• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা এন আৰ চিৰ সমগ্ৰ ব্যৱস্থাটোৰ বিশেষ নিৰীক্ষণৰ প্ৰয়োজন : আছু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2018 1:47 pm
Lurinjyoti

আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকাশ পোৱা এন আৰ চিৰ খচৰাত বিদেশীৰ নাম অন্তৰ্ভুক্তিৰ বাতৰিৰ পাছত এন আৰ চিৰ প্ৰস্তুতৰ লগত বিদেশী জড়িত হোৱাৰ কথা পোহৰলৈ অহাত সমগ্ৰ প্ৰক্ৰিয়াটোত উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰীক্ষণ হোৱাটো বিচাৰিছে আছুৱে।

মৰিগাঁৱত এন আৰ চি প্ৰস্তুত কৰা কাৰ্যত বিদেশী ন্যায়াধিকৰণ, উচ্চ ন্যায়ালয়ে বিদেশী বুলি ৰায় দিয়া ব্যক্তিক নিয়োজিত কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত অন্যান্য জিলাতো এনে হোৱাৰ সন্দেহৰ অৱতাৰণা হৈছে।

Apply Now

উল্লেখযোগ্য যে মৰিগাঁৱৰ খাইৰুল ইছলাম নামৰ বিদেশী ঘোষিত কৰ্মচাৰী এন আৰ চিৰ সেৱা কেন্দ্ৰৰ দায়িত্বত আছিল। সন্দেহযুক্ত নাগৰিকৰ প্ৰব্ৰজন ঘটা কেইবাখনো জিলাত খচৰা এন আৰ চিত নাম সামান্য পৰিমাণেহে বাদ পৰাত পক্ষপাতিত্বৰে নাম সন্নিৱিষ্ট কৰাৰ অভিযোগ উঠিছিল।

এনে কাৰণতে বিদেশীক ভাৰতীয় সজাবলৈ সুযোগ দি বিদেশীক এন আৰ চিৰ কামত নিয়োজিত কৰাৰ সুযোগ দিয়াৰ দৰে কাৰ্য আন জিলাতো হ’ব পাৰে বুলি আছুৱে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, মৰিগাঁৱৰ ঘটনা এটা উদাহৰণহে বুলি সদৰী কৰি আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে এনে ঘটনা আন জিলাতো হ’ব পাৰে। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া তদাৰক কৰি থকা উচ্চতম ন্যায়ালয়ৰ ওপৰত অসমৰ ৰাইজ আৰু আছুৰ আস্থা আছে বুলি উল্লেখ কৰি লুৰীণজ্যোতিয়ে কয় যে বিদেশীকো এন আৰ চিৰ কামত জড়িত থকাৰ কথা সংবাদ মাধ্যমেহে উদঙালে।

বিদেশী মুক্ত অসমৰ বাবে এন আৰ চি প্ৰস্তুত কৰা কাৰ্যত যদি বিদেশী জড়িত হৈ পৰে, তেন্তে কেনেদৰে মূল লক্ষ্যত উপনীত হ’ব পৰা যাব বুলি তেওঁ প্ৰশ্ন কৰে।গগৈয়ে আৰু কয় যে বিদেশী মুক্ত এন আৰ চিয়ে অসমৰ বাবে শেষ উপায় বুলি গণ্য হোৱাৰ সময়তে এন আৰ চিৰ কামত বিদেশী নাগৰিক নিয়োজিত হোৱাটো এটা ভয়ংকৰ ঘটনা।

চৰকাৰৰ গাফিলতিৰ কথা উল্লেখ কৰি আছুৰ সাধাৰণ সম্পাদকজনে সমগ্ৰ ব্যৱস্থাটোৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰীক্ষণৰ প্ৰয়োজনৰ কথা দোহাৰে। আন জিলাৰ ক্ষেত্ৰতো এন আৰ চিৰ খচৰাতে নহয়, নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰকৃত পৰিচয় সম্পৰ্কতো পুংখানুপুংখভাৱে চৰকাৰে পৰীক্ষণ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক বিশেষ নিৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ লুৰীণজ্যোতিয়ে আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd