নতুন শিক্ষা নীতি বিতৰ্ক : চালি-জাৰি চাইহে মত দিব আছুৱে
মোদী চৰকাৰ-২ অহাৰ পিছতে দেশজুৰি সমালোচনাৰ ঢৌ সৃষ্টি কৰা নতুন শিক্ষা নীতিৰ খচৰাক লৈ নিজৰ পৰ্য্যালোচনা-ভিত্তিক মতামত আগ বঢ়োৱাৰ সিদ্ধান্ত লৈছে সদৌ অসম ছাত্ৰ সন্থাই।
দেশৰ আগশাৰীৰ বিজ্ঞানী ড০ কস্তুৰীৰঞ্জনৰ নেতৃত্বত প্ৰস্তুত হোৱা নতুন শিক্ষা নীতিৰ খচৰাত থকা কথাবোৰ চালি-জাৰি চাব বুলি সোমবাৰে গুৱাহাটীৰ জিলা পুথিভৰাল প্ৰেক্ষাগৃহত আয়োজিত “বিশেষ অভিনন্দন অনুষ্ঠান”ত প্ৰসংগ ক্ৰমে জানিবলৈ দিলে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে।
“এই শিক্ষানীতিত আমাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অপ্ৰয়োজনীয় কথা যদি আছে সেই বিষয়ত শিক্ষাবিদসকলৰ লগত কথা পাতি আমাৰ মত আগ বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো”, ছাত্ৰ সংগঠনটোৰ সভাপতিজনৰ মন্তব্য।
ইয়াত বহুতো নতুন কথা থকা বাবে পোনচাটেই ইয়াক গ্ৰহণ কৰিবলৈ টান পোৱা বুলি উল্লেখ কৰি এই সন্দৰ্ভত “পৰ্য্যালোচনাৰ প্ৰয়োজন আছে” বুলি তেওঁ কয়।
ইপিনে, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰৱৰ্তনৰ বাবে চিন্তা-চৰ্চা কৰি থকা Choice Based Credit System (CBCS) পদ্ধতিক আঁসোৱাহপূৰ্ণ বুলি দাবী কৰে আছুৰ সভাপতিগৰাকীয়ে। এই পদ্ধতি গুৱাহাটীৰ দৰে ঠাইৰ মহাবিদ্যালয়ৰ বাবে সম্ভৱ যদিও কাৰ্বি-আংলং, ডিমা হাচাও আদিৰ দৰে পিছপৰা জিলাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে।
অৱশ্যে, একেটা অনুষ্ঠানতে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অলক কুমাৰ বুঢ়াগোহাঁয়ে একপ্ৰকাৰ সমৰ্থন জনায় এই নতুন শিক্ষানীতিক। এই খচৰাক দেশখনে পৰিৱৰ্তনৰ লগত যে খাপ খাব বিচাৰে, তাৰেই এক প্ৰমাণ বুলি অভিহিত কৰে।
“যুগ সলনি হৈছে, সময় সলনি হৈছে, গোটেই পৃথিৱীত অভাৱনীয়ভাৱে জ্ঞানৰ বিস্ফোৰণ ঘটিছে। ইয়াৰ লগত আৰু এটা সংযোজন হৈছে সেয়া হৈছে প্ৰযুক্তি। এই পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আমাৰ শিক্ষা ব্যৱস্থাই কেনে ধৰণে গতি লোৱাৰ প্ৰয়োজনীয়তা আছে সেই সন্দৰ্ভত আমাৰ নীতি-নিৰ্দেশনা সমূহৰ সময়ে সময়ে সলনি কৰি থকাৰ প্ৰয়োজনীয়তা আছে”, প্ৰাক্তন উপাচাৰ্য্যজনে কয়।
ড০ বুঢ়াগোহাঁইয়ে এই খচৰাখন নিজে সম্পূৰ্ণকৈ পঢ়া নাই বুলি উল্লেখ কৰি তেওঁ পঢ়ি চোৱা আৰম্ভণিৰ কেইটামান পৃষ্ঠাত থকা বিভিন্ন নীতি সম্পৰ্কে বক্তব্য ৰাখে। ইয়াৰ ভিতৰত খচৰাখনৰ পাতনিত ইউনেস্ক’ৰ শিক্ষা সম্পৰ্কীয় নীতিক ইয়াত অগ্ৰাধিকাৰ দিয়াৰ কথা তেওঁ ভাষণত উল্লেখ কৰে।
ছাত্ৰ সংগঠনটোৱে আজি গুৱাহাটীৰ জিলা পুথিভৰাল প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভৰ সৈতে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰিছিল।