰ ধৰি চিনি পায়। অৱশ্যে প্ৰায় দুবছৰ পূৰ্বে তেওঁলোকৰ বন্ধুত্বই প্ৰেমৰ ৰূপ লৈছিল। চলিত বৰ্ষতে দুয়ো নিজৰ সম্পৰ্কৰ কথা ৰাজহুৱাকৈ স্বীকাৰ কৰিছিল। ইয়াৰ পিছৰে পৰা তেওঁলোকৰ বিবাহক লৈ বিভিন্ন জল্পনা-কল্পনা চলি আছিল। অৱশেষত দেওবাৰে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীসকলৰ উপস্থিতিত দুয়ো বিবাহপাশত আৱদ্ধ হয়।

Apply Now

এই সমগ্ৰ বিবাহ অনুষ্ঠানটো সম্পূৰ্ণ ব্যক্তিগত কৰি ৰখা হৈছিল। দেওবাৰে দুপৰীয়াৰ ভাগত দুয়ো বিবাহৰ নথিত স্বাক্ষৰ কৰে। অনুষ্ঠানত উপস্থিত থকা লোকসকলৰ মতে এই মুহূৰ্তটো দুয়োৰে বাবে অতি আৱেগিক আৰু স্মৰণীয় আছিল। বিয়াত প্ৰায় ১৫০ গৰাকী অতিথি উপস্থিত আছিল, য’ত পৰিয়ালৰ সদস্য, ঘনিষ্ঠ বন্ধু আৰু বিদেশৰ পৰা অহা আত্মীয়ও অন্তৰ্ভুক্ত আছিল।

আমিৰ খানৰ তিনি সন্তান ক্ৰমে জুনেইদ খান, ইৰা খান আৰু আজাদ এই বিশেষ মুহূৰ্তত উপস্থিত আছিল। ইয়াৰ লগতে গৌৰী স্প্ৰেটৰ পুত্ৰয়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। পৰিয়ালৰ সকলো সদস্যই নৱদম্পতীক শুভেচ্ছা জ্ঞাপন কৰে। সমগ্ৰ অনুষ্ঠানটো অতি সৰলতা আৰু এক পাৰিবাৰিক পৰিৱেশৰ মাজত সম্পন্ন হয়।

প্ৰণিধানযোগ্য যে আমিৰ খানৰ এইখন তৃতীয় বিবাহ। ইয়াৰ পূৰ্বে তেওঁ ৰীণা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল, যাৰ ফালৰ পৰা তেওঁৰ জুনেইদ আৰু ইৰা নামৰ দুটি সন্তান আছে। পিছলৈ তেওঁ চলচ্চিত্ৰ নিৰ্মাতা কিৰণ ৰাওক বিয়া কৰাইছিল আৰু তেঁওলোকৰ আজাদ নামৰ এজন পুত্ৰ সন্তান আছে। ২০২১ চনত আমিৰ আৰু কিৰণে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল, যদিও আজিও তেওঁলোকে মিলি নিজৰ পুত্ৰৰ চোৱাচিতা কৰি আছে। বিশেষ কথা এই যে, এই বিবাহ অনুষ্ঠানত আমিৰ খানৰ পূৰ্বৰ দুই পত্নীও উপস্থিত আছিল।

গৌৰী স্প্ৰেট মূলতঃ বেংগালুৰুৰ বাসিন্দা আৰু তেওঁ দীৰ্ঘদিন ধৰি ৱেলনেচ আৰু বিউটী ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত হৈ আছে। তেওঁ লণ্ডনৰ ইউনিভাৰ্চিটি অব দি আৰ্টছৰ পৰা ষ্টাইলিং আৰু ফটোগ্ৰাফীৰ শিক্ষা গ্ৰহণ কৰিছে। বৰ্তমান তেওঁ মুম্বাইত এটা বিখ্যাত চেলুন পৰিচালনা কৰে। অৱশ্যে তেওঁ সদায় লাইমলাইটৰ পৰা আঁতৰত থকাটো পচন্দ কৰে আৰু ছচিয়েল মিডিয়াটো বৰ বেছি সক্ৰিয় নহয়।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd