• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডত অসম ৰাইফলছৰ বৰ্বৰোচিত কাণ্ডক গৰিহণা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
December 6, 2021 6:22 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া নাগালেণ্ডৰ মন জিলাৰ ওটিং বস্তিত আছাম ৰাইফলছৰ গুলীচালনাত ১৪ জনকৈ নিৰীহৰ মৃত্যু ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই‌।

সোমবাৰে যোৰহাটত অনুষ্ঠিত এক সংবাদমেলত আছুৰ উপদেষ্টাগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট কৰি এই ঘটনাক জঘন্য আৰু বৰ্বৰোচিত আখ্যা দিয়ে‌।

Apply Now

দেশৰেই নিৰাপত্তা বাহিনীয়ে দেশৰেই নাগৰিকক, নিৰীহ খিলঞ্জীয়াক হত্যা কৰা ঘটনাক গৰিহণা দি উচিত তদন্ত কৰি দোষীসকলক কঠোৰ শাস্তিৰ দাবী তোলে ভট্টাচাৰ্যই।

নগা ছাত্ৰ ফেডাৰেচন, সদৌ অসম ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, মণিপুৰ ছাত্ৰ সন্থা, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেচন, গাৰো ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা আদিকলৈ গঠিত উত্তৰ–পূব ছাত্ৰ সংগঠনৰ উপদেষ্টাগৰাকীয়ে কয়, উত্তৰ-পূবত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন থকাৰ বাবে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে উত্তৰ–‘‘পূৰ্বাঞ্চলৰ নিৰীহ খিলঞ্জীয়া মানুহক এনেদৰে বৰ্বৰভাৱে হত্যা কৰিব পাৰিছে। সেইবাবেই উত্তৰ–পূব ছাত্ৰ সন্থাই এই আইন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছো।’’

তেওঁ কয় – “নগালেণ্ডৰ এই ভয়ংকৰ ঘটনাৰ জৰিয়তে এটা কথাই স্পষ্ট হ’ল যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ–পূৰ্বাঞ্চলত কেতিয়াও শান্তি নিবিচাৰে। সেই কাৰণেই নগালেণ্ডত খিলঞ্জীয়া লোকক বৰ্বৰভাৱে হত্যা কৰা হ’ল।”

“কেন্দ্ৰীয় চৰকাৰে এফালে উত্তৰ–পূৰ্বাঞ্চলত স্থায়ী শান্তিৰ কথা কয় আৰু এফালে খিলঞ্জীয়া মানুহক হত্যা কৰে। এই কথা আমি কেতিয়াও মানি নলও”- মন্তব্য সমুজ্জল ভট্টাচাৰ্যৰ।

নাগালেণ্ডৰ খিলঞ্জীয়া ৰাইজৰ লগত একেলগে থিয় দিছো বুলি কৈ উপদেষ্টাগৰাকীয়ে কয়- এই জঘন্য ঘটনাক লৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।

কোনো কাৰণতে যাতে নাগালেণ্ডৰ ৰাইজে অকলশৰীয়া অনুভৱ নকৰে, তাৰ বাবে নেছ’ৰ তৰফৰ পৰা আহ্বান জনাই কয়, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ছাত্র সংগঠনৰ মাজত এই ঘটনাক লৈ যোগাযোগ চলি আছে আৰু এয়া কেৱল নাগালেণ্ডৰ ৰাইজৰ মৰ্মবেদনা নহয়, উত্তৰ–পূৰ্বাঞ্চলৰ সাতোখন ৰাইজৰ মৰ্মবেদনা।

সেয়ে আমি নাগালেণ্ডৰ ৰাইজৰ লগত একেশাৰীত থিয় হ’বলৈ আমি সংকল্প লৈছো।

ইপিনে কেন্দ্ৰীয় চৰকাৰক সকীয়নি দি উপদেষ্টাগৰাকীয়ে কয় “যি নিৰাপত্তা বাহিনীয়ে নাগালেণ্ডৰ নিৰীহ খিলঞ্জীয়াক হত্যা কৰিলে, সেই নিৰাপত্তা বাহিনীৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক আৰু যেতিয়ালৈকে শাস্তি প্ৰদান নকৰে, সেই পৰ্যন্ত নেছ’ৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাইজ ক্ষান্ত নহয়।”

উত্তৰ–পূৰ্বাঞ্চলত আমি শান্তি বিচাৰো বুলি কৈ ভট্টাচাৰ্যই কয়, ‘‘নগালেণ্ডৰ মন জিলাৰ ওটিং বস্তিত খিলঞ্জীয়া মানুহক কেন্দ্ৰৰ নিৰাপত্তা বাহিনীয়ে কৰা হত্যাকাণ্ডৰ প্ৰতিবাদত সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলজুৰি প্ৰতিবাদ হ’ব।

এই কথা আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছো।

এই ঘটনাত যিসকল নিৰীহই প্ৰাণ হেৰুৱালে তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আহতসকলৰ আশু আৰোগ্য কামনা কৰে সমুজ্জল ভট্টাচাৰ্যই।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd