সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যজুৰি জিলা ছাত্ৰ সন্থাসমূহে জোঁৰ সমদল বাহিৰ কৰিছিল যদিও বিজেপি চৰকাৰৰ গৃহ বিভাগৰ অধীনৰ আৰক্ষীয়ে বাধা দিয়া পৰিলক্ষিত হৈছিল।
কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আছুৱে বাহিৰ কৰা জোঁৰ সমদলত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সভাপতি দীপাংক নাথে।
উক্ত জোঁৰ সমদলৰ আৰম্ভণিতে আৰক্ষীয়ে বাধা দি হাতৰ জোৰসমূহ আৰক্ষীক গতাই দিবলৈ আহ্বান জনাই আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই। তেওঁ লগতে জুইৰ প্ৰতি ভয় থকাৰ বাবেই জুইৰ বাদে মমবাতি বা টৰ্ছ লাইট লৈহে প্ৰতিবাদী সমদল বাহিৰ কৰিবলৈ আছুৰ প্ৰতিবাদকাৰীক আহ্বান জনায়।
তেনেতে শীৰ্ষ আৰক্ষী বিষয়াক উভতি ধৰি জবাবদিহি কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।
তেওঁ শীৰ্ষ আৰক্ষীবিষয়াগৰাকীক উদ্দেশ্যি কয় ‘কা আন্দোলনত পাঁচগৰাকীকৈ লোক শ্বহীদ হ’ল ,সেই জুই এতিয়ালৈকে নুমুওৱা নাই। আপোনালোকে আমাক আজি জোৰ সমদলত বাধা দিছে। এটা অগতান্ত্ৰিক কাম অসম আৰক্ষীয়ে গুৱাহাটী মহানগৰত কৰিছে।‘
‘অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে গুৱাহাটীৰ মাজ মজিয়াৰ ৰাজপথত দুজন ফুল কুমলীয়া ছাত্ৰ-যুৱকক গুলিয়াই হত্যা কৰিলে। আজিলৈকে অসম আৰক্ষী বা অসম চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ তদন্তও নাই বা সেই আৰক্ষী বিষয়াৰ ওপৰত কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে।‘ আৰক্ষীৰ উচ্চপদস্থ বিষয়াগৰাকীৰ সন্মুখত এইদৰে কয় সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।
সমুজ্জ্বল ভট্টাচাৰ্য্যৰ আৰক্ষী বিষয়াক প্ৰত্যাহ্বান ‘যদি সাহস আছে সেইটো ব্যৱস্থা গ্ৰহণ কৰি দেখুৱাওক। অন্যথা আইনৰ বিধি কেনেকৈ থাকিব?’
আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে এনেদৰে জবাবদিহি কৰাৰ পাছত আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ে কয় ‘অনুসন্ধান বিচৰা বা দাবী কৰা আপোনালোকৰ অধিকাৰ আছে। আপোনালোকে তদন্তত সন্তুষ্ট নহ’লে উচ্চ পৰ্য্যায়ত গৈ তদন্ত বিচৰাৰ অধিকাৰ আছে। কিন্তু আজিৰ দিনটোত জোৰ সমদল হ’বলৈ দিয়া নহ’ব। প্ৰতিবাদকাৰীক কাতৰ অনুৰোধ জনাইছো আৰক্ষীক জোৰখিনি গতাই দিয়ক।‘
ইপিনে, আৰক্ষীক জোঁৰখিনি গতাই দিবলৈ অমান্তি হয় আছুৰ নেতৃত্ব।
এই সন্দৰ্ভত সমুজ্জ্বল ভট্টাচাৰ্য্যই কয় ‘আমাৰ কাৰ্য্যসূচীৰ সাল-সলনি নহয়। আমি জোঁৰ লৈ সমদল বাহিৰ কৰিবলৈ লৈছিলো। কিন্তু অসম চৰকাৰে আমাক বাধা দিছে। আমাৰ কাৰ্য্যসূচী অহিংস, শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক। জোৰ হাতত নোলোৱাকৈ আমি খোজ নাকাঢ়ো। হাতত জোৰ লৈয়েই আৰম্ভ কৰিছিলো।‘
‘যিটো শ্বহীদ ভৱনৰ পৰা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ’ল সেইজন সৰ্বানন্দ সোণোৱালে শ্বহীদ ভৱনৰ পৰা ওলোৱা প্ৰতিবাদকাৰীক বাধা দিছে। আমি তেওঁক ধিক্কাৰ দিছো তেওঁ লাজ পাব লাগে।‘ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি ভট্টাচাৰ্য্যই এইদৰে কয়।