NORTHEAST NOW (Assamese)

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm · এন ই নাও নিউজ, গুৱাহাটী

সদৌ অসম ছাত্ৰ সন্থাই অসমৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক বিশেষ প্ৰকল্প ৰূপায়ণ কৰিছে। এই প্ৰকল্পৰ নাম হৈছে প্ৰত্যাশা। ইয়াৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ পৰীক্ষাৰ্থীসকললৈ ৫০ হাজাৰ টকাৰ এককালীন জলপানি প্ৰদান কৰা হ’ব। ছাত্ৰ সন্থাৰ মূল সপোন আৰু সংকল্প হৈছে অসমৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়াৰ সৃষ্টি কৰা আৰু ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে অধিক হাৰত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে, তাৰ বাবে এটা অনুকূল পৰিৱেশ ৰচনা কৰা।

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে জানিবলৈ দিছে যে চলিত বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ ২৫ গৰাকী পৰীক্ষাৰ্থীক পৰৱৰ্তী মূল পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতি চলাবৰ বাবে ছাত্ৰ সন্থাই এই আৰ্থিক সাহায্য আগবঢ়াব। এই জলপানি লাভ কৰিবৰ বাবে আগ্ৰহী পৰীক্ষাৰ্থীসকলে ছাত্ৰ সন্থাৰ আধিকাৰিক ৱেবছাইটলৈ গৈ আবেদন কৰিব লাগিব। এই আবেদন প্ৰক্ৰিয়া ১৮ জুনৰ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হৈছে আৰু ই অহা ২৪ জুনৰ নিশা ১২ বজালৈকে চলি থাকিব।

ছাত্ৰ সন্থাৰ নেতৃত্বই লগতে স্পষ্ট কৰি দিয়ে যে যদি আবেদনকাৰীৰ সংখ্যা নির্ধাৰিত ২৫ গৰাকীতকৈ অধিক হয়, তেন্তে পৰীক্ষাৰ্থীসকলৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাৰ আধাৰত শীৰ্ষ ২৫ গৰাকী প্ৰাৰ্থীক বাছনি কৰা হ’ব। ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰিছে যে এই আৰ্থিক সাহাৰ্যৰ জৰিয়তে ৰাজ্যখনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে আগন্তুক পৰীক্ষাসমূহৰ বাবে উন্নতভাৱে প্ৰস্তুতি চলাবলৈ সক্ষম হ’ব।

 

Related News