• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংকটত বিজেপি! নতুন ৰাজনৈতিক দল গঠনৰ দিশে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ

অসমক বাদ দি প্ৰযোজ্য কৰক নাগৰিকত্ব সংশোধনী বিধেয়ক : আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 8, 2019 8:21 am
Aanta Rashtriya Hindu Press Meet (2)

ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিক ৰুধিবলৈ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সমৰ্থনত অতি শীঘ্ৰে এটা নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিব। ৭ জানুৱাৰি অৰ্থাৎ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা জনায় আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্ত, অসম শাখাৰ সাধাৰণ সম্পাদক ৰবীন চন্দ্ৰ ভূঞাই।

ইয়াৰ উপৰি নতুনকৈ জন্ম হ’বলগীয়া দলটোৰ অহা ৯ ফেব্ৰুৱাৰীত নতুন দিল্লীত নামকৰণ হ’ব বুলিও সংবাদমেল যোগে ভূঞাই জানিবলৈ দিয়ে।

Apply Now

এই ৰাজনৈতিক দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বুলি জানিবলৈ দি কয়, ‘অসমতো ১৪ টা লোকসভা সমষ্টিত এই দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব।‘

‘বিজেপি দলটোক বহু আশাৰে আমি শাসনলৈ আনিছিলো। ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ আশা দিছিল, বাংলাদেশীক খেদোৱাৰ প্ৰতিশ্ৰুতি দিছিল, সীমা চীল কৰা হ’ব, কাশ্মীৰৰ সমস্যা সমাধান কৰা হ’ব, ইত্যাদি বহু প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ থাকিল।‘ এইদৰে আক্ষেপ কৰে ভূঞাই।

তদুপৰি, মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত তথা তেওঁলোকৰ কথা মতেই শাসন চলি আছে বুলি কটাক্ষ কৰি ভূঞাই কয় ‘এইখন এখন গুজৰাটী চৰকাৰ হৈ পৰিছে। তেওঁলোকে নিজৰ মন মৰ্জি মতে চৰকাৰখন চলাই আছে।‘

ইফালে কালিৰ এই সংবাদমেলতে সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো স্পষ্ট ৰূপত নিজৰ মত প্ৰকাশ কৰে। এই সন্দৰ্ভত সাধাৰণ সম্পাদকগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায় কয়, ‘অসমত এটাও হিন্দু বাংলাদেশী সংস্থাপন দিয়া নহ’ব, অসমক বাদ দি প্ৰযোজ্য কৰক নাগৰিকত্ব সংশোধনী বিধেয়ক।‘

তেওঁ স্পষ্টকে কয় যে অসমে ১৯৫১ৰ পৰা ১৯৭১ৰলৈকে লক্ষ-লক্ষ বিদেশীৰ বোজা ইতিমধ্যে ল’লে, গতিকে ভাৰতবৰ্ষৰ অন্য হিন্দু সংখ্যালঘু প্ৰান্তত নিৰ্য্যাতিত লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।

ইয়াৰ উপৰি তেওঁ আৰু কয় ‘বিলখন গৃহীত কৰি লোকসকলক সংস্থাপন দিলেই নহ’ব, প্ৰথমে সেই লোকসকলৰ বাবে ১০ হাজাৰ কোটি টকা এটা পেকেজ ঘোষণা কৰি লওঁক।‘

আনহাতে, সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে কেৰেলা নাইবা মোদীৰ গুজৰাটতে ‘হিন্দু’ লোকসকলক সংস্থাপন দিয়াৰ বাবে দাবী জনায় কয় ‘পাকিস্তান, আফগানিস্তান আদিত নিৰ্য্যাতিতসকল ভাৰতলৈ নাহি ক’লৈ যাব? গতিকে অসমক বাদ দি সেই লোকসকলক অন্য ৰাজ্যত সংস্থাপন দিবই লাগিব।‘

ইপিনে, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টোগাৰিয়াৰো সেই একেখিনি দাবীয়েই বুলি সংবাদমেলযোগে স্পষ্ট কৰে ভূঞাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd