• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য নিৰ্বাচন; অগপত যোগদান কৰিব কেশৱ মহন্তৰ ভায়েক, আছু নেতা মণিমাধৱ মহন্তই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2019 6:56 am
ManiMadhab Mahanta

এখন সভাত মণিমাধৱ মহন্তক ভাষণ দি থকা দেখা গৈছে। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে অহা ১০ মাৰ্চত আঞ্চলিক দল অগপত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ নেতা মণিমাধৱ মহন্তই। ছাত্ৰ সংগঠনটোত বৰ্তমান উপ-সভাপতি পদত থকা মণিমাধৱ অগপৰ কাৰ্য্যনিৰ্বাহক সভাপতি কেশৱ মহন্তৰ ভায়েক।
তেওঁ আজি বা কাইলৈৰ ভিতৰতে ছাত্ৰ সংগঠনটো এৰাৰ কথা। তাৰ পিছতে ১০ মাৰ্চৰ দিনা যোৰহাটৰ এটা অনুষ্ঠানত  আঞ্চলিক দলটোত যোগদান কৰিব মহন্তই।
এটা নিৰ্ভৰযোগ্য সূত্ৰমতে, মণিমাধৱ মহন্তক কলিয়াবৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ গুণা-গঁথা চলিছে অগপ দলটোৰ ভিতৰত।
আনহাতে বিজেপিৰ সৈতে অগপই পুনৰ মিত্ৰতাৰ বাবে দিল্লীত গৈ মন্ত্ৰণা চলাই থকা নেতাসকলৰ ভিতৰত কাৰ্য্যনিৰ্বাহক সভাপতি কেশৱ মহন্তও আছে, যিজন বিজেপিৰ সৈতে পুনৰ মিত্ৰতাত অতি আগ্ৰহী। কেশৱ মহন্তই নিজৰ ভায়েকৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিবৰ অংক লৈ বিজেপিৰ সৈতে মিত্ৰতাৰ পক্ষত জোৰ দি থকা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ সমষ্টিটোত এতিয়ালৈকে বিজেপিৰ শক্তিশালী প্ৰাৰ্থীৰ নাম উচ্চাৰিত হোৱা নাই। ফলত অন্তিম মুহূৰ্তলৈকে বিজেপিয়ে কলিয়াবৰকে ধৰি দুই তিনিটা সমষ্টি অগপৰ বাবে এৰি দি আনবোৰ সমষ্টিত দলটোৰ সমৰ্থনৰ আশাৰে মিত্ৰতাৰ এটা সম্ভাৱনা জীয়াই ৰখা যেন লাগে।
ইপিনে মণিমাধৱ মহন্তই অগপ দলত যোগদান কৰিবলৈ ওলোৱা খবৰত কলিয়াবৰত আঞ্চলিক দলটোৰ কৰ্মী-সমৰ্থকৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেয়েও কেশৱ মহন্তৰ স্বজনতোষণত সমষ্টিবাসীৰ বহু কৰ্মী-সমৰ্থক অসন্তুষ্ট হৈ আছে। কলিয়াবৰ সমষ্টিত বিভিন্ন কামৰ ঠিকা কেশৱ মহন্তৰ আন এজন ভায়েক কৃষ্ণ মহন্তইহে লাভ কৰে বুলি অভিযোগ উঠি আহিছে।
এইবাৰ আনজন ভায়েক মণিমাধৱ মহন্তক ৰাজনীতিলৈ অনাৰ বাট সুগম কৰি লোৱা দেখি কেশৱ মহন্তৰ পৰিয়ালকেন্দ্ৰিকতা সন্দৰ্ভত স্বাভাৱিকতে বু-বু-বা-বা চলিছে।
Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd