• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পেঙেৰী পপোলাজান-দুৱাৰমাৰা সংযোগী দলং নিৰ্মাণৰ দাবীত আছু-যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , September 28, 2020 7:50 pm

2 min read

পেঙেৰী পপোলাজান-দুৱাৰমাৰা সংযোগী দলং নিৰ্মাণৰ দাবীত আছু-যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ফটো : নৰ্থ-ইষ্ট নাও

106
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিতৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ লোকসকলে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে।

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়িদিহিং মৌজাৰ পেঙেৰী পৰা পপোলাজান দুৱাৰমাৰা সংযোগী দলং পপোলাজান নৈৰ ওপৰত এখন পকী দলংৰ নিৰ্মাণ কাৰ্য চলি আহিছে।

কিন্তু অতি পৰিতাপৰ কথা যে, এই পকী দলংখনৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তেই পপোলাজান নৈৰ ওপৰত থকা এখন মাত্ৰ কাঠৰ দলংখন বাঢ়নী পানীত সম্পূৰ্ণ খহি পৰিল, বৰ্তমান সমগ্ৰ অঞ্চলটোৰ ৰাইজে বহিঃৰাজ্যৰ লগত সংযোগ কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে।

এনে সমস্যা সমূহ সমাধানৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ডি বি এণ্টাৰপ্ৰাইজ নামৰ দলং নিৰ্মাণকাৰী কোম্পানিটোৱে লেহেমীয়া গতিত দলংখন নিৰ্মাণ কৰা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে।

বৃহত্তৰ অঞ্চলটোৰ বহিঃ বিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ পথটোৰ ওপৰত থকা দলংখন এনেদৰে খহি পৰাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে অঞ্চলটোৰ লোকসকলৰ।

যাৰ পৰিপ্ৰেক্ষিতত খহি পৰা দলংখনৰ মোৰামতি ব্যৱস্থা নকৰাত বিপদসংকুল ভাৱে নৈৰ ওপৰে যাত্ৰা অব্যাহত ৰাখিছে বৃহত্তৰ অঞ্চলটোৰ কেইবা হাজাৰ ৰাইজে।

অন্যহাতে, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই খহি পৰা দলংখন প্ৰদৰ্শন কৰিবলৈ আহিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি আজি আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ সদস্যই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় বুলি উল্লেখ কৰিছে আজিৰ প্ৰতিবাদকাৰী সকলে।

অতি শীঘ্ৰেই দলংখন পুনৰ নিৰ্মাণ কৰি জনসাধাৰণৰ যাতায়াত সুচল কৰি তুলিবলৈ স্থানীয় লোকসকলৰ লগতে বিভিন্ন দল-সংগঠনে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ নকৰাত দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

অতি শীঘ্ৰে দলংখনৰ নিৰ্মাণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি আজিৰ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীৰ পৰা হুংকাৰ প্ৰদান কৰে।

আজিৰ প্ৰতিবাদৰ পাছত ডি বি এণ্টাৰপ্ৰাইজ নামৰ দলং নিৰ্মাণকাৰী কোম্পানিটোৰ লগতে বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd