• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , January 23, 2021 7:22 am

2 min read

IMG-20210122-WA0032

টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচিত আছুৰ প্ৰাৰ্থীসকল। ফটো: নৰ্থইষ্ট নাও।

153
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিস্থান টীয়ক  চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সকলো পদতে  আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰিছে।

শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হোৱা উক্ত জয়ে মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভা খনক একেৰাহে চতুৰ্থ বাৰলৈ আছুৰ দখললৈ নিয়ে।

নিৰ্বাচনত সভাপতি হিচাপে অভিশেষ মহন্ত, সাধাৰণ সম্পাদক বিশ্বজ্যোতি বৰা, উপ-সভাপতি সুৰভী বৰা, সহকাৰী সাধাৰণ সম্পাদক বিবেক প্ৰসাদ শ্বাহ, খেল বিভাগৰ সম্পাদক অচ্যুত গগৈ, সাংস্কৃতিক বিভাগৰ সম্পাদক  পাৰিজাত শইকীয়া, তৰ্ক বিভাগৰ সম্পাদক হিচাপে লিকুপন বৰা নিৰ্বাচিত হয়।

সেইদৰে, সাহিত্য বিভাগৰ সম্পাদক ৰনজিতা দত্ত, উৎসৱ বিভাগৰ সম্পাদক কৌশিক বৰুৱা, সমাজ সেৱা বিভাগৰ সম্পাদক নিতুমণি লাহন, ছাত্ৰ জিৰণি কোঠা সম্পাদক চিৰাজ হুছেইন, ছাত্ৰী জিৰণি কোঠা সম্পাদিক ভৈৰৱী ফুকন, আলোচনী বিভাগৰ সম্পাদিকা হিচাপে গিতাশ্ৰী বৰা নির্বাচিত হয়।

উল্লেখযোগ্য যে ইয়াৰে সভাপতি,খেল বিভাগৰ সম্পাদক,সাহিত্য আৰু প্ৰাচীৰ পত্ৰিকা বিভাগৰ সম্পাদক আৰু সমাজ সেৱা বিভাগৰ সম্পাদক পদৰ বাবেহে প্ৰতিদ্বন্দিতা হৈছিল। বাকী সকল পদত প্ৰাৰ্থীসকলে বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰে।

প্ৰাৰ্থী সকলে জয় লাভৰ পাছতেই মহাবিদ্যালয় প্ৰাংগনৰ শ্বহীদ বেদীত সেৱা লয় আৰু মনৰ অনুভৱ ব্যক্ত কৰে। উক্ত স্থানত  টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা কাৰ্যসূচী আগবঢ়াই নিয়ে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তই।

এই অনুষ্ঠানত উপস্থিত থাকি সম্বৰ্ধনা জনাই সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক প্ৰীতম জ্যোতি শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক ৰন্টু ভূঞা আৰু টীয়ক আছুৰ সভাপতি পাপু কলিতাই।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দীপাংকৰ বেজবৰা, উপ-সভাপতি ৰক্তিম হাজৰিকা, সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰা, উপ-সভাপতি আকাশ গগৈ আৰু আকাশ বৰা, মুখ্য সাংগঠনিক সম্পাদক ঋতুপৰ্ণ বৰা, কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ঋতুৰাজ গগৈ, চন্দন দত্ত আৰু মহাবিদ্যালয় আছু গোটৰ সভাপতি অভিশেষ দত্ত আৰু সাধাৰণ সম্পাদক ৰক্তিম বুঢ়াগোহাঁই প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰী সকল।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দ্বীপ দত্তই সকলো নিৰ্বাচিত বিষয়ববীয়ালৈ অভিনন্দন আৰু শুভেচ্ছা জনাইছে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd