• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ ডিচেম্বৰৰ উত্তৰ-পূব বন্ধ স্বতঃস্ফূৰ্ত কৰিবলৈ অসমৰ ৰাইজক আহ্বান আছুৰ

“আমি মূল সুঁতিতে আছো, কেন্দ্ৰীয় চৰকাৰহে “কেব” আনি মূল সুঁতিৰ পৰা আঁতৰি গৈছে”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 7, 2019 11:09 pm
AASU_NESO-PMT
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১০ ডিচেম্বৰত নেছ’ই আহ্বান জনোৱা উত্তৰ-পূব বন্ধ স্বতঃস্ফূৰ্ত কৰি তুলিবলৈ অসমবাসীক আহ্বান জনাইছে আছুৱে।

আজি অসমৰ শীৰ্ষস্থানীয় ছাত্ৰ সংগঠনটোৰ নেতাসকলে দিয়া এখন সংবাদমেলত সভাপতি দীপাংক নাথৰ অসমৰ ৰাইজলৈ আহ্বান, “এই বন্ধৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাই সমৰ্থন জনাইছে। বিলৰ প্ৰতিবাদত সকলো ৰাইজে অহা ১০ ডিচেম্বৰত স্বতঃস্ফূৰ্ত বন্ধ পালন কৰিব লাগে।”

Apply Now

তাৰোপৰি সংগঠনটোৱে নাগৰিকত্ব বিধেয়ক বিৰোধী আন্দোলন অধিক তীব্ৰতৰ কৰাৰ কথা ঘোষণা কৰে।

ঘোষিত কাৰ্য্যসূচী অনুসৰি কাইলৈ ৰাজ্যজুৰি জোঁৰ সমদল ৰূপায়ণ কৰিব ছাত্ৰ সংগঠনটোৱে। ৯ ডিচেম্বৰত বিল উত্থাপন হোৱাৰ সময়ত বিলৰ প্ৰতিলিপি সমগ্ৰ অসমতে দাহ কৰা হ’ব।

আছুৰ চহিদ দিৱস ১০ ডিচেম্বৰৰ দিনটোত পুৱা গাঁৱে-ভুঞে থকা চহিদৰ বেদীত মাল্যাৰ্পণ আৰু সন্ধ্যা বেদীত বন্তি প্ৰজ্বলন কৰিব ছাত্ৰ সন্থাৰ কাৰ্য্যকৰ্তাই।

সংবাদমেলত সংগঠনটোৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই বাংলাদেশীৰ ওচৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব বিচৰা নাই বাবেই “কেব”ৰ বিৰুদ্ধে আন্দোলন কৰি যাব বুলি স্পষ্ট কৰি দিছে।

“কেব”-বিৰোধী আন্দোলনকাৰীক কেন্দ্ৰীয় চৰকাৰে মূলসুঁতিলৈ  ঘূৰি আহিবলৈ আহ্বান জনোৱাৰ প্ৰসংগটোত ভট্টাচাৰ্য্যই উভতি ধৰি কয়, “আমি ৬ বছৰীয়া অহিংস আন্দোলন কৰি থকাৰে পৰা এতিয়ালৈকে অহিংস নীতিৰে আন্দোলন কৰি মূলসুঁতিত আছো। কেন্দ্ৰীয় চৰকাৰেহে “কেব” আনি চুক্তিক নস্যাৎ কৰি মূলসুঁতিৰ পৰা আতৰি গৈছে।”

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব আৰু অসমৰ ৰাইজক উচটনি দিছে বুলিও আছুৰ উপদেষ্টাগৰাকীৰ মন্তব্য।

মুখ্য মন্ত্ৰীকে ধৰি অসম আন্দোলন তথা আছুৰ প্ৰাক্তন নেতাসকলক কটাক্ষ কৰি ভট্টাচাৰ্য্যই কয়, “আমাৰ ৮৬০গৰাকী চহিদ হৈছিল, গুলীবিদ্ধ হৈ পংগু হৈছিল, আই-ভগ্নীক ধৰ্ষণ কৰা হৈছিল। নাপাহৰো আমি। ৰাজনৈতিক নেতাসকলে বাংলাদেশী ভোটৰ আশাত পাহৰিব পাৰে, কিন্তু আমি নাপাহৰো।”

তেওঁ কেন্দ্ৰীয় চৰকাৰে ভোটবেংকৰ স্বাৰ্থত কেব গৃহীত কৰিবলৈ ওলোৱা বুলি মন্তব্য কৰে।

“বিজেপি চৰকাৰে একমাত্ৰ অবৈধ ভোটবেংকৰ স্বাৰ্থত অসম চুক্তি উলংঘা কৰি খিলঞ্জীয়া বিৰোধী, সাম্প্ৰদায়িক, অসংবিধানিক “কেব” জাপি দিব বিচাৰিছে। এই কথা মানি নলওঁ। “কেব”ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন চলিছিল আৰু চলিব।‘ তেওঁ কয়।

ইপিনে, বিজেপি চৰকাৰ আৰু বিজেপি সমৰ্থিত সংগঠনে ১৯৭১-ৰ সলনি ১৯৫১ চন ভিত্তিবৰ্ষ কৰিব বিচাৰি এক বিতৰ্কৰ সূচনা কৰিছে বুলি মন্তব্য কৰে ভট্টাচাৰ্য্যই।

‘৫১ নহ’ল, ‘৭১ হ’ল বুলি বিতৰ্ক কৰিব বিচাৰিছে। এতিয়া আচল ৰহস্যটো ওলাই পৰিল যে বিজেপি চৰকাৰে ২০১৪ চনলৈকে অহা বিদেশীক নাগৰিকত্ব দিব বিচাৰিছে। কংগ্ৰেছে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ আইএমডিটি জাপি দিছিল, বিজেপিয়ে কেব জাপি দিছে। দুয়োটা দলকে বাংলাদেশীৰ ভোট লাগে”, ভট্টাচাৰ্য্যই কয়।

“কেব”ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ মাজত বিভাজন কৰিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ তোলে ভট্টাচাৰ্য্যই।

“ইনাৰ লাইন পাৰ্মিট থকা আৰু ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত এলেকা কেবৰ পৰা বাদ দিব, মানে সেই অঞ্চলৰ বাবে কেব বেয়া। কিন্তু বাকী অঞ্চলৰ বাবে কেব কেনেকৈ ভাল হ’ল? কাৰ্বি আংলং, ডিমা হাছাও, বি টি এ ডি আৰু চাৰিখন জিলাক বাদ কৰি এই কেবখন কিয় প্ৰযোজ্য হ’ব? এইকেইটা অঞ্চলৰ বাবে “কেব”খন বেয়া আৰু বাকী অঞ্চলৰ বাবে কেনেকৈ ভাল হ’ল?”, ভট্টাচাৰ্য্যৰ প্ৰশ্ন।

সংবাদমেলত সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈও উপস্থিত আছিল আৰু তেৱোঁ “কেব”ৰ বিৰুদ্ধে ওলাই আহিবলৈ সকলোকে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd