• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 8:15 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুৰস্কৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ স্মৰণীয় জয়ৰ নিশাই বিশ্বকাপৰ মঞ্চত এক নতুন ইতিহাস ৰচিত হ’ল। ২০২৬ চনৰ ফুটবল বিশ্বকাপত বদলি খেলুৱৈ হিচাপে পথাৰত নামি বিশ্বকাপত অভিষেক ঘটালে নিচান ভেলুপিল্লাইয়ে। ইয়াৰ ফলত প্ৰায় ২০ বছৰৰ পাছত বিশ্বকাপৰ মঞ্চত এগৰাকী ভাৰতীয় বংশোদ্ভূত ফুটবল খেলুৱৈক দেখা পোৱা গ’ল। ইয়াৰ পূৰ্বে ২০০৬ চনৰ বিশ্বকাপত ফ্ৰান্সৰ হৈ খেলিছিল বিকাশ ধোৰাচুৱে।

কানাডাৰ ভেনকুভাৰত তুৰস্কৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনৰ ৬০ মিনিটত গ’লদাতা নেষ্টৰি ইৰানকুন্দাৰ স্থানত পথাৰত নামে নিচান। সেই মুহূৰ্ততেই বিশ্বকাপৰ ইতিহাসত নিজৰ নাম খোদিত কৰে ২৫ বছৰীয়া এইগৰাকী ফুটবলাৰে। নিচানৰ পিতৃ শ্ৰীলংকাৰ তামিল মূলৰ আৰু মাতৃ এগৰাকী এংলো-ইণ্ডিয়ান। অষ্ট্ৰেলিয়াৰ ঘৰুৱা ফুটবলত তেওঁ বহুদিন ধৰিয়েই এক চিনাকি নাম।

Apply Now

২০২১ চনত মেলবৰ্ণ ভিক্টৰীৰ মূল দলত স্থান পোৱাৰ পাছত তেওঁ আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। বৰ্তমানলৈকে ক্লাবটোৰ হৈ ১৩৮ খন মেচ খেলি নিচানে ২৫ টা গ’ল কৰাৰ লগতে ১৪ টা এচিষ্ট কৰিছে। ২০২১-২২ বৰ্ষত তেওঁ দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল আৰু সেই বছৰেই তেওঁ ইয়ং প্লেয়াৰ অৱ দ্য ইয়েৰ বঁটা লাভ কৰিছিল। আনহাতে, ২০২৪-২৫ বৰ্ষত ১২ টা গ’ল আৰু ৯ টা এচিষ্টেৰে তেওঁ ভিক্টৰী গ’ল্ডেন বুট ২০২৫ বঁটাও আঁজুৰি আনিবলৈ সক্ষম হয়।

২০২৪ চনত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় দললৈ নিচানে আমন্ত্ৰণ লাভ কৰে। বিশ্বকাপৰ বাছনি পৰ্বত চীনৰ বিৰুদ্ধে খেলা অভিষেক মেচখনতেই বদলি হিচাপে নামি তেওঁ গ’ল কৰিবলৈ সক্ষম হৈছিল। এতিয়ালৈকে অষ্ট্ৰেলিয়াৰ হৈ ৮ খন মেচ খেলি তেওঁ ৩ টা গ’ল আৰু ১ টা এচিষ্ট কৰিছে আৰু এই আটাইকেইটা গ’ল আহিছে বিশ্বকাপৰ বাছনি পৰ্বত। এই ধাৰাবাহিক প্ৰদৰ্শনৰ বাবেই প্ৰশিক্ষক টনী পোপোভিচে তেওঁক বিশ্বকাপৰ ২৬ জনীয়া চূড়ান্ত দলত স্থান দিয়ে।

মেচখনত আৰম্ভণিৰে পৰাই অষ্ট্ৰেলিয়াই আত্মবিশ্বাসী ফুটবল খেলিছিল। প্ৰথমাৰ্ধৰ ২৭ মিনিটত এক প্ৰত্যাক্ৰমণৰ পৰা নেষ্টৰি ইৰানকুন্দাই এটা সুন্দৰ গ’ল দি দলটোক আগুৱাই নিয়ে। তুৰস্কই গ’ল পৰিশোধ কৰিবলৈ চেষ্টা কৰিছিল যদিও অষ্ট্ৰেলিয়াৰ ৰক্ষণভাগ আৰু যুৱ গ’লৰক্ষক পেট্ৰিক বিচৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে সেয়া সম্ভৱ নহ’ল। মেচৰ ৭৫ মিনিটত কনৰ মেটকাফে বক্সৰ বাহিৰৰ পৰা এক জোৰদাৰ শ্বটেৰে দ্বিতীয়টো গ’ল দি অষ্ট্ৰেলিয়াৰ ২-০ ব্যৱধানৰ জয় নিশ্চিত কৰে।

মেচখনত নিচানে পথাৰত নমাৰ পাছত আক্ৰমণতকৈ ৰক্ষণভাগৰ দায়িত্বহে বেছিকৈ পালন কৰে। তথাপিও বিশ্বকাপৰ মঞ্চত তেওঁৰ এই অভিষেক ভাৰতীয় মূলৰ ফুটবলপ্ৰেমীসকলৰ বাবে এক অতি বিশেষ মুহূৰ্ত হৈ ৰ’ব। প্ৰায় দুটা দশকৰ অন্তত বিশ্বকাপত পুনৰ এগৰাকী ভাৰতীয় শিপাৰ খেলুৱৈৰ উপস্থিতি দেখা গ’ল আৰু নিচান ভেলুপিল্লাই এই গৌৰৱোজ্জ্বল ইতিহাসৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd