• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2026 6:12 pm
169
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে অহা ৫ জুলাইত এক অত্যন্ত ব্যক্তিগত অনুষ্ঠানত তেওঁৰ প্ৰেমিকা গৌৰী স্প্ৰাটৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে। সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি এই কথা নিশ্চিত কৰা হৈছে। এই বিবাহ অনুষ্ঠানটোত কেৱল পৰিয়ালৰ লোক আৰু অতি ঘনিষ্ঠ বন্ধুবৰ্গইহে অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে আমিৰ খানে ৰীণা দত্ত আৰু কিৰণ ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ইফালে গৌৰী স্প্ৰাট এগৰাকী সাত বছৰীয়া সন্তানৰ মাতৃ বুলিও জানিব পৰা গৈছে।

বিগত বৰ্ষত নিজৰ ৬০ সংখ্যক জন্মদিনৰ সুযোগতে আমিৰ খানে প্ৰথমবাৰৰ বাবে গৌৰীক সংবাদ মাধ্যমৰ সন্মুখত চিনাকি কৰাই দিছিল। সেই সময়ত এখন সংবাদমেলত অভিনেতাজনে জানিবলৈ দিছিল যে গৌৰীয়ে বৰ্তমান তেওঁৰ প্ৰডাকচন হাউচ অৰ্থাৎ চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে কাম কৰি আছে। এই সম্পৰ্কটো ৰাজহুৱা কৰাৰ পূৰ্বে বিভিন্ন চৰ্চা চলিছিল যে আমিৰ খানে চলচ্চিত্ৰ জগতৰ বাহিৰৰ কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। সংবাদ মাধ্যমৰ চকুৰ পৰা নিজৰ প্ৰেমিকাক আঁতৰাই ৰাখিবলৈ আমিৰ খানে ধেমালি কৰি কৈছিল যে তেওঁ এই কথা কাকো গম পাবলৈ দিয়া নাছিল। আমিৰ খানে প্ৰায় ১৮ মাহ ধৰি এই সম্পৰ্কটো গোপন কৰি ৰাখিছিল আৰু তেওঁলোকে বেংগালুৰুত বেছিকৈ সময় কটাইছিল য’ত সংবাদ মাধ্যমৰ চকু কমকৈ পৰে।

Apply Now

গৌৰী স্প্ৰাট মূলত বেংগালুৰুৰ বাসিন্দা আৰু তেওঁ জীৱনৰ বেছিভাগ সময় তাতেই কটাইছে। তেওঁৰ মাতৃ ৰীটা স্প্ৰাট বেংগালুৰুৰ এটা বিউটি চেলুনৰ গৰাকী আছিল। গৌৰীয়ে ব্লু মাউণ্টেন স্কুলত পঢ়া-শুনা কৰাৰ পিছত ২০০৪ চনত ইউনিভাৰ্চিটি অৱ দি আৰ্টছ লণ্ডনৰ পৰা ফেশ্বন, ষ্টাইলিং আৰু ফটোগ্ৰাফীৰ এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। বৰ্তমান তেওঁ মুম্বাইত এটা বিবি ব্লীণ্ট নামৰ চেলুন চলাই আছে। শেহতীয়াকৈ আমিৰ খান আৰু গৌৰীক চীনৰ মাকাও আন্তঃৰাষ্ট্ৰীয় কমেডী ফেষ্টিভেলকে ধৰি কেইবাটাও ৰাজহুৱা অনুষ্ঠানত একেলগে দেখা গৈছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত আমিৰ খানে গৌৰীৰ বিষয়ে মুকলিকৈ কথা পাতিছে। তেওঁ কৈছে যে গৌৰী তেওঁৰ জীৱনলৈ অহাৰ পিছৰে পৰা তেওঁ বহুত সুখী আৰু শান্তিত আছে। যদিও তেওঁৰ প্রাক্তন পত্নী কিৰণ ৰাও আৰু ৰীণা দত্তৰ সৈতেও সম্পৰ্ক বহুত গভীৰ আছিল, কিন্তু কিবা কাৰণত সেইবোৰ সফল নহ’ল। আমিৰে কয় যে গৌৰী তেওঁৰ জীৱনলৈ অহাৰ বাবে তেওঁ নিজকে বহুত ভাগ্যৱান বুলি ভাবে আৰু গৌৰীৰ সৈতে তেওঁ এতিয়া নিজকে সম্পূৰ্ণ বুলি অনুভৱ কৰে।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে আমিৰ খানে ১৯৮৬ চনত তেওঁৰ বাল্যকালৰ বান্ধৱী ৰীণা দত্তক অতি গোপনে বিয়া কৰাইছিল। তেওঁলোকৰ জুনেইদ নামৰ এজন পুত্ৰ আৰু ইৰা নামৰ এগৰাকী কন্যা সন্তান আছে। জুনেইদে ইতিমধ্যে চলচ্চিত্ৰ জগতত খোজ পেলাইছে আৰু ইৰাই মানসিক স্বাস্থ্য সজাগতাৰ বাবে কাম কৰে। ১৬ বছৰৰ বৈবাহিক জীৱনৰ পিছত ২০০২ চনত তেঁওলোকৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত আমিৰ খানে ২০০৫ চনত কিৰণ ৰাওৰ সৈতে দ্বিতীয় বিবাহ কৰে, যাৰ সৈতে ২০০১ চনৰ লগান ছবিৰ শ্বুটিং ছেটত চিনাকি হৈছিল। ২০২১ চনত তেওঁলোকৰো বিবাহ বিচ্ছেদ হয় যদিও তেওঁলোকে এতিয়াও একেলগে তেওঁলোকৰ পুত্ৰ আজাদৰ চোৱাচিতা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd