• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NRCৰ চুড়ান্ত তালিকা প্ৰকাশৰ এবছৰৰ পাছতে প্ৰতিক্ৰিয়া আছু-এপিডব্লিউৰ

‘ই জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰা দলিলহে’ APW

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 31, 2020 8:57 pm
AASU APW FINAL
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পোৱা আজি এবছৰ পাৰ হ’ল। তাৰ পাছতো বিদেশী বহিস্কৰণ তথা চিনাক্তকৰণ কোনোধৰণৰ প্ৰক্ৰিয়া আজি পৰ্যন্ত নহ’ল।

সেয়েহে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম পাব্লিক ৱৰ্কছে।

Apply Now

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় ‘উচ্চতম ন্যায়ালয়ৰ তদাৰকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ প্ৰক্ৰিয়া পোনপ্ৰথমবাৰৰ বাবে আগবঢ়াইছিল। কিন্তু অবৈধ বিদেশীৰ মোহত দিল্লী, দিছপুৰত থকা সকলো দলৰ চৰকাৰে ইয়াত বিধি পথালি দিলে। চৰকাৰে খচৰা প্ৰকাশলৈকে সন্তুষ্টি প্ৰকাশ কৰি তাৰ পাছৰ সময়খিনি বাকীখিনি কামত বিধি পথালি দিলে। তেওঁলোকৰ ভোটবেংক ৰক্ষা কৰিবলৈ ‘কা’ খন বলবৎ কৰি অসম চুক্তিক নস্যাৎ কৰিলে।

সংবাদ মাধ্যমৰ আগত আছুৰ সভাপতি দীপাংক নাথে কয় ‘NRCত কিছুসংখ্যক বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। NRC উন্নীতকৰণ প্ৰক্ৰিয়া চলি থাকোতে কাম-কাজত চৰকাৰে বিধি-পথালি দিছিল। ত্ৰুটি ৰৈ যোৱা বাবে শুদ্ধ ৰূপত NRC প্ৰকাশৰ আহ্বান জনাই আছিলো।‘

‘উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিলো যদিও কোভিডসৃষ্ট পৰিৱেশৰ বাবে ন্যায়ালয়ত উঠা নাই। জাতি মাতি ভেটিৰ নাম লৈ গঠিত চৰকাৰখনৰ এয়া অনীহা। চৰকাৰৰ এই সমগ্ৰ বিষয়টো লৈ কোনো মনোযোগ নাই। চৰকাৰৰ অনীহাৰ বাবে খিলঞ্জীয়াৰ নাম বাদ পৰিছে আৰু বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে।

ইপিনে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় ‘সকলোৱে ভাবিছিল এয়া জাতীয় দলিল হ’ব, কিন্তু নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে চৰকাৰে অনীহা প্ৰকাশ কৰিছে। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি কোনো চিন্তা নাই।‘

গগৈৰ মতে ‘NRCক কেৱল ৰাজনৈতিক অচিলা হিচাপেহে ব্যৱহাৰ কৰি আহিছে।‘

ইপিনে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই কয় ‘আমি যি সন্দেহ কৰিছিলো সেয়াই হ’ল। ই জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰা দলিলহে। ৮০ লাখতকৈ অধিক সন্দেহযুক্তৰ নাম সোমাইছে NRCত। কেৱল আমিয়ে আৰম্ভণিৰ পৰা ৰিভেৰিফিকেশ্যন বিচাৰি থাকিলো।‘

ইপিনে, NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক NRCৰ এই অৱস্থাৰ বাবে দোষাৰোপ কৰে শৰ্মাই।

তেওঁ কয় ‘হাজেলা এণ্ড কোম্পানীৰ বাবে জাতীয় দলিল বুমেৰাং হ’ল। হাজেলাক পঠাই দিলে। CBIত গোচৰ দিলো, একো নকৰিলে। আমি এতিয়া ক’লৈ যাম ? সেয়ে আজি ৰাইজক জনাইছো। লিগেচি ডাটাৰ কিনা–বেচা হৈছে বুলি হাজেলাই নিজে আদালতক জনাইছিল।‘

ইপিনে, বিদেশীৰ নামমুক্ত এখন শুদ্ধ ভোটাৰ তালিকা এখন প্ৰস্তুত কৰিহে বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি দাবী জনাই শর্মাই লগতে কয় ‘জনিয়া, বাঘবৰ, বকো, বৰপেটা, চমৰীয়া, ধুবুৰী আদিত বহু সন্দেহজনক লোকক OI কৰি দিয়া হ’ল। চমৰীয়াৰ ৬০ হাজাৰ লোকক OI কৰা হৈছিল বুলি অভিযোগ আছিল। সেই অভিযোগৰ ভিত্তিত ৬০ হাজাৰৰ মাজৰ ৩০ হাজাৰ সামৰি কৰা হৈছিল পুনৰীক্ষণ। কিন্তু আশ্চৰ্যজনকভাৱে পুনৰীক্ষণৰ তালিকাত অহা ৩০ হাজাৰৰ OI টেগেই ভুৱা আছিল।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd